Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

নাৰী

নাৰী তুমি জননী
নাৰী তুমি মমতাময়ী,
মমতাত নিমজ্জিত তোমাৰ
হৃদয়ৰ স্পন্দনত জীপাল পাই উঠে শত কত প্রাণ ।
নাৰী তুমি শতৰূপা
উৰুখা চালে কটা পানীৰ টোপাল পৰি
নুমাই যোৱা চাকিগছি
পদুলিৰ এন্ধাৰ ঠেলি,
তপত অশ্ৰুশিখাৰে তুমিয়েই উজ্বলাই তোলা।
নাৰী তুমি সহনশীলা,
তুমিয়ে শক্তি , তুমিয়ে মাতৃ,
তুমিয়ে ভগ্নী, তুমিয়ে পত্নী
নাৰী তোমাৰ মহিমা অপাৰ
তোমাৰ অবিহনে
এই সংসাৰ অসাৰ ।
নাৰী তোমাক সহস্ৰ প্ৰণাম ।।

🖋️ সুস্মিতা ৰয়

প্ৰাক্তন ছাত্ৰী