Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

বিশ্বাস

পৃথিৱীত “বিশ্বাস” বোলা শব্দটো যে
অটুট — এই কথা সকলোৱে জানে।
যাৰ ওপৰত বিশ্বাস কৰা যায়
তেওঁক হৃদয়ত স্থান দিয়া হয়।

কিন্তু, য’ত অন্ধভাৱে বিশ্বাস জন্মে,
তাতে আঘাতো বেছি
সকলো মেৰামতি কৰিব পৰা যায়,
কিন্তু বিশ্বাস—এবাৰ ভাঙি গ’লে,
তাক জোৰা দিব নোৱাৰি ।

জীৱনৰ প্ৰকৃত সুখ তেতিয়াহে পোৱা যায়
যেতিয়া আপুনি প্ৰকৃততে শিকে—
আনতকৈ নিজক বেছি বিশ্বাস কৰিবলৈ।

মিছা কথা কৈ আৰু অন্তৰত আঘাত দি
সাৰি যাব পাৰি,
কিন্তু নেদেখা বিধাতাজনৰ চকুৰ
পৰা কোনো সাৰি যাব নোৱাৰে ৷

🖋️ জ্যোতি পাচোৱান