এদিন এটা মানুহে তাৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল। জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল। শহুৰেকে অকলে যাবলৈ কৈছিল, সেই কাৰণে সি কোনো মানুহ লগত লৈ যোৱা নাছিল। কিন্তু সি অলপ বাট গৈ দেখিলে, তাৰ লগত ছাঁ- টোও আহিলে। সি ভাবিলে শহুৰে মোক কোনো মানুহক লগত নিনিবলৈ কৈছে,যদি মই এতিয়া ছাঁ-টো মোৰ লগত লৈ যাওঁ তেন্তে শহুৰে মোক নিশ্চয় খং কৰিব। ইয়াকে ভাবি সি ছাঁ- টোক কলে,”হেৰ ‘, তোক কি লাগে, কিয় আহিছ? গুচি যা।” কিন্তু ছাঁ – টোৱে নমতা দেখি সি আকৌ সুধিলে,”তই নামাত কিয়? চেলেংখন লাগে নেকি?” এইবুলি যেতিয়া সি মূৰ লৰালে তেতিয়া অলপ ছাঁ-টোৱেও মূৰ লৰালে। ছাঁ-টোৱে মূৰ লৰোৱা দেখি সি ভাবিলে, ইয়াক চেলেংখন লাগে। ইয়াকে ভাবি সি চেলেংখন তাতে পেলাই গুচি গল। সি আকৌ ছাঁ-টো দেখিলে। সি এইবাৰ তাৰ চোলাটো ছাঁ-টোক দিলে । এইদৰে তাৰ চুৰিয়া,গামোচা সকলোকে দি অন্ত কৰিলে। লাহে লাহে গধূলি হৈ আহিল, ছাঁ নেদেখা হ’ ল। তেতিয়া ভাবিলে ছাঁ-টো গ’ল। সি কুকুৰীকণা আছিল,সেই কাৰণে অলপ গৈয়ে বাট নেদেখা হ ‘ ল। এনেতে সি তাৰ শহুৰেকৰ বুঢ়া গৰু এটা দেখিলে। সি বুঢ়া গৰুটোৰ নেগুৰত ধৰি তাৰ পিছে পিছে যাবলৈ ধৰিলে। অলপ সময়ৰ পাছত সি ঘৰ পালেগৈ। কিন্তু তাৰ গাত চুৰিয়া নথকাৰ কাৰণে সি শহুৰেকৰ আগত ওলাবলৈ লাজ কৰি কলগছ এজোপাৰ তলত চুৱাপাতনিত বহি থাকিল। শহুৰেকে জোৱাঁয়েক আহিব বুলি বহুত ৰাতিলৈকে ৰৈ আছিল পিছত নহা দেখি খাই-বই শুই থাকিল। শাহুৱেকে চুৱা-তুৱা ধুই আন্ধাৰে- মুন্ধাৰে চুৱাপানী আনি চুৱাপাতনিলৈ মাৰি পঠিয়ালত জোঁৱায়েকৰ মূৰত পৰিল। জোঁৱায়েকে উস্ উস্ বুলিলত শাহুৱেকে চাকি লৈ চাই জোঁৱায়েকক দেখি মাতি আনিলে আৰু গা-পা ধুৱাই কাপোৰ কানি দি ভাত খাবলৈ দিলে। ভাতৰ লগতে তাক গুৰো দিছিল। সি গুৰ কেতিয়াও নেদেখা কাৰণে এইবিলাক নাখাওঁ বুলি ক’লে। শহুৰেকে ক’লে, “খোৱা। এই জুলীয়া গুৰ খাবলৈ বৰ ভাল।” তেতিয়া সি অলপ খাই চাই সোৱাদ পাই ” এইবিলাক ক’ত আছে” বুলি সুধিলে। শহুৰেকে ক’লে , ”সৌৱা বৰচাঙৰ ওপৰত কলহত আছে।” সি ভাত খাই উঠিলত শহুৰেকে জোঁৱায়েকক শুবলৈ দি শুই থাকিল। জোঁৱায়েক শুলে, কিন্তু তাৰ টোপনি নাহিল, কাৰণ তাৰ মনটো গুৰতহে পৰি আছিল। যেতিয়া সি শহুৰেকৰ টোপনি অহা যেন গম পালে তেতিয়া মাৰি এডাল লৈ ওপৰত থকা গুৰৰ কলহটো ফুটাই তলত মুখ পাতি গুৰ খাবলৈ ধৰিলে। খাই অঁতাই দেখে গুৰ গাত পৰি তাৰ গা-টো এঠা এঠা হ’ ল । তুলী কৰিবলৈ থোৱা কিছুমান তুলা সি দেখিবলৈ পালে । সি উপায় নাপাই তাৰ ওপৰতে বাগৰ দিলে। তাৰ পিছত সি দেখিলে তাৰ গা-টো গোটেই বগা নোমাল হ’ল।
ওচৰতে গোটাচেৰেক ছাগলী বন্ধা আছিল, তাকে দেখি তেতিয়া সি মনে মনে ছাগলীৰ মাজতে থাকি ৰাতিটো কটাওঁ বুলি সোমাই থাকিল । সেইদিনা চোৰে ছাগলী চুৰ কৰিবলৈ আহিছিল। সিহঁতে ভাবি আহিছিল যে যিটো ছাগলীৰ নোমত ধৰিলেই নোম উঠি আহিব সেইটো ছাগলীকে নিব লাগে, কাৰণ তেনেকুৱা ছাগলীৰ তেল বেছি। সিহঁতে আহি পোনেই মানুহটোৰ গাত হাত দি দেখিলে যে তাৰ নোমবোৰ উঠি আহিছে। সেইদেখি তাকেই তেলাল ছাগলী বুলি ভাবি ভাল পাই বান্ধি সাঙী কৰি সিহঁতে লৈ গ’ল। সিহঁতে যাওঁতে এখন নৈ পাৰ হৈছিল। যেতিয়া সিহঁতে নৈৰ মাজ পালেগৈ তেতিয়া মানুহটোৰ টিকা পানী লাগি তিতিল। সি চোৰকেইটাক ক’লে,
” দাং দাং চোৰ,
টিকা তিতিল মোৰ।”
তেতিয়া চোৰকেইটাই ছাগলীয়ে মাতিছে বুলি আচৰিত হৈ ভয় খাই তাক পানীত পেলাই লৰ মাৰিলে। পানী তৰাং আছিল দেখি সি বুৰি নমৰি লাহে লাহে পাৰত উঠি বহিলহি। এনেতে ৰাতি পুৱালে। নৈৰ পাৰত সি বহি থাকোঁতে শহুৰেকে বিচাৰি বিচাৰি তাক পালেগৈ আৰু ঘৰলৈ আনি খুৱাই-বুৱাই তাক নিজা ঘৰলৈ পঠিয়াই দিলে।
##################

ঋতুপ্ৰিয়া শইকীয়া