Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

প্ৰৱন্ধ

বৰপুখুৰী

             শিৱসাগৰীয়া হৈ আমি গৌৰৱান্বিত যে, অসমৰ আটাইতকৈ ডাঙৰ পুখুৰী তিনিটা আমাৰ শিৱসাগৰতে আছে। বৰপুখুৰী বুলিলে আমি পুখুৰীতকৈ ডাঙৰ পুখুৰীক বুঁজো। ৰাজকীয়ভাৱে খন্দোৱা পুখুৰী৷ এশ জন বৈদিক পুৰোহিতক ধন-সোন, দান-দক্ষিণা দি উৎসৰ্গা কৰোৱা পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। যিবিলাক পুখুৰী এশতকৈ কম বৈদিক পুৰোহিতক আনি উৎসৰ্গা কৰোৱাইছিল সেইবিলাকক পুখুৰী আখ্যা দিয়া হৈছিল। শিৱসাগৰত উপস্থিত সাগৰ সদৃশ পুখুৰী তিনিটাৰ বিষয়ে তলত চমুকৈ আলচনা কৰা হৈছে–
জয়সাগৰ বৰপুখুৰী — অসমৰ আটাইতকৈ ডাঙৰ পুখুৰীটো হল জয়সাগৰ পুখুৰী। আহোম স্বৰ্গদেৱ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ সতী জয়মতীৰ সোঁৱৰণত ১৬৯৬ খ্ৰীষ্টাব্দত এই পুখুৰীটো খন্দাইছিল। ভাৰতৰ ভিতৰত মানুহে খান্দি উলিওৱা ডাঙৰ পুখুৰীটো জয়সাগৰ পুখুৰী। এই পুখুৰীটো চাৰিওটা পাৰৰ সৈতে মুঠ ৩১৮ একৰ মাটি আৱৰি আছে । ইয়াৰে ১৫৫ একৰ এলেকা পৰিষ্কাৰ পানীৰে ভৰি আছে। জয়সাগৰ পুখুৰীৰ পৰা ৰংপুৰৰ তলাতল ঘৰলৈ পানী যোগান ধৰা হৈছিল আৰু ইয়াৰ দৈৰ্ঘ্য ২ কিলোমিটাৰমান আছিল ৷ সতী জয়মতীৰ সোৱঁৰণত ৪৫ দিনৰ ভিতৰত খান্দি উলিওৱা এই পুখুৰীটোৰ বিষয়ে প্ৰবাদ আছে যে ৰুদ্ৰসিংহই তেওঁৰ মাতৃ জয়মতীৰ সোঁৱৰনত এটা সোনৰ প্ৰতিমা সজাইছিল ৷ তেওঁ ১৬৯৭-৯৮ খ্ৰীষ্টাব্দত জয়দৌল নিৰ্মাণ কৰে। জয়সাগৰৰ জয়দৌলৰ আন এটা নাম শ্ৰীকেশৱৰায় বিষ্ণুদৌল।
শিৱসাগৰ বৰপুখুৰী–শিৱসাগৰ বৰপুখুৰীটোৰ বিশালত ১৩০ একৰ ৫২.৬হেক্টৰ ৷ পুখুৰীটো যথেষ্ট দ ৷ ইয়াৰ গভীৰতা প্ৰায় ১৯.