Ankuran
সেইদিনা আছিল শৰতৰ কোনোবা এটা দিন..ৰাতিপুৱা শুই উঠি দেখোঁ,ৰাতিৰ শেৱালি কেইপাহিয়ে সুৱাস বিলাইমোক হাত বাউল দি মাতিছে।খিৰিকিৰে চালোঁ দুবৰি আৰু শেৱালি—যেন ৰাতিৰ ধেমালিৰ মধুৰ কথোপকথন,যাৰ শেষ যেন কেতিয়াও নহব ।অলপ আগুৱাই গ’লোঁ,দেখিলোঁ দুবৰিয়ে আলফুলে শেৱালিক বহুৱাইছে,কোমল দলিচা পাৰি,শেৱালিয়ে লগত আনিছে নিয়ৰক,তিনিওঁৰে মুখত কেৱল হাঁহি, স্ফূৰ্তি আৰু শান্তি।দুবৰিয়ে সুধিলে-“তোমাৰ মনত আছে নে-আমি যে এনেদৰে কিমান ৰাতি মধুৰ সময় পাৰ কৰিছিলোঁ ?”নিয়ৰে গধুৰ, বিষন্নতাৰে ভৰা মনেৰে ক’লে—আজিৰ এই যান্ত্ৰিক পৃথিৱীত সকলো ব্যস্ত,এবাৰ আমাক চোৱাৰো সময় কাৰো নাই,এবাৰ লগ পোৱাৰ হেঁপাহো যেন কাৰো নাই ।আমিবোৰ কেৱল এতিয়া অনাদৰ আৰুঅলাগতিয়াল হৈ পৰিছোঁ।