অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ জগতত ৰংবং তেৰাং এক পৰিচিত নাম। এইজনা ব্যক্তিৰ কৃতিৰাজিৰ প্ৰসংগত আৰম্ভণিৰ পৰা বৰ্তমানলৈকে সৱলৰূপে বিস্তাৰ লাভ কৰাত ব্যক্তিগৰাকীৰ পশ্চাদভূমি কেনেধৰণৰ আছিল বা কেনে পৰিৱেশ পৰিস্থিতিৰ মাজেৰে আত্মপ্ৰতিষ্ঠা লাভ কৰিছিল, তালৈ ঘূৰি চোৱাৰ আৱশ্যকতা আছে। জীৱনৰ সময়ছোৱাত লগ পোৱা বিভিন্ন ব্যাক্তিৰ সংস্পৰ্শ, আদর্শ, সমসাময়িক পৰিৱেশ আদিৰ প্ৰভাৱে ব্যক্তিৰ সামগ্ৰিক জীৱনৰ অংশস্বৰূপ শিক্ষা, পাৰিবাৰিক জীৱন, জীৱিকা আদিৰ প্রভাৱো অনস্বীকার্য। জীৱনৰ এনে আংশিক দিশবোৰৰ প্ৰভাৱ সাহিত্য সাধনাৰ ওপৰত পৰাতো অস্বীকাৰ কৰিব নোৱাৰি। সেয়ে প্রতিজন ব্যক্তিৰ কৃতিত্ব বিচাৰৰ ক্ষেত্ৰত সেই ব্যক্তিৰ জীৱনৰ পটভূমি বিচাৰ কৰাতো অতি প্রয়োজন। এনে ক্ষেত্ৰতে ৰংবং তেৰাঙৰ জীৱনবৃত্তৰ ওপৰত তলত চমুকৈ আলোকপাত কৰা হৈছে —
ৰংবং তেৰাঙৰ জন্ম:
অসমীয়া সাহিত্য জগতৰ বিশিষ্ট সাহিত্যক ৰংবং তেৰাঙদেৱৰ জন্ম হৈছিল ১৯৩৭ চনত ১৩ জানুৱাৰীত, মাঘ বিহুৰ উৰুকাৰ পুৱতি নিশা কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ এৰাগাঁও অঞ্চলৰ “লাংবুদিংপি”ত৷ তেখেতৰ পিতৃৰ নাম ৰূপছিং (বিনহুম) তেৰাং আৰু মাতৃ বা-ইক ৰংহাংপী। ৰংবং তেৰাঙৰ জন্ম সম্পৰ্কত দুটা তাৰিখ পোৱা যায়। এটা তেওঁৰ পিতৃ-মাতৃৰ মত অনুযায়ী নির্ধাৰণ কৰা তাৰিখ, আনটো স্কুলৰ প্ৰমানপত্ৰৰ মতে নিৰ্ধাৰণ কৰা তাৰিখ। তেৰাঙৰ পিতৃ-মাতৃৰ মতৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ধাৰণ কৰা তাৰিখটোৰ সম্পৰ্কত তেওঁৰ নিজা মন্তব্য এনেধৰণৰ-“আই আৰু দেউতাৰ স্মৃতিৰ পৰা জন্মৰ খবৰটো বুটলি মই নিজেই বে-চৰকাৰীভাৱে এটা তাৰিখ ঠিক কৰি পেলালো। নথি-পত্রত নোহোৱা মোৰ জন্মৰ দিনটো হ’ল ১৩ জানুৱাৰী, ১৯৩৭ চন, প্রভাতী পৰত, কাৰবি ভাষাৰে “তিচ্ছ ৰংবং পৰ”ত। মাঘ বিহুৰ উৰুকাৰ দিনা জন্ম গ্ৰহণ কৰা তেৰাঙৰ জন্মৰ চন-তাৰিখ কিছু সালসলনি ঘটি নগাঁৱৰ লংকা স্থাইস্কুলৰ প্ৰধান শিক্ষকৰ দ্বাৰা প্ৰৱেশিকা পৰীক্ষাৰ প্ৰৱেশ পত্ৰৰ চনটো ১৯৪৪ চনৰ ৩১ ডিচেম্বৰ হিচাপে ৰক্ষিত হ’ল।
ৰংবং তেৰাঙৰ বাল্যজীৱন :
ৰংবং তেৰাঙৰ জন্মৰ পিছত দেউতাক ৰূপছিং তেৰাঙে চাকৰি সূত্রে বিভিন্ন ঠাইলৈ স্থানান্তৰিত হ’ব লগা হোৱাত তেৰাঙৰ জীৱনেও দেউতাকৰ লগত জন্মস্থান লাংবুংদিংপিৰ এৰাগাঁৱৰ পৰা কাকীলৈ যাব লগা হ’ল। নগাঁৱৰ কাকীতেই মাটি-পানীৰ লগত তেৰাঙৰ ল’ৰালিৰ দিনবোৰ অতিবাহিত হ’ব ধৰিলে। অঞ্চলটোৰ ভিতৰতে বৃহত্তম লালুংগাও, উজনিফালৰ কছাৰী গাঁও, ৰংমিলি, কয়-ইংহি, ৰংবং পংপ্লাং আদি কাৰবি গাওঁ, কোচ গাওঁ, ভূমিজ, কুর্মী, গোৱালা আদি জনগোষ্ঠীয় গাওঁবোৰৰ অৱস্থিতিয়ে কাকীৰ সমাজখনক বিচিত্ৰতাৰে ভৰা সংমিশ্রিত সাংস্কৃতিক সমাজ হিচাপে গঢ়ি তুলিছিল আৰু কিশোৰ তেৰাঙক শিকাইছিল প্রেম, আৰু ভাতৃত্বৰ মন্ত্র। কাকীজানৰ ওফন্দি উঠা পানীত সাঁতুৰি ফুৰি, বৰশী বাই পাভ-শিঙৰা ধৰি প্ৰকৃতিৰ মুকলি পৰিৱেশত তেৰাঙে দৌৰি -বাগৰি ফুৰিছিল। কাকীজানৰ দুয়োপাৰে বৈচিত্রময় সংস্কৃতিয়ে কিশোৰ তেৰাঙৰ মনত আৰু বহুতো কথাই সাঁচ বহুৱাইছিল। উজনিৰ কছাৰী গাঁৱৰ মহং গাঁৱৰ মেজি, লালুংঘাটৰ লালুং গাঁৱৰ পূজা, ডেকাচাঙৰ মাদকতা, জুৰিৰ সুললিত ছন্দই কিশোৰ তেৰাঙৰ সাংস্কৃতিক মনটোক ভৰ-বাৰিষাৰ কাকীজানৰ দৰে জীৱন্ত গতিশীল কৰি তুলিছিল। তেৰাঙৰ নিজৰ ভাষাৰেই-“বৈচিত্রময় জনগোষ্ঠীৰ সংস্কৃতিৰ উম লৈ মোৰ সৰু মনটোৱে বুটলি ফুৰিছিল কাকীৰ মাটিত জীয়াই থকা মানুহৰ মহামিলনৰ ছবিবোৰ। সেই ছবিবোৰ কৰাই, সান্দহ আৰু তিল পিঠাতকৈয়ো বেছি মিঠা আছিল।”সৰু ল’ৰা ছোৱালীৰ মনবোৰ সাধাৰণতে কোমল, আৱেগিক আৰু অনুকৰণ প্ৰৱণতা বেছি হয়। লগৰ সমনীয়াৰ কেতবোৰ অসামাজিক কাম-কাজে কিশোৰ তেৰাঙকো বহু সময়ত অনুপ্রাণিত কৰিছিল। মুকলি পথাৰত গৰু চৰোৱাৰ উপৰি আঘোন মাহৰ পকা ধানৰ পথাৰত লেচেৰি বুটলোতে ধানৰ মুঠি চুৰি কৰা, বিড়ি, ভাঙ আদি সেৱন কৰা দুষ্কাৰ্য্যবোৰ কৰি জীৱনৰ মৰম আৰু বুজনিত তেৰাঙে সেই পথৰ পৰা মুক্ত হৈছিল আৰু নিজৰ জীৱনৰ ভৱিষ্যত সুন্দৰৰ পৰা সুন্দৰতম কৰি গঢ়ি তুলিছিল।
তেৰাঙৰ শিক্ষা জীৱন :
