Ankuran
বৰষুণ, তুমি নামি আহাএই পৃথিৱীলৈ—পৃথিৱীৰ ধাননি, গছ, লতা, তৃণ আদিতোমাৰ বাবে যেন বাট চাই থাকে।
তুমি নামি আহিলে,ধৰাৰ বুকুত পুনৰ জীয়াই উঠেশুকান উদ্ভিদৰ নিস্তব্ধ জীৱন,নতুন আশাৰে উজলি উঠেপ্ৰকৃতিৰ প্ৰতিটো কোণ।
বৰষুণ, তুমি নামি আহা—তোমাৰ আশাতেই থাকে প্ৰাণউদ্ভিদ, জীৱ-জন্তু, সকলো জীৱ সৃষ্টিৰ।কোটি কোটি উদ্ভিদক তুমি দিয়াজীৱনৰ সেউজ দান,তোমাৰ আশাতেই এই পৃথিৱীৰ গৰিমা, এই জীৱনৰ গান।
প্ৰথম চাৱনিতে মই কিয় জানো তোমাৰ প্ৰতিআকৰ্ষিত হৈছো ।তোমাক দেখাৰ পিছত মোৰ হৃদয় পদূলিত দিনতেশেৱালী ফুৰিছেপ্ৰথম চাৱনিতে মোৰ মন আকাশ জেঠৰ সোণাৰু ফুলৰ দৰেহালধীয়া হৈ পৰিছে ।কিয় জানো তোমাৰ সেই সূৰ্যৰ দৰে উজ্বল মুখখনতৰাৰ দৰে উজ্বল দুচকু, চকুৰ ওচৰত থকা সেই মৰম লগাতিলটোৱে যেন মোক তোমাৰ প্ৰতি আৰুবেছিকৈ আকৰ্ষিত কৰিছে ।তুমি যেতিয়া ওচৰত থাকা, মোৰ বুকুখন বেছি গতিৰে ধপ্ ধপাই, বুকু ভাগৰুৱা হয় ।কি হৈছে বাৰু মোৰ ! এইয়াই নেকি প্ৰেম ! এইয়াই নেকি ভালপোৱা ! ল’বা নে মৰম ? বুজিবা নে মৰম ?প্ৰথম চাৱনিতে মই কিয় জানো তোমাৰ প্ৰতিআকৰ্ষিত হৈছো ।
প্ৰাক্তন ছাত্ৰী