অনুভৱৰ তুলিকাত সৰু গছৰ পাত এখিলাও কথা ক’ব পৰাকৈ জীৱন্ত হৈ উঠে , নৈ এখনেও সুৰৰ জন্ম দিব পাৰে, এজাক বতাহেও সুদূৰৰ বতৰা কঢ়িয়াই আনিব পাৰে । অৱশ্যে এই কথাৰ উমান ল’বলৈ প্ৰয়োজন হয় এটি অনুভৱী মনৰ । এই অনুভৱৰ অংকুৰিত পথাৰখনলৈ প্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৷ ছাত্ৰ-ছাত্ৰীৰ হৃদয়ৰ অনুভৱৰ বীজবোৰ অংকুৰিত হ’বলৈ আমাৰ এই ই-আলোচনী অংকুৰণৰ জন্ম ৷ আশা কৰোঁ এই অংকুৰিত গজালিবোৰ এদিন পৈণত হ’ব বা পৈণত হ’ব ছাত্ৰ-ছাত্ৰীৰ অনুভৱৰ ৰূপবোৰ ৷ অনাগত দিনত অংকুৰণৰ ভেটি সুদৃঢ় হ’ব আৰু সাহিত্যৰ পথাৰলৈ লৈ আহিব নতুনত্বৰ পোহৰ, এখন চিৰসেউজ পৃথিৱী।
বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰ তথা চমুকৈ ক’বলৈ গ’লে বিশ্বায়ন বা গোলকীকৰণৰ পৰিণতি হিচাপে অসমীয়া ভাষাত এই শতিকাত বৈদ্যুতিন বা ই-আলোচনী (E-magazine)ৰ প্ৰকাশ ঘটিছে । বিজ্ঞান আৰু ই-প্ৰযুক্তিৰ প্ৰসাৰে জন্ম দিয়া এই আলোচনীবোৰে অসমীয়া ভাষা-সাহিত্যৰ সমৃদ্ধি, প্ৰচাৰ আৰু প্ৰসাৰতো সহায় কৰিছে। এনে কাৰণতে মুদ্ৰিত আলোচনীৰ উপৰিও অসমীয়া বৈদ্যুতিন আলোচনীসমূহক আলোচনাৰ মাজলৈ অনা প্ৰয়োজন বুলি ক’ব পাৰি । বহুতে ক’ব বিচাৰে যে, অসমীয়া ভাষাত প্ৰকাশিত এই বৈদ্যুতিন আলোচনীসমূহে অসমীয়া ভাষা-সাহিত্যৰ জগতত এক ‘ই-জোনাকী যুগ’ৰ সূচনা কৰিছে। অসমীয়া ই-সাহিত্য (E-literature)ৰ বিকাশত ই-আলোচনীৰ ভূমিকা গুৰুত্বপূৰ্ণ ৷ তথ্য-প্ৰযুক্তিৰ বহল প্ৰসাৰে পৃথিৱীখন এখন গোলকীয় গাঁৱত পৰিণত কৰিছে। আজিৰ প্ৰতিযোগিতামুখৰ পৃথিৱীখনত ভাষা এটাৰ স্বকীয় চিনাকিৰ বাবে ইণ্টাৰনেটত ভাষাটোক উপস্থাপন কৰাটো সময়ৰ আহ্বান বুলিব পাৰি। ই-পৃথিৱীখনত পৰ্যাপ্ত আধিপত্য নাথাকিলে ভাষা এটা জীয়াই থকাটো বা এক বিশ্বজনীন চিনাকি লাভ কৰাটো বৰ্তমান কঠিন হৈ পৰিছে বুলিব পাৰি। আজিৰ পৃথিৱীখনত ভাষা এটাক জীয়াই ৰাখিবলৈ তথা এক বিশ্বজনীন চিনাকি লাভ কৰিবলৈ ইণ্টাৰনেট জগতত নিজৰ এক স্থান ৰাখিব লাগিব। এনে উপলব্ধিৰ ফলতেই বিভিন্ন অসমীয়া ই-আলোচনীৰ জন্ম হৈছে। উপযুক্ত প্ৰচাৰ-প্ৰসাৰৰ অভাৱৰ বাবে ইতিমধ্যে বহুবোৰ ভাষাৰ মৃত্যু হৈছে। এই ক্ষেত্ৰত ‘ইউনিক’ড’ নামৰ এক কাৰিকৰী মানক ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ যোগেদি বিভিন্ন আঞ্চলিক ভাষাসমূহে ই-বিশ্বৰ পৃথিৱীখনত নিজৰ স্থিতি আৰু স্বকীয়তা প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে। ই-বিশ্বত অসমীয়া ভাষা-সাহিত্যক তুলি ধৰাৰ ক্ষেত্ৰত অসমীয়া ই-আলোচনী বা বৈদ্যুতিন আলোচনীসমূহৰ অৱদান বিচাৰ কৰিবলগীয়া। এই বিশ্বায়ন বা গোলকীকৰণৰ যুগৰ লগত খোঁজত খোঁজ মিলাই থং নক্বে মহাবিদ্যালয়ৰ অসমীয়া বিভাগে “অংকুৰণ’ নামৰ ই-আলোচনীখনৰ জৰিয়তে ছাত্ৰছাত্ৰীসকলক এখন সাহিত্য চৰ্চাৰ মঞ্চ দিব বিচাৰিছোঁ ৷
