Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

অন্যান্য শিতান

মহৎ লোকৰ বাণী

১। ঈশ্বৰৰ কোনো ধর্ম নাই। – মহাত্মা গান্ধী।
২। দুর্বলে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। একমাত্র শক্তিমানৰ পৰাহে ক্ষমা পোৱাটো সম্ভৱ। —মহাত্মা গান্ধী।
৩। ত্যাগৰ দ্বাৰাহে প্ৰকৃত শান্তি ভোগ কৰিব পাৰি। – উপনিষদ।
৪। মাতৃয়ে নিজৰ সন্তানক যেনেকৈ ভাল পায় ঠিক তেনেকৈ সমগ্র পৃথিৱীখনক ভাল পাবলৈ শিকিবা। – বুদ্ধদেৱ
৫। ভয়ৰ জৰিয়তে জন্ম হোৱা ভক্তি কচুপাতৰ পানীৰ দৰেই ক্ষন্তেকীয়া।-হেম বৰুৱা।
৬। সঁচা কথা সাহসেৰে সোৱাদ লগাকৈ লিখিব আৰু ক’ব পৰাটোৱেই আজিৰ যুগৰ শ্রেষ্ঠ সাহিত্য।-লক্ষ্যধৰ চৌধুৰী।
৭। সুস্থ দেহত সুস্থ মনৰ বিকাশ ঘটোৱাটোৱেই শিক্ষাৰ উদ্দেশ্য। —এৰিষ্ট’টল।
৮। আজিৰ কাম কাইলৈ কৰিম বুলি পেলাই নথ’বা। কাৰণ কাইলৈ তোমাৰ অৱস্থা কি হ’ব তুমি নাজানা।- হজৰত মহম্মদ।

সংগ্ৰাহক

মনজিলা খাকলাৰী