Ankuran
১/ অসমৰ কোনটো সম্প্ৰদায়ৰ লোকে বাথৌ পূজা পালন কৰে?উত্তৰ- বড়ো।২/ কাবাডী খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে?উত্তৰ- সাতজন (৭ জন) ।৩/ এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?উত্তৰ- ভোগেশ্বৰ বৰুৱা।৪/ ব্ৰিটিছ চৰকাৰৰ পৰা ‘ছাৰ’ উপাধি লাভ কৰা প্ৰথম অসমীয়া জনৰ নাম কি?উত্তৰ- ছাৰ ছৈয়দ ছাদুল্লা।৫/ অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ অসমৰ কোন ঠাইত আছে?উত্তৰ- গুৱাহাটী (কাহিলীপাৰাত)।৬/ মানুহ বিহু দিনা নামনি অসমত অন্য কি নামেৰে জনা যায়?উত্তৰ- বৰ দোমাহী।৭/ হাল বোৱা জনক হালোৱা বোলে, তেনেকৈ মুগা পালক জনক কি বোলে?উত্তৰ- মুগাচুংগীয়া।৮/ অসমৰ কোনখন ঠাইক বস্ত্ৰ নগৰী বুলি কোৱা হয়?উত্তৰ- শুৱালকুছি।৯/ বড়ো ভাষাত বাঁহীটোক কি বুলি কোৱা হয়?উত্তৰ- চিফুং১০/ ব’হাগ বিহুত বিহুৱতীয়ে ওঁঠত ব্যৱহাৰ কৰা ৰং বিধ কি?উত্তৰ- বৰ্হমথুৰি১১/ পেঁপাৰ যি অংশ মুখত লৈ বজোৱা হয় সেই অংশটোৰ নাম কি?উত্তৰ- চুপহী।১২/ ক্ৰিকেট খেলৰ ভগৱান বুলি কাক কোৱা হয়?উত্তৰ- শচীন তেণ্ডুলকাৰ।১৩/ কি গছৰ কাঠৰ পৰা ক্ৰিকেট বল তৈয়াৰ কৰা হয়?উত্তৰ- উইল১৪/ ইংলেণ্ডৰ হৈ টেষ্ট খেলা প্ৰথম ভাৰতীয় খেলুৱৈ গৰাকী কোন ?উত্তৰ- ৰঞ্জিত সিং।১৫/ ৰংখেৰ কোনটো জনগোষ্ঠীৰ উৎসৱ?উত্তৰ- কাৰ্বি জনগোষ্ঠীৰ।১৬/ মাটিকালি হিচাপত অসমৰ আটাইতকৈ ডাঙৰ জিলা খনৰ নাম কি?উত্তৰ- কাৰ্বি আংলং।১৭/ লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?উত্তৰ- নগাঁও।১৮/ কোনটো শাক পাচলি খালে তেজ পৰিস্কাৰ হয়?উত্তৰ- কেৰেলা৷১৯/ কোনখন দেশত প্ৰথম মোবাইল ফোন ব্যৱহাৰ কৰা হৈছিল?উত্তৰ- জাপান ।২০/ গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত?উত্তৰ- কাৰ্বি আংলং।২১/ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশ দ্বাৰ বুলি কোনখন চহৰক কোৱা হয়?উত্তৰ- গুৱাহাটী।২২/ পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকাটোৰ নাম কি?উত্তৰ- বুৰ্জ খলিফা।২৩/ অসমৰ সৰ্বোচ্চ জলপ্ৰপাত টোৰ নাম কি?উত্তৰ- আকাশী গংগা।২৪/ অসমৰ আটাইতকৈ ডাঙৰ পুখুৰী টোৰ নাম কি?উত্তৰ- জয়সাগৰ।২৫/ অসমৰ সৰ্ববৃহৎ ৰেলষ্টেচন টোৰ নাম কি?উত্তৰ- গুৱাহাটী।
নিপ্ৰা বসুমতাৰী