ৰংবং তেৰাঙে শিক্ষা জীৱনৰ পাতনি মেলে পুৰণা কাকী লালুং গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত। এই বিদ্যালয়তে তেৰাঙে কলপাতত অ, আ, ক, খ, লিখিবলৈ আৰম্ভ কৰিছিল। বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছিল বলোৰাম বৰা আৰু সহকাৰী শিক্ষক আছিল উমাচৰণ কোঁচ, বিদ্যালয়খনৰ প্রধান শিক্ষক বলোৰাম বৰাই পদত্যাগ দিয়াত নন্দেশ্বৰ বৰা নামৰ আন এজন শিক্ষকে এই দায়িত্ব বহন কৰে। চাকৰিসূত্ৰে দেউতাক লংকালৈ স্থানান্তৰিত হোৱাত তেৰাঙেও পুৰণা কাকী লালুং গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা দুবছৰ পঢ়িয়েই লংকালৈ যাব লগা হৈছিল। নগাঁৱৰ লংকালৈ যোৱাৰ পিছত তেৰাঙে লংকা লোকেল বোৰ্ড প্রাইমেৰী স্কুলত নামভৰ্তি কৰি শিক্ষা আহৰণ কৰিবলৈ লয়। তেৰাঙৰ শিক্ষা জীৱনৰ ভেটি সুদৃঢ় কৰাৰ লগতে জীৱনৰ গতি চক্রক সবল কৰি এক সুনিৰ্দিষ্ট পথলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল নগাঁৱৰ লংকা লোকেল বোৰ্ড প্রাইমেৰী স্কুলখনে। তেৰাঙে এই সময়ছোৱাক জীৱনৰ প্রস্তুতিৰ কঠিয়াতলী বুলিও ক’ব খোজে। দেউতাক পুনৰ কাকীলৈ স্থানান্তৰিত হোৱাত দেউতাক ৰূপসিং তেৰাঙে পুত্ৰৰ অধ্যয়নৰ প্রতি গুৰুত্ব ৰাখি তেৰাঙক বান্দুৱা অঞ্চলৰ ছ’দাৰ গাঁৱৰ ৰামছিং বে’ৰ তত্ত্বাৱধানত বর্ডিং ঘৰত থৈ গৈছিল। পিতৃ -মাতৃৰ অসান্নিধ্যত তেৰাঙৰ কিশোৰ মনটোৱে অকলশৰীয়া অনুভৱ কৰিছিল যদিও তত্বাৱধায়ক ৰামছিং বে আৰু লোকেল বর্ড প্রাইমেৰী স্কুলৰ প্রধান শিক্ষক সংমল বৰুবাৰ মৰম স্নেহৰ বাবে সকলো পাহৰি থাকিবলৈ সক্ষম হৈছিল। বর্ডিঙত থাকিয়েই তেৰাঙে প্রাইমেৰী স্কুলৰ লিভিং পৰীক্ষা দি প্রাথমিক শিক্ষা সামৰণি মাৰিছিল। লংকা লোকেল বোৰ্ড প্রাইমেৰী স্কুলৰ পৰা প্রাথমিক শিক্ষা শেষ কৰি তেৰাঙে ওচৰৰে লংকা হাইস্কুলত নাম ভৰ্তি কৰে আৰু ১৯৫৮ চনত লংকা হাইস্কুলৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫৮ চনত তেৰাঙে শিক্ষাৰ পোহৰ বিচাৰি নগাঁৱলৈ ওলাই গৈছিল। নগাঁও মহাবিদ্যালয়ত আই.