Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

নিষ্ঠুৰ জগত

অ’ মা ! আমি থাকিম ক’ত ?
মনুষ্যই হাবি-বননি কাটি তহিলঙ কৰিলে
অ’ মা ! আমি থাকিম ক’ত ?
নিষ্ঠুৰ প্ৰাণীয়ে স্বার্থৰ বিনে কাৰো ভাষ্য নুশুনে
অ’ মা ! আমি থাকিব পাৰিম নে তাত?
অৰণ্যত গছ -গছনি নোহোৱা হ’ল, বৰষুণ দিব ক’ত
অ’ মা ! জীয়াই থাকিম নে আমি ?
হাবিত পশু-পক্ষী নোহোৱা হ’ল মাতিব বৃষ্টি কোনে
অ’ মা ! আমি জীয়াই থাকিম নে ?
স্বার্থপৰ জীৱই হাবি কাটি সাজিছে তিনিমহলীয়া অট্টালিকা
অ’ মা ! আমি থাকিম কত ?
ধৰাত প্রকৃতি হৈ জন্ম লোৱা মহা ভুল মোৰ
অ’ মা ! আমাৰ এই ধৰাত কোনো অস্তিত্ব নাই
ব’লা আমি যাওঁগৈ এই ধৰাৰ পৰা ।

🖋️ নিবাৰম বসুমতাৰী