Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

সূৰ্যমুখী

ভালপোৱা নে সূৰ্যমুখী?
যদি ভালপোৱা, মোৰ জীৱনলৈ তোমাক স্বাগতম।
বিচাৰোঁ সূৰ্যৰ দৰে পোহৰ বিলাব,
বিচাৰোঁ তোমাৰ আন্ধাৰ জগতখন উজ্বলাই তুলিব।

তুমি যদি বিচৰা, পাৰিম চাগে
সূৰ্যমুখীৰ দৰে হেঁপাহেৰে ফুলিব।
কিন্তু, কাঢ়ি নিনিবা!
মই মৰহি যাম, নিশ্বাসহীন হৈ পৰিম।

মই এজনী কন্যা,
তথাপি ফুলি থকা এপাহ ফুল।
চিঙি নি মৰম কৰাতকৈ
শিকাচোন, দূৰৰ পৰাই ভাল পাবলৈ মোক।

গোলাপ নহ’ব পাৰো,
কিন্তু মোৰ সেই হালধীয়া পাহিৰ সমান
উজ্বলতা আৰু সজীৱতা নাপাবা বিচাৰি৷

🖋️ চুচিলা স্বৰ্গীয়াৰী