এ প্ৰথম বাষির্কত নাম ভর্তি কৰি কলেজীয়া জীৱনৰ পাতনি মেলে। কলেজীয়া জীৱনৰ প্ৰথম দিনটোৰ অভিজ্ঞতা সম্পর্কে তেৰাঙে এনে ধৰণে ক’ব খোজে- “ইংৰাজী কবিতাৰেই আৰম্ভ হৈছিল কলেজ জীৱনৰ শিক্ষা। পেলগ্রেভ’ৰ গোল্ডন ট্রেজাৰীত সম্মিবিত্ত উইলিয়াম ৱর্ডছৱৰ্থৰ কবিতা ‘দা ডেফ’ ডিলছ’ পঢ়াইছিল প্রফেছৰ কুণ্ডুছাৰে। কলেজৰ ‘বৰদলৈ’ হ’ল প্রথম বার্ষিকৰ ছাত্র-ছাত্রীৰে ভৰি পৰিছিল।”(৩) আই. এ. সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত সেই মহাবিদ্যালয়তে স্নাতক শ্রেণীৰ প্রথম বাৰ্ষিকত নামভর্তি কৰে। অসমীয়া বিষয়টো প্রধান বিষয় হিচাপে লৈ ১৯৬৩ চনত তেৰাঙে মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী আহৰণ কৰিবলৈ সক্ষম হয়।
আনুষ্ঠানিক শিক্ষাৰ উচ্চতম শিখৰ হৈছে বিশ্ববিদ্যালয়ৰ শিক্ষা। তেৰাঙৰ উচ্চ শিক্ষাৰ প্ৰতি প্ৰৱল ধাউতি থকাৰ বাবেই আর্থিক দুৰৱস্থাকো নেওচি আগবাঢ়ি গৈছিল বিশ্ববিদ্যালয়ৰ শিক্ষা আহৰণৰ বাবে। তেৰাঙে গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পাছত বিভিন্ন জাতি- জনগোষ্ঠীৰ ছাত্ৰ সকলৰ সৈতে মিলাপ্ৰীতিৰে থাকি অধ্যয়ন কৰিছিল। বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে গুৱাহাটীৰ অনাতাঁৰ কেন্দ্ৰৰ শিল্পী হিচাপে স্বীকৃতিপ্ৰাপ্ত ৰংবং তেৰাঙে ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
ৰংবং তেৰাঙৰ সাহিত্যৰাজিৰ পৰিচয়ঃ
একোটা জাতিৰ ভাষা, সমাজ, সংস্কৃতি প্রতিফলিত হয় সাহিত্যত। সাহিত্যৰ জৰিয়তে এটা জাতিক ৰক্ষা কৰাৰ গুৰু দায়িত্ব বহন কৰে প্রগতিশীল লেখকে। সু-সাহিত্যিক ৰংবং তেৰাঙৰ ক্ষেত্ৰতো বিভিন্ন জাতি-জনজাতিৰ ভাষা সংস্কৃতিৰ সমন্বয়ত গঢ় লৈ উঠা অসমীয়া জাতি তথা ভাষাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰা দেখা যায়। ভৈয়ামৰ এখন সভাত ভাষাৰ প্ৰসংগত তেৰাঙে কৈছিল-“মই এনে এখন ঠাইৰ পৰা আহিছো য’ত অসমীয়া শব্দটোক মচি পেলোৱা হৈছে।” বৃহত্তৰ অসমীয়া মনোভাৱ পোষণ কৰা তেৰাঙে নিজ অঞ্চলৰ সংঘটিত গোষ্ঠী সংঘর্ষ দেখি চিন্তিত হৈ পৰিছিল আৰু তেওঁৰ ৰচনাৰাজিৰ মাজত ইয়াৰ পৰিস্ফুটন ঘটিছিল। স্কুলীয়া জীৱনতে ‘বেঙনী’ নামৰ এখন আলোচনীৰ পাতত ‘গুড়িপৰুৱা’ নামৰ লেখা এটাৰে লেখক জীৱন আৰম্ভ কৰা ৰংবং তেৰাং একেধাৰে ঔপন্যাসিক, গল্পকাৰ ,কবি, ভাষাতাত্বিক, সংস্কৃতি গৱেষক, প্রবন্ধকাৰ আছিল। তেৰাঙৰ প্ৰকাশিত গ্রন্থসমূহ তলত উল্লেখ কৰা হৈছে-
