Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

মোৰ তোমালৈ ভালপোৱা

তোমাক প্ৰথম দেখাতে
মোৰ হৃদয়খনত ৰঙা গোলাপৰ পাহি ফুলিছিল,
তোমাৰ মিঠা হাঁহিটিত
মোৰ দুচকুত তীক্ষ্ণ আলোকৰ সৃষ্টি হৈছিল,
তোমাৰ আৰু মোৰ প্ৰথম চিনাকিত
মোৰ হৃদয়খনৰ ধপ ধপনি বাঢ়িছিল,
তোমাৰ ওঁঠত স্পৰ্শ হৈ অহা শব্দবোৰে
মোক বৰকৈ আমনি কৰিছিল,
তোমাৰ সেই জোনাক ধুনীয়া মুখখন
সদায় ৰাতি মোৰ সপোনত ভাঁহি উঠিছিল,
হয়তো মই নজনাকে
মোৰ তোমালৈ ভালপোৱা হৈছিল।

🖋️ এডবিন বসুমতাৰী