Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

সময়

সৃষ্টিৰ সময়ৰ
ধূলিকণা লুকা-ভাকুৰ খেল,
যত হেৰাই গল আপোনজনৰ মাজত
সেই ধুনীয়া মেল।
আজিও আছে সেই একেই ধৰণী,
সেই একেই প্রকৃতিখন,
সলনি হৈছে
কেৱল আমাৰ মন।
ঘূৰি যায় মন আজি
সেই অতীতলৈ,
শান্তিৰ বতাহ বিচাৰি
এখন্তেক জিৰাবলৈ।
বিয়াকুল আজি মন
হব খোজে মুকলি,
অতীত আৰু ভৱিষ্যতৰ মাজত
গৈ আছে উকলি।

🖋️ ঋতুপ্ৰিয়া শইকীয়া