১। উপন্যাস: ৰংমিলিৰ হাঁহি,জাক হেৰুৱা পক্ষী , ক্রান্তিকালৰ অশ্রু, মিৰবিন
২। গল্প সংকলন : বন ফৰিঙৰ গীত,লাংছলিএতৰ ক্ৰাক্ৰুং
৩। প্রবন্ধ সংকলন গ্রন্থ : সমন্বয় প্রবাহ
৪। সংস্কৃতিমূলক গ্রন্থ : কাৰবি সাহিত্য সংস্কৃতিত এভুমুকি
৫। ভাষা সম্পর্কীয় গ্রন্থ : কাৰবি লামতাছাম,কাৰবি লামকুৰ,কাৰবি ভাষাৰ সহজ পাঠ
৬। কাৰবি ভাষালৈ অনুদিত গ্রন্থ : মহাত্মা গান্ধী ,শ্রী মদ্ভাগৱদগীতা
৭। শিশু সাহিত্য : কাৰবি সাধু
৮। সম্পাদিকা গ্রন্থ : দলা আলুন, স্মৃতিৰ পাপৰি (কবিতা পুথি)
৯। গণনামূলক গ্রন্থ : কাৰবি কালাখা আকিতাপ
১০। আত্মজীবনীমূলক গ্রন্থ : মোৰ জন্ম হোৱাটো অন্ততঃ সচাঁ ৷
অসম সাহিত্য সভাৰ সভাপতিৰূপে ৰংবং তেৰাঙৰ অৱদানঃ
ৰংবং তেৰাংদেৱে ২০০৯ ধেমাজি আৰু ২০১১ দেৰগাঁও অসম সাহিত্য সভাৰ সভাপতিৰূপে নির্বাচিত হৈছিল। তেখেতৰ সবল নেতৃত্ব আৰু একান্ত ইচ্ছাত পোন প্ৰথমবাৰৰ কাৰণে অসম সাহিত্য সভাৰ এটা উচ্চ পৰ্যায়ৰ আঠজনীয়া দলে প্রায় সপ্তাহজোৰা কাৰ্যসূচী লৈ বৰাক উপত্যকাত ভৌগোলিক আৰু মানসিক ব্যৱধান দূৰ কৰিবলৈ প্ৰচেষ্টা হাতত লয়। তেখেতৰ কাৰ্যকালতে অসম সাহিত্য সভাৰ দ্বাৰা ‘অসম সাহিত্য সভা বার্তা’ নামেৰে নিজাববীয়াকৈ ১ জানুৱাৰী, ২০১১ ৰ পৰা এখন সংবাদ পত্ৰ প্ৰকাশ পায়। অসমৰ জাতীয় সংস্থা ‘অসম সাহিত্য সভা’ৰে সৈতে তেখেতে অৰুণাচলৰ সাহিত্য,সংস্কৃতি জগতখনৰ সু-সমন্বয় ৰক্ষা কৰাৰ উদ্দেশ্যে কিছুমান পদক্ষেপ হাতত লয়। এই অনুসৰি অৰুণাচলৰ বিশিষ্ট লেখক লুম্বেৰ দাইৰ নামত “সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা” ২০০৯ চনৰ পৰা অসম সাহিত্য সভাই প্ৰদান কৰি আহিছে। ১৯৪৬ চনৰ পহিলা জানুৱাৰীত প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয়ে আত্মপ্রকাশ কৰিছিল। ইয়াৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাই প্ৰতিবছৰে পহিলা জানুৱাৰীৰ দিনটোতে অৰুণোদয় দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। তেৰাংদেৱৰ নেতৃত্বতে অসম সাহিত্য সভাই অনা-অসমীয়াসকলক অসমীয়া ভাষা শিকোৱাৰ বাবে উদ্যোগ লৈ পাঠ্যক্রম সম্পূৰ্ণ কৰি এই সম্পৰ্কীয় পাঠ্যপুথিৰ উপৰি এখন চিডি প্রস্তুত কৰি উলিয়ায়৷ পর্যায়ক্রমে বড়ো, মিছিং, দেউৰী আৰু কাৰবি আদি ভাষা শিকোৱাৰ বাবেও পাঠ্যক্রম প্ৰস্তুত কৰা হৈছে। ২০০৯ খ্রীষ্টাব্দৰ ১৩ অক্টোবৰৰ পৰা সাহিত্য সভাৰ উদ্যোগত ভ্রাম্যমাণ পুথিভৰালৰ জৰিয়তে পুথি বিক্ৰী আৰু প্ৰদৰ্শনৰ যাৱতীয় ব্যৱস্থাও হাতত লোৱা হৈছে। তেৰাংদেৱৰ কাৰ্যকালতে অসম সাহিত্য সভাৰ দ্বাৰা অসম তত্ত্ব গৱেষণা সংস্থান, যোৰহাটৰ কাম-কাজ আৰম্ভ কৰা হৈছিল৷ তেৰাং দেৱৰ কাৰ্যকালত আৰু এক উল্লেখযোগ্য পদক্ষেপ হৈছে অসম বিশ্ববিদ্যালয় (কেন্দ্রীয়) ডিফু চৌহদত সাহিত্য সভাৰ দীর্ঘদিনীয়া দাবী ফলস্বৰূপে অসমীয়া বিভাগ আৰম্ভ কৰা হৈছে। এনেদৰে ৰংবং তেৰাংদেৱৰ সবল নেতৃত্বত অসম সাহিত্য সভাই বিভিন্ন উন্নয়নমুখী আঁচনি গ্ৰহণ কৰি সেইবোৰ কাৰ্যকৰী কৰি তুলিবলৈ চেষ্টা কৰিছিল৷
তেৰাঙৰ অন্যান্য প্রতিভা:
তেৰাং দেৱৰ শ্বিলঙৰ ৰেডিঅ’ ষ্টেচনত কেহাই বে’ ৰ দ্বাৰা ৰচিত কাৰবি আধুনিক গীত এটি আৰু ড০ ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ গীতটি কাৰবি ভাষালৈ অনুবাদ কৰি গাইছিল। শিক্ষা জীৱনত তেখেত এজন সুদক্ষ ফুটবল আৰু ভলীবল খেলুৱৈ হিচাপেও জনপ্রিয় আছিল।
তেৰাঙৰ স্বীকৃতি :
ৰংবং তেৰাং দেৱক তেখেতৰ জীৱনজোৰা সাধনাৰ বাবে ১৯৮৯ চনত ভাৰত চৰকাৰে ‘পদ্মশ্রী’ সম্মানেৰে সম্মানিত কৰে। ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখনে তেখেতলৈ ক্রমে অসম সাহিত্য সভাৰ ‘বিষ্ণুৰাভা বঁটা’ আৰু ‘অসম প্রকাশন পৰিষদৰ বঁটা’ কঢ়িয়াই আনে। ২০০৮ চনত তেখেতে ‘মাধৱদেৱ বঁটা’ৰ লগতে ‘অসম উপত্যকা সাহিত্য বঁটা’ আৰু ২০০৯ চনত অসম চৰকাৰৰ পৰা ‘চ্যু-কা-ফা’ বঁটা লাভ কৰে৷২০১৯ চনত ‘সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা’ লাভ কৰা ৰংবং তেৰাং আছিল কাৰবি লামমেত আমেই (কাৰবি সাহিত্য সভা)ৰ অন্যতম প্রতিষ্ঠাপক। কাৰবি সাহিত্য সভাৰ সম্পাদকৰ দ্বায়িত্ব গ্ৰহণ কৰা তেখেত প্রথমজন ব্যক্তি (১৯৬৬-১৯৮৩)।
