মোৰ মা বৰ সহজ-সৰল, দয়ালু আৰু সত্যবাদী প্ৰকৃতিৰ আছিল | মায়ে স্কুলত যোৱা নাছিল যদিও ক,খ কে আদি কৰি গণনা অৰ্থাৎ যোগ,বিয়োগ, পূৰণ নেওঁতা সকলো জানিছিল । তেওঁ স্কুললৈ যাবলৈ বৰ হেঁপাহ আছিল যদিও আইতাহঁতে স্কুলত যাব বাধা দিয়াৰ বাবে নগ’ল । মা ঘৰৰ ডাঙৰ জীয়ৰী। গতিকে সৰু ভায়েক ভনীয়েকহঁতৰ দায়িত্ব ল’ব লগা হৈছিল । সেয়ে মায়ে মনতে ভাবি ৰাখিছিল ‘মই পঢ়িব নাপালেও মোৰ ল’ৰা-ছোৱালীক স্কুল পঠিয়াম’। মোৰ মনত আছে যে মই যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিলো, প্ৰথম মান নে দ্বিতীয় মানত আছিলো। তেতিয়া মায়ে মোক টোপনি নহাৰ আগলৈকে সদায় গান শিকাইছিল । সেই গানটি হৈছে “বিলতে হালিছে ধুনীয়া পদুমী…”। এই গীতটি মই বিদ্যালয়ত গাইছিলোঁ । গানটো এবাৰ গাই এৰি অহাৰ পাছত আৰু এবাৰ মোক গাবলৈ কৈছিল । বাইদেউ এগৰাকীয়ে মোক কোলাত উঠাই লৈ আৰু এবাৰ মঞ্চত থিয় কৰাই দিছিল । ময়ো গাই শুনালো সকলোকে । মায়ে মোৰ গান গোৱা চাই আছিল আৰু মঞ্চৰ পৰা নামি অহাৰ লগে লগে বহুত মৰম কৰিছিল ।
যেতিয়া মই হাইস্কুল শিক্ষান্ত পৰীক্ষা উৰ্ত্তীণ হৈ ডকমকা হায়াৰ চেকেণ্ডেৰীত নামভৰ্তি কৰিছিলো তেতিয়া ঘৰৰ পৰা পাৰখোৱালৈকে টেম্পুত আহোঁ আৰু পাৰখোৱাৰ পৰা ডকমকালৈ বাছত। খৰচ বহুত বাঢ়িল । মা-দেউতাৰ কোনো চৰকাৰী চাকৰি নাছিল। তথাপিও যে ৰাতিপুৱাই গাড়ীৰ ভাড়াখিনি গোটাই ৰাখিছিল ক’ৰ পৰা নাজানো । যেতিয়া গাড়ীৰ ভাড়া পইচা নাথাকে সেইদিনা স্কুললৈ নোযোৱাকে থাকো আৰু মাক ঘৰুৱা কাম-বনত সহায় কৰো।
উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ পাছত স্নাতক ডিগ্ৰীৰ বাবে মা-দেউতাৰ শক্তি অনুসাৰে মোক ডকমকা থং নকবে মহাবিদ্যালয়ত নামভৰ্তি কৰাই দিছিল। সেই সময়ত মা-ৰ গা ইমান ভাল নাথাকে। সেইবাবে মাক দুই-এটা কামত সহায় কৰি কলেজলৈ ওলাই আহো। টেম্পু আৰু বাছৰ ভাড়া মাৰ ওচৰত বিচাৰো। কেতিয়াবা হাতত নাথাকে। ওচৰৰ ঘৰৰ পৰা ধাৰলৈ বুলি খুজি মোক ভাড়া দিয়ে । কেতিয়াবা মোৰ কলেজৰ পৰা ঘৰলৈ গৈ পোৱা পলম হলে মায়ে বাটত ৰৈ থাকে, আজি কিয় ইমান দেৰি বুলি সোধে । আজি মা মোৰ ওচৰত নাই, ঘৰলৈ যাম বুলি বাটত ৰৈ থাকিবলৈ মা নাই। বাৰণ্ডাত বহি মাৰ লগত ভাল-বেয়া, সুখ-দুখৰ কথা পাতিবলৈ আজি মা মোৰ কাষত নাই । ৰাতি কাৰেণ্ট নাথাকিলে ওৰে ৰাতি বিচনিৰে বিচি মোক শুবলৈ দিয়া মা আজি মোৰ কাষত নাই ।আমি সন্তানবোৰে মা-দেউতাক ডাঙৰ হৈ প্ৰশ্ন কৰো– আমাৰ বাবে তেওঁলোকে কি কৰিলে ? কি দিলে ? কিন্তু তেওঁলোকে আমাৰ বাবে নিজৰ জীৱনটো দি দিলে । । আমাৰ বাবে তেওঁলোকে নিজৰ পিন্ধন -উৰণ, খোৱা-বোৱা সকলো পাহৰি যায়।
মা আৰু দেউতা আমাৰ জীৱনৰ প্ৰথম শিক্ষক, সাহস, প্ৰেৰণা, উৎসাহ আৰু শান্তি ৷
