Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

প্ৰথম চাৱনি

প্ৰথম চাৱনিতে মই কিয় জানো তোমাৰ প্ৰতি
আকৰ্ষি‌ত হৈছো ।
তোমাক দেখাৰ পিছত মোৰ হৃদয় পদূলিত দিনতে
শেৱালী ফুৰিছে
প্ৰথম চাৱনিতে মোৰ মন আকাশ জেঠৰ সোণাৰু ফুলৰ দৰে
হালধীয়া হৈ পৰিছে ।
কিয় জানো তোমাৰ সেই সূৰ্যৰ দৰে উজ্বল মুখখন
তৰাৰ দৰে উজ্বল দুচকু, চকুৰ ওচৰত থকা সেই মৰম লগা‌
তিলটোৱে যেন মোক তোমাৰ প্ৰতি আৰু
বেছিকৈ আকৰ্ষিত কৰিছে ।
তুমি যেতিয়া ওচৰত থাকা, মোৰ বুকুখন
বেছি গতিৰে ধপ্‌ ধপাই, বুকু ভাগৰুৱা হয় ।
কি হৈছে বাৰু মোৰ !
এইয়াই নেকি প্ৰেম ! এইয়াই নেকি ভালপোৱা !
ল’বা নে মৰম ?
বুজিবা নে মৰম ?
প্ৰথম চাৱনিতে মই কিয় জানো তোমাৰ প্ৰতি
আকৰ্ষি‌ত হৈছো ।

🖋️ ভদ্ৰেশ্বৰী বসুমতাৰী