Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

গল্প

পূজাৰ কাপোৰ

উৎসৱ বুলি কোৱাৰ লগে লগে মনটো হেঁপাহ আৰু আনন্দৰে ভৰি পৰে।হেঁপাহ আৰু আনন্দৰ আন এটি নামেই হৈছে দুৰ্গা পূজা । দুৰ্গা পূজা কাষ চাপি অহাৰ লগে লগে মনটো আনন্দত ভৰি পৰিল। নতুন নতুন কাপোৰ, বিভিন্ন আ- অলংকাৰেৰে দোকানবোৰ সজাই তোলা হৈছে। পূজা বুলি বজাৰত অত্যন্ত ভিৰ লাগিছে । সকলোৱে নতুন কাপোৰ কিনিছে। সেইদিনা প্ৰেৰণা মাকৰ লগত বজাৰলৈ গৈছিল কিন্তু তাইৰ নতুন কাপোৰৰ প্ৰতি অকণো গুৰুত্ব নাই। তাই মাকক ক’লে, মোৰ বহুতো কাপোৰ আছে আৰু নতুনকৈ কাপোৰ নালাগে,মা! ছোৱালীজনীৰ কথা শুনি মাকে কাপোৰ নিকিনিলে আৰু ঘৰলৈ গুছি আহিলে। পিছদিনা প্ৰেৰণা স্কুললৈ যাবলৈ উলাইছিল, বাটতে তাই দেখিলে যে তাৰে সমান ল’ৰা এজন লগতে সৰু ছোৱালী এজনীৰ সৈতে ৰাস্তাই ৰাস্তাই ভিক্ষা খুজিছে। সিহঁত দুয়োৱে কেনেবাকৈ শৰীৰটো ঢাক খাব পৰাকে ফটা কাপোৰজোৰ পিন্ধি আছে। সেই দেখি প্ৰেৰণাৰ বৰ দুখ লাগে, তাই স্কুলৰ পৰা উভতি আহি সকলো কথা ঘৰত ক’লে আৰু মাকক ক’লে যে- মা, তুমি মোক পূজাৰ বাবে কাপোৰ কিনি দিয়াৰ সলনি যদি অসহায় আৰু দৰিদ্ৰ লোকৰ বাবে কিছু সহায় কৰিব পাৰিলেহেতেন মোৰ বৰ ভাল লাগিল হয়।ছোৱালীজনীৰ কথা শুনি মাকে ভাবিলে, সঁচাকৈ আমাৰ তাত বহুতো নতুন কাপোৰ আছে তথাপিও আমি আৰু নতুনকৈ ল’ব বিচাৰোঁ। কিন্তু এতিয়াও এনে কিছুমান মানুহ আছে যিসকলে এসাঁজ খাবলৈ আৰু ভাল কাপোৰ এজোৰ পিন্ধিবলৈকো কিমান পৰিশ্ৰম কৰিব লগা হয়। মাকে প্ৰেৰণাৰ সৈতে বজাৰলৈ গৈ কাপোৰ কিনি আনিলে আৰু পিছদিনা মাক- জীয়েক দুয়ো সেই লৰাটোক কিনি অনা কাপোৰজোৰ দিলে আৰু লগতে কিছু পইচাও দিলে। নতুন কাপোৰ পোৱাৰ আনন্দই তেওঁলোকৰ মুখত স্পষ্ট হৈ জিলিকিছিল । তেওঁলোকৰ আনন্দ দেখি প্ৰেৰণাৰ বৰ ভাল লাগিল আৰু তাই মাকৰ লগত আনন্দমনেৰে ঘৰলৈ উভতি আহিল ৷

নৱনীতা চাহু

প্ৰাক্তন ছাত্ৰী