ভাষা যদি এটা জাতিৰ আত্মা, সাহিত্য ভাষাৰ শ্বাস–প্ৰশ্বাস। ভাষাই যেনেকৈ এটা জাতিৰ অস্তিত্ব নিৰ্ণয় কৰে, সাহিত্যই তেনেকৈ নিৰূপণ কৰে এটা ভাষাৰ মানদণ্ড। গতিকে সাহিত্য হৈছে এটা জাতিৰ ভাষিক প্ৰকাশৰ নিৰৱচ্ছিন্ন গতি। সাহিত্যৰ এই গতিয়ে যেতিয়া কোনো এক ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি বিশ্বায়নৰ দিশে ধাৱমান হয় তেতিয়াই ই বিশ্বসাহিত্যৰ মৰ্য্যাদা লাভ কৰে। শিল, তাম, ৰূপ, সোণ, সাঁচিপাত, গছৰ বাকলি আদিক আধাৰ হিচাপে লৈ চৰাইৰ পাখি, নল খাগৰি আদিৰ সহযোগত সৃষ্টি কৰি যোৱা আমাৰ পূৰ্বজ সকলৰ কালজয়ী সাহিত্যৰাজি আমাৰ বাটকটীয়া।
সাম্প্ৰতিক বিজ্ঞান আৰু প্ৰযু্ক্তিবিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰে মানৱ সমাজৰ আমূল পৰিৱৰ্তন ঘটাইছে। সমাজ জীৱনৰ এনে পৰিৱৰ্তনৰ সমান্তৰালভাৱে সাহিত্যৰ জগতখনো স্থবিৰ হৈ থকা নাই। বিশ্বায়নৰ প্ৰভাৱে জগতত ই–বিপ্লৱৰ সূচনা কৰিছে। ছপা–মাধ্যমৰ তুলনাত ই–মাধ্যমৰ সহজ আৰু সুচল পৰিণামৰ বাবেই ই–সাহিত্য ই–বিপ্লৱৰ এক অন্যতম ফল হিচাপে পৰিগণিত হৈছে।
অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অৰুণোদয়, জোনাকী, ৰামধেনু আদি কাকতৰ অৰিহণা অনস্বীকাৰ্য। ভাষা–সাহিত্যৰ ক্ষেত্ৰত কাকতৰ এনে অৰিহণাৰ প্ৰতি দৃষ্টি ৰাখিয়েই কিজানি সাম্প্ৰতিক কোনো কোনো বুদ্ধিজীৱীয়ে অসমীয়া সাহিত্যৰ ই–জোনাকী যুগৰ সূচনা হোৱা বুলি মত প্ৰকাশ কৰিছে। মানৱ চেতনাৰ বহিঃপ্ৰকাশৰ নিৰৱচ্ছিন্ন ধাৰা লিখিত সাহিত্যৰ সুচল আৰু সহজ মাধ্যম হ’ল বাতৰিকাকত আৰু আলোচনী। ছপা–মাধ্যমৰ বাতৰিকাকত আৰু আলোচনী প্ৰকাশৰ ক্ষেত্ৰত হোৱা লেহেমীয়া গতিৰ বাবেই সাম্প্ৰতিক ই–আলোচনী আৰু ই–কাকতৰ প্ৰাধান্য বাঢ়িবলৈ ধৰিছে। কিছু পলমকৈ হ’লেও অসমীয়া ভাষাতো ই–সাহিত্য তথা ই–আলোচনীয়ে খুটি পুতিবলৈ সক্ষম হৈছে। ২০১০ চনৰ মাৰ্চ মাহৰ ১৩ তৰিখে হিমজ্যোতি তালুকদাৰৰ সম্পাদনাত প্ৰকাশিত প্ৰথমখন অসমীয়া ই–আলোচনী ‘এনাজৰী’য়ে বাট মোকলাই দিয়াৰ পিছত বৰ্তমান প্ৰায় ২৫খন মান ই–আলোচনী পঢ়িবলৈ পোৱা যায়।
কাৰ্বি আংলং জিলাৰ ডক্মকা অঞ্চলত অৱস্থিত থংনক্বে মহাবিদ্যালয়ৰ অসমীয়া বিভাগেও ২০২৪ চনৰ ১৯ ছেপ্তেম্বৰ তাৰিখে ‘অংকুৰণ’ নামেৰে এখনি বছেৰেকীয়া ই–আলোচনী প্ৰকাশ কৰে। বিভাগটোৰ পৰা অসমীয়া প্ৰধান বিষয় হিচাপে লৈ পাছ কৰি যোৱা ২০১৩ চনৰ পৰা প্ৰাক্তন ছাত্ৰ–ছাত্ৰীসকলৰ সৃষ্টিৰাজিৰে সজাই তোলা প্ৰথম সংখ্যাৰ ‘অংকুৰণ’ত গল্প, কবিতা, প্ৰৱন্ধ, কুইজ আদি বিভিন্ন শিতান সন্নিৱিষ্ট হৈছে। মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক–অধ্যাপিকাসকলৰ সহযোগত সৃষ্টি হোৱা ই–আলোচনীখনত বিভাগীয় শিক্ষকসকলৰ অৱদানৰ উপৰিও কেইবাগৰাকীও প্ৰাক্তন শিক্ষকৰ তত্ত্বগধূৰ লেখাই আলোচনীখনে পঢ়ুৱৈ সমাজক অধিক আকৃষ্ট কৰি তুলিছে। প্ৰথম সংখ্যাৰ দৰেই এইবাৰো ২০২৫ চনত ‘অংকুৰণ’ৰ দ্বিতীয় সংখ্যা প্ৰকাশৰ বাবে বিভাগটো সাজু হ’ব ধৰিছে। যোৱাবাৰৰ দৰেই এইবাৰো প্ৰাক্তন ছাত্ৰ–ছাত্ৰীসকলৰ অৱদান ভৰপূৰ। পদ্মশ্ৰী ৰংবং তেৰাংদেৱৰ শুভেচ্ছা বাণীৰ লগতে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী মহোদয়, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সূৰ্য কান্ত হাজৰিকাদেৱ আৰু থং নক্বে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নোমল চন্দ্ৰ ফখৰাৰীদেৱৰ শুভাশীষে যে আলোচনীখন অধিক আকৰ্ষণীয় কৰি তুলিব তাত সন্দেহ নাই। বিকাশৰ ফালৰ পৰাও আলোচনীখনত সন্নিৱিষ্ট হোৱা ড° উপেন ৰাভা হাকাচাম, প্ৰাধ্যাপক, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়; ড° কুসুম্বৰ বৰুৱা, প্ৰাধ্যাপক, অসমীