বিভাগত নতুন প্ৰাৰ্থীৰ নিযুক্তি হ’ব। আনন্দ আৰু চিন্তা দুয়োয়ে সমান্তৰালভাৱে অহা যোৱা কৰিব লাগিছে। বিভাগীয় মুৰববী হিচাপে দায়িত্বভাৰ লোৱা পিছত বিভাগত এয়া প্ৰথম নিযুক্তি হ’ব। বিগত দুটা বছৰে দুগৰাকী অস্থায়ী কৰ্মচাৰীক লৈ পাঠদান কাৰ্য আগুৱাই নিব লগা হোৱাত যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছে। ছাত্ৰ-ছাত্ৰীৰ জীৱন মোৰ বাবে মোৰ সন্তানৰ জীৱন। সেয়ে যিমান কষ্ট কৰি হ’লেও সদায় ছাত্ৰ-ছাত্ৰীৰ হিতৰ বাবে যিমান পাৰো কৰি আহিছো। বৰ্তমান কলেজখনৰ ভিতৰতে আমাৰ বিভাগ এক নম্বৰত আছে।
অৰ্থনৈতিক ভাৱে পিছ পৰা শ্ৰেণীৰ নিৰ্বাচিত প্ৰাৰ্থী ৰূপা বৰাই চৰকাৰৰ পৰা নিযুক্তি পত্ৰ লৈ কলেজত যোগদান কৰিছে। স্থায়ী আৰু অস্থায়ী দুয়ো প্ৰকাৰৰ নিযুক্তি লৈ এতিয়া বিভাগত মুঠ চাৰি গৰাকী শিক্ষক কৰ্মচাৰী হ’ল। নৱ নিযুক্ত ৰূপা বৰা বয়সৰ ফালৰ পৰা সকলোতকৈ সৰু। বিশ্ববিদ্যালয়ৰ দেওনা পাৰ হোৱা ৩/৪ বছৰমানহে হৈছে। অৱশ্যে আমাৰ কলেজত নিয়মীয়া ভাৱে যোগদান কৰা আগত বোলে স্থানীয় কোনোবা এখন কলেজত অস্থায়ী ভাৱে পাঠ দান কৰি আছিল। দেখিবলৈ মৰম লগা ৰূপা বৰা এগৰাকী কৰ্মোৎসাহী ছোৱালী। দেখিবলৈ যেনেকে ধুনীয়া, মাত কথাও মৰম লগাই। শিক্ষক হ’লেও ৰিল বনোৱাৰ পৰা আৰম্ভ কৰি নাচ-বাগ কৰালৈকে ৰূপা ছাত্ৰ-ছাত্ৰীৰ লগত মিলি পৰিছিল। লাহে লাহে দিনবোৰ আগুৱাই গ’ল। ছাত্ৰ-ছাত্ৰীৰ মাজত মই বহুত কাঢ়া বুলি পৰিচিত। নৱ নিযুক্ত হ’লেও ৰূপা বৰাই বিভাগৰ যি কোনো ক্ষেত্ৰতে আগ-ভাগ ল’ব বিচাৰে। কেতিয়াবা এনেকুৱাও হয় মুৰব্বী হিচাপে যিটো কথা মই ক’ব লাগে তাকো ৰূপাই কয়। ফলত মই যি নিয়মৰ ডোলেৰে ছাত্ৰ-ছাত্ৰীসকলক বান্ধি ৰাখিছিলো সেই বান্ধোন যেন লাহে লাহে খুলি যাব ধৰিছে। ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ইচ্ছা অনুযায়ী চলিবলৈ ধৰিলে। যি কোনো কথা ছাত্ৰ-ছাত্ৰীক মই কোৱাৰ আগতেই ৰূপাই কৈ দিয়াৰ বাবে মোৰো কোৱাৰ বাটটো নোহোৱা হয়। আনহাতে ৰূপাৰ কথাক কোনেও গুৰুত্বসহকাৰে নলয়। ফলত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি দিনক দিনে কমি আহিবলৈ ধৰিলে। কলেজৰ ভিতৰত ১ নম্বৰ বিভাগ হিচাপে পৰিগণিত বিভাগটো যেন দিনক দিনে তললৈ নামিব ধৰিছে। এনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ আছে।