৫ মিটাৰ৷ শিৱসাগৰ পুখুৰীটো খন্দাইছিল শিৱসিংহৰ ৰাজত্বকালত বৰকুঁৱৰী বৰৰজা অম্বিকা কুঁৱৰীয়ে কলঞ্চু নামৰ সৰু জান এটাৰ পাৰতে বসবাস কৰি থকা কলঞ্চুপৰীয়া গোঁহাই সকলৰ গাৱঁত অৰ্থাৎ কলঞ্চুপৰীয়া বুঢ়াগোহাঁঞি বাৰীত স্বামী শিৱসিংহৰ নাম যুগমীয়া কৰিবৰ বাবে এই পুখুৰী খন্দাইছিল। (১৭৩৪ খ্ৰীষ্টাব্দত) ১৬৫৫ শকৰ ১৮ জেঠত শিৱসাগৰ পুখুৰী খনন কাৰ্য আৰম্ভ কৰা হৈছিল আৰু সম্পূৰ্ণ কৰা হৈছিল ১৬৫৬ শকৰ বহাগ মাহৰ ৬ তাৰিখে। (১৭৩৫ খ্ৰীষ্টাব্দত) শিৱসাগৰৰ পুখুৰীটোৰ চাৰিওটা পাৰক চাৰিটা নামেৰে নামাকৰণ কৰা হৈছিল। সেইকেইটা হল–
পূৱপাৰৰ নাম চেৰেকাপাৰ, পশ্ছিম পাৰৰ নাম কাঠপাৰ, উত্তৰ পাৰৰ নাম জয়াপাৰ আৰু দক্ষিণ পাৰৰ নাম ঢুলীয়াপাৰ।
গৌৰীসাগৰ বৰপুখুৰী—শিৱসাগৰ চহৰৰ পৰা পশ্চিমে প্ৰায় ১১কি.মি দূৰত্বত অৱস্থিত এই পুখুৰীটো বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে খ্ৰীঃ ১৭১৫-১৭ ৰ ভিতৰত খন্দোৱাইছিল।ফুলেশ্বৰী আহোম ৰজা শিৱসিংহৰ প্ৰধান ৰাণী আছিল। আহোম ৰাজ্যত প্ৰত্যক্ষভাৱে শাসন চলোৱা প্ৰথম মহিলা বৰৰজা ফুলেশ্বৰী কুৱৰীয়ে গৌৰীসাগৰ পুখুৰী খন্দাইছিল আৰু পুখুৰীটোৰ পাৰত চাৰিটা দৌল নৰ্মাণ কৰোৱায়। পুখুৰীৰ উত্তৰ পাৰে পূৱৰ পৰা পশ্চিমলৈ ক্ৰমে শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল আৰু গৰখীয়াদৌল নিৰ্মাণ কৰোৱা হৈছিল। প্ৰায় ১৫০ একৰ (৪৫৩ বিঘা ৩ কঠা ১৫ লোচা) ভূমি সামৰি থকা এই পুখুৰীটোৰ ওচৰতে স্বৰ্গদেউ ৰুদ্ৰসিংহই নামদাং নদীৰ ওপৰত বুৰঞ্জীপ্ৰসিদ্ধ শিলৰ সাঁকো নিৰ্মাণ কৰাইছিল।
মুঠৰ ওপৰত আহোম ৰাজতন্ত্ৰৰ আমোলৰ নিৰ্মাণশৈলীয়ে বৰ্তমানেও শিৱসাগৰ জিলাত মধ্যযুগীয় এক মোহময় পৰিৱেশ বৰ্তাই ৰাখিব পাৰিছে। কিন্তু দুখৰ বিষয় চৰকাৰৰ উদাসীনতা, ৰাইজৰ অমনোযোগীতা আৰু প্ৰত্নতত্ব বিভাগৰ চূড়ান্ত অৱহেলাই শিৱসাগৰৰ সাগৰ সদৃশ পুখুৰীকেইটাৰ লগত জড়িত থকা বিভিন্ন পুৰাতাত্ত্বিক সম্পত্তিসমূহ গৌৰীসাগৰৰ পাৰৰ গৰখীয়াদৌলৰ দৰেই ধ্বংসমুখী হৈ পৰিছে। সংশ্লিষ্টসকলে যদি সময় থাকোতেই ইয়াৰ ব্যৱস্থা হাতত তুলি নলয় তেন্তে অনাগত দিনবোৰত এই ঐতিহাসিক সম্পদৰাজিয়ে বৰ্তমানৰ দৰে আমাৰ জাতিসত্ত্বাক উজ্জ্বীৱিত কৰিব নোৱাৰিব।

###################

বৰ্খা সোনাৰ