সামৰণি:
অসমীয়া ভাষা ,সাহিত্য আৰু সংস্কৃতিত ৰংবং তেৰাঙৰ অৱদান অতুলনীয় তথা অনস্বীকাৰ্য৷ অসম চৰকাৰৰ পৰা সৰ্ব্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে বিভূষিত ৰংবং তেৰাংৰ জীৱন আৰ্থিকভাবে অস্বচ্ছল হোৱাৰ লগতে মাক অশিক্ষিত হোৱা বাবে তেখেতৰ জীৱনৰ প্ৰতিটো খোজ আছিল সংঘাতপূৰ্ণ৷ শিক্ষাৰ প্ৰতি অধীৰ আগ্ৰহী হোৱা বাবে জীৱন বাটৰ সকলো বাধা নেওচি তেখেত সফলতাৰ শিখৰত পদাৰ্পণ কৰিবলৈ সক্ষম হয়। তেখেত আছিল অসমীয়া ভাষা সংস্কৃতিৰ লগতে কাৰ্বি ভাষা সংস্কৃতিৰো প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰতি সচেতন আৰু দায়িত্বশীল ব্যক্তি। বিভিন্ন প্ৰত্যাহ্বান অতিক্ৰম কৰি হ’লেও নিজৰ শক্তিশালী ব্যক্তিত্ব, সততা আৰু নিৰহংকাৰ মনোভাৱেৰে সমাজ জীৱনত নিজকে প্ৰতিষ্ঠা কৰা ৰংবং তেৰাঙৰ জীৱনদৰ্শন অসমীয়া জাতীয় জীৱনৰ এক দৃষ্টান্ত ।
সহায়ক গ্ৰন্থপঞ্জীঃ
১। গোস্বামী, ত্রিদিপ৷পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ। বনলতা, গুৱাহাটী, ২০১১,
২। তেৰাং, ৰংবং । কাৰবি লামৰাছম। অৰুনোদই প্রকাশন, গুৱাহাটী, প্রথম প্রকাশ, ১৯৭৪, পুণৰ প্রকাশ, ২০১০
৩। তেৰাং, ৰংবং। জাক হেৰোৱা পক্ষী। বনলতা, গুৱাহাটী, প্রথম প্রকাশ ২০০৫, তৃতীয় প্রকাশ, ২০০৮
৪। তেৰাং, ৰংবং। মোৰ জন্ম হোৱাটো অন্ততঃ সঁচা। আঁক-বাক গান্ধীবস্তি, গুৱাহাটী,প্রথম প্রকাশ, ২০০৯
৫। তেৰাং, ৰংবং। ৰংমিলিৰ হাঁহি। অসম প্রকাশন পৰিষদ, গুৱাহাটী, সপ্তম সংস্কৰন, ২০১০
৬। তেৰাং, ৰংবং। কার্বি সাহিত্য সংস্কৃতিত এভুমুকি। অসম সাহিত্য সভা, যোৰহাট, ১৯৮২
৭। তেৰাং, ৰংবং।বনফৰিঙৰ গীত। শান্তি প্রকাশন, পানবজাৰ, প্রথম প্রকাশ, ১৯৯০,
৮। তেৰাং, ৰংবং। স্মৃতিৰ পাপৰি। ৰংমিলি বুকইল, ডিফু, কাৰবি আংলং, প্রথম প্রকাশ, ১৯৯৮
৯। তেৰাং, ৰংবং। ক্রান্তিকালৰ অশ্রু। চন্দ্র প্রকাশ ,পান-বজাৰ, গুৱাহাটী, প্রথম প্রকাশ, ২০০৫
১০। তেৰাং, ৰংবং।লাংছলিত্ৰতৰ কাকুং। বনলতা, গুৱাহাটী, প্রথম প্রকাশ, ২০০৯, দ্বিতীয় প্রকাশ ২০০৯