প্ৰত্যেক বাৰেই নতুন শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ আগত আমাৰ বিভাগটো ছাত্ৰ-ছাত্ৰীসকলে মিলি চাফা কৰে। এইবাৰো গৰমৰ বন্ধৰ পিছতে মই জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰী কেইজনমানক বিভাগটো ধুনিয়াকৈ চাফা কৰি দিবলৈ ক’লো। দুৰ্ভাগ্যৱশতঃ সিহঁতে যিদিনা চাফাই কাম কৰিবলৈ ল’লে সেইদিনা মই অনুপস্থিত হব লগা হল। ৰূপাক ফোন কৰি ছাত্ৰ-ছাত্ৰীৰ হতুৱাই ভালকে কামখিনি কৰাই ল’বলৈ ক’লো আৰু লগতে অন লাইন যোগে টকা দি ছাত্ৰ-ছাত্ৰীক সামান্য হ’লেও কিবা এটা খুৱাবলৈ ক’লো। ৰূপায়ো তাইৰ ইচ্ছা অনুযায়ী কাম কৰালে। বছৰৰ বাৰ মাহত চাৰিবাৰ টেবুল ইফাল সিফাল কৰি থাকা ৰূপাই এইবাৰ বিভাগীয় মুৰব্বীৰ টেবুলেই আঁতৰাই পেলালে। মুৰব্বীৰ টেবুল আঁতৰাই তাৰ ঠাইত বছৰৰ চতুৰ্থ বাৰৰ বাবে জেগা সলাই নিজৰ টেবুল স্থাপন কৰিলে। এইখিনি কৰিবলৈ যাওঁতে ৰূপাই এবাৰো মোক সোধাটো প্ৰয়োজন বোধ নকৰিলে। কাম-বন শেষ কৰি যেতিয়া নতুনকৈ সজাই তোলা বিভাগৰ ফটোখন দিলে, তেতিয়া মোৰ বুকুত কোনোবাখিনিত যেন বিষ অনুভৱ হৈছে। ফোন যোগেৰে যেতিয়া ৰূপাক কৰিব নালাগিছিল বুলি ক’লো তেতিয়াও তাই নিজৰ ভুল অনুভৱ কৰা নাই। বিশেষ একো নক’লো। পিছদিনা কলেজলৈ গ’লো। আনদিনাৰ দৰে সেইদিনাও সকলোতকৈ আগেই গৈ কলেজ পালোগৈ। কলেজত গৈ পায়েই ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী এজনৰ সহযোগত মুৰব্বীৰ টেবুলখন আগৰ ঠাইলৈ অনা হ’ল যদিও সম্পূৰ্ণ নাহিল। কাৰণ আধাখিনি ঠাই ৰূপা বৰাৰ টেবুলে অধিকাৰ কৰি আছে। ৰূপাক মই পোনপটীয়া ভাৱে একো নক’লো। কিন্তু কেইজনমান ছাত্ৰক লগাই ৰূমটো ৰূপাৰ সন্মুখতে পুনৰ আগৰ দৰে কৰি পেলালো আৰু ভৱিষ্যতলৈ তেনে কাম পুনৰ নকৰিবলৈ সামূহিক ভাৱে সকিয়াই দিলো। ৰূপা নিজৰ লক্ষ্যত উপনীত হ’ব নোৱাৰি খং উঠিছে নে নাই নাজানো, তাই কৰা কাম ভুল বুলি আঙুলিয়াই দিয়া পিছতো অনুশোচনা কিন্তু লেশমানো নাই।
আন এদিনৰ কথা। মই কলেজৰ পৰা আহি, ফ্ৰেছ হৈ, চাহ একাপ লৈ বহিছো। মোবাইলটো লৈ facebookটো খুলিছো মাত্ৰ। ৰূপা বৰাৰ সেই সময়ৰ facebook postটো চকুত পৰাৰ লগে লগে মোৰ অৱস্থা প্ৰায় শ্বাসৰুদ্ধ । ৰূপা বৰাই মুৰব্বীৰ চকীত বহি টেবুলত নিজৰ নামফলক লগাই ফটো তুলি সামাজিক মাধ্যমত প্ৰেৰণ কৰিছে। খং, অভিমান, দুখ, অপমান কি হৈছে নিজেই গম পোৱা নাই। মই whatsappত ফটোখন দি ৰূপাক সুধিলো : “এয়া কি ৰূপা ?”
লগে লগে সিফালৰ পৰাও মেচেজ আহিল : “হয় বাইদেউ, আপুনি কলেজৰ পৰা যোৱাৰ পিছত উঠিছিলো। আপোনাৰ টেবুলখন আহল-বহল যে ভাল লাগে”।
ৰূপাৰ এনেকুৱা পোনপটীয়া উত্তৰে মোৰ হৃদয়খন টুকুৰা-টুকুৰ কৰি পেলালে। খং আৰু অভিমানেৰে ৰূপাক whatsappতে ক’লো: “প্ৰিণ্সিপালৰ টেবুলখন কি ৰূমটোৱেই বহুত ধুনীয়া। তাত গৈ ফটো নুঠিলা কিয় ?”