কাৰ্বি পাহাৰৰ সেউজীয়া মনোমোহা প্ৰকৃতিৰ বুকুত অৱস্থিত ঐতিহ্যমণ্ডিত থং নক্বে মহাবিদ্যালয়ৰ অসমীয়া বিভাগে প্ৰতিষ্ঠা বৰ্ষৰে পৰা ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক তথা বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে যথেষ্ট কাম কৰি আহিছে । এই ক্ষেত্ৰত ১৯৮৬ চনৰ পৰা অসমীয়া বিভাগৰ প্ৰতিগৰাকী শিক্ষক আৰু বিভাগৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰে যথেষ্ট অৱদান আছে । অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাঙ্গীন উন্নতিৰ হকে আন্তৰিকতাৰে তথা নিঃস্বাৰ্থভাৱে কাম কৰি যোৱা অন্যতম এগৰাকী ব্যক্তি হৈছে অসমীয়া বিভাগৰ বৰ্তমানৰ মুৰব্বী অধ্যাপিকা ৰুমী শইকীয়া বাইদেউ । বাইদেউৰ তত্বাৱধানত আৰু মহাবিদালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ ধঞ্জয় নাৰ্জাৰী মহোদয়ৰ আন্তৰিক সহযোগিতাত জন্ম লাভ কৰিবলৈ সক্ষম হয় অসমীয়া বিভাগৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যক ই-আলোচনী অংকুৰণ । আলোচনীখনত আছে গল্প, কবিতা, বিভিন্ন বিষয়ক প্ৰৱন্ধ, হাতে অঁকা ছবি, কুইজ, ফটোগ্ৰাফী ইত্যাদি । এই ই-আলোচনীখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ তথা পঢ়ূৱৈসকলৰ অনুভৱৰ পথাৰখনত ভাষা, সাহিত্য আৰু কলা-সংস্কৃতিৰ বীজ অংকুৰিত হ’ব বুলি আমি আশা ৰাখিছোঁ৷ অংকুৰণ প্ৰকাশৰ ক্ষেত্ৰত আমাক সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়োৱা থং নক্বে মহাবিদ্যালয়ৰ অধ্যক্ষ শ্ৰদ্ধাৰ ধঞ্জয় নাৰ্জাৰী ছাৰলৈ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ । ছাৰে মহাবিদ্যালয় তথা ছাত্ৰ-ছাত্ৰীসকলৰ উন্নতিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত সদায় আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই আহিছে । ছাৰৰ দিহা পৰামৰ্শৰ অবিহনে এয়া কেতিয়াও সম্ভৱ হৈ নুঠিলহেঁতেন । এই আলোচনীখনৰ প্ৰকাশৰ ক্ষেত্ৰত আমাক আন্তৰিকতাৰে সহযোগিতা আগবঢ়োৱা উপদেষ্টামণ্ডলী তথা থং নক্বে মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাননীয় প্ৰবীন কুমাৰ মহন্ত ছাৰ আৰু নোমল চন্দ্ৰ ফখৰাৰী ছাৰ, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ মাননীয়া অঞ্জলি মেধি বাইদেউ, অৱসৰপ্ৰাপ্ত অসমীয়া বিভাগৰ মুৰব্বী মাননীয় ভবেন কোচ ছাৰ, অৱসৰপ্ৰাপ্ত ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী মাননীয় প্ৰেমানন্দ মুছাহাৰী ছাৰকে মূখ্য কৰি বিভিন্ন বিষয়ক লেখা আগবঢ়াই আলোচনীখন সমৃদ্ধ কৰাত সহায় আগবঢ়োৱা বিভাগৰ সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে অংকুৰণৰ সমূহ শুভাকাংক্ষীলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ । অসমীয়া বিভাগৰ এই নতুন সংযোজনে পাঠকৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞানৰ জগতখনক আৰু অধিক সমৃদ্ধ কৰি এক নতুন চিন্তাধাৰা প্ৰৱাহিত কৰিব বুলি আমি আশাবাদী আৰু তাতেই আমাৰ এই ক্ষুদ্ৰ প্ৰয়াসৰ সাৰ্থকতা৷
সদৌ শেষত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষাৰে ‘পৃথিৱীৰ ক’তো বিচাৰি নোপোৱা’ অসমৰ সুৱদী মাত, আমাৰ অসমীয়া ভাষাটো সুন্দৰৰ সৰু-বৰ আলিয়েদি গৈ পাওঁক বিশ্ব দৰবাৰ । ই-জোনাকী যুগৰ এই সোণালী দিনত জয় হওঁক সাহিত্যৰ, অসমীয়া সাহিত্যৰ সৌৰভে দেশ-বিদেশৰ সীমা চেৰাই যাওঁক।
জাতিয়ে সাহিত্য গঢ়ে । সাহিত্যই জাতিৰ প্ৰতিফলন ঘটায় । গতিকে অসমীয়া জাতিৰ উন্নিতকৰণৰ ক্ষেত্ৰত আমাৰ ই-আলোচনী অংকুৰণেও কিঞ্চিত পৰিমাণে হ’লেও অৱদান আগৱঢ়াব বুলি আমি আশাবাদী৷
ববী কলিতা, মণিকংকনা কোচ