“প্ৰিণ্সিপালৰ ৰূমটো অলপ দূৰ হয় যে”- অতি সাধাৰণ ভাৱে ৰূপাই উত্তৰ দিলে।
পূৰ্বৰ কৰ্মস্থলীৰ উদাহৰণেৰে ৰূপাই ক’লে: “আমাৰ আগৰ কলেজখনত বিভাগীয় মুৰব্বীৰ চকী বেলেগ নাছিল। সেইকাৰণে মই ইমানকৈ নাভাবিলো”।
ৰূপাৰ মিছা ব্যাখ্যা মোৰ বুজিবলৈ বাকী নাথাকিল। তথাপি তাইৰ তুলুঙা মন্তব্য সহ্য কৰিব নোৱাৰি এটা প্ৰশ্ন কৰিলো: “তুমি তোমাৰ মা দেউতাৰ আসন খনক সন্মান কৰা নে নকৰা ৰূপা”।
কোনো কথা, কোনো পৰিস্থিতিৰ বাবেই ৰূপাৰ যেন আপচোচ, অনুসূচনা এইবোৰ একো নাই। কলেজৰ অধ্যাপিকা বা বিভাগীয় মুৰব্বী, এইবোৰৰ সমান্তৰাল ভাৱে মই এগৰাকী মা হওঁ। ৰূপা মোৰ ছোৱালীৰ বয়সৰ। সেইফালৰ পৰা মই তাইক মোৰ ছোৱালীৰ দৰেই আদৰ আৰু সন্মান কৰো। সৰু ছোৱালী বুলি তাইৰ প্ৰতিটো কথাকে গুৰুত্ব দিছিলো। বিভাগৰ প্ৰতিটো কথাই আলোচনা মৰ্মে সিদ্ধান্ত লৈছিলো। ভাৱিছিলো সৰু ছোৱালী আগুৱাই যাওক। মোৰ এই সৰলতাক ৰূপায়ে দুৰ্বলতা বুলি ল’লে। নিজৰ নামৰ পিছত দৌৰি ফুৰা ৰূপাই মোৰ নাম কাটি নিজৰ নাম লিখিবলৈ সুযোগ বিচাৰিবলৈ ধৰিলে। কিন্তু মোৰ বিশ্বাস মতে নিজৰ নাম প্ৰচাৰ কৰিবলৈ আনৰ নাম কাটিব নালাগে। কামৰ পিছত নাম আপোনা-আপুনি আহিব। মাথো তাৰ বাবে লাগে ধৈৰ্য্য। যি ধৈৰ্য্যৰ অভাৱে ৰূপাক স্বাৰ্থপৰ হবলৈ বাধ্য কৰিলে। তাইৰ বাবে মই কেৱল সহকৰ্মী। সহকৰ্মীৰ ক্ষেত্ৰত ৰূপাৰ বাবে বয়সৰ কোনো সুকীয়া মৰ্যাদা নাই। কৃতজ্ঞতাবোধ ৰূপাৰ বাবে এটা মাত্ৰ শব্দ, অনুভৱ নহয়। নহ’লে তাইৰ চাকৰিৰ বাবে যি জন প্ৰিণ্সিপালে সাক্ষাৎকাৰৰ বিশেষজ্ঞৰ ঘৰে ঘৰে গৈ চহী সংগ্ৰহ কৰিছিলে সেইজন প্ৰিণ্সিপালৰ অৱদান একে আষাৰে নস্যাৎ কৰিব নোৱাৰিলেহেঁতেন। অহংকাৰ যেন ৰূপাৰ অতি প্ৰিয় আৰু সজহলভ্য আভৰণ। নিজৰ নম্বৰ তালিকাৰ দোহাই দি প্ৰিণ্সিপালৰ অসামৰ্থক প্ৰমাণ কৰে।
ৰূপাৰ কাম আৰু চিন্তা ধাৰাই যিমান আঘাত দিছে তাতকৈ বেছি আচৰিত হৈছো। নিজৰ মাকতকৈও জ্যেষ্ঠ মানুহক কেনেকৈ অৱজ্ঞা কৰিব পাৰে। শৈক্ষিক আৰু জীৱনৰ অভিজ্ঞতাৰে পৰিপুষ্ট মানুহক অপমান কৰিও লেশমানো অনুশোচনা নোহোৱা, নিজৰ ভুল স্বীকাৰ নকৰা, নিজকে সৰ্বজ্ঞ বুলি ভৱা -এইবিলাক যেন ৰূপাৰ বৈশিষ্ট্য। এই বৈশিষ্ট্য বিলাকেৰে ৰূপাই নিজকে ইমানেই সবল কৰি তুলিছে যে জীৱনত আশীৰ্বাদ বুটলিবলৈ পাওক বা নাপাওক অভিশাপৰ অভাৱ ছাগৈ কোনোদিনেই নহ’ব। ৰূপাৰ ব্যক্তিত্বই্ বাৰে বাৰে মনলৈ প্ৰশ্ন আনিছে- “এয়াই নেকি সমকালীন সমাজ জীৱনৰ নৱ প্ৰজন্ম? এয়াই নেকি প্ৰজন্মৰ ব্যৱধান?”
###############

অসমীয়া বিভাগ
থংনকবে মহাবিদ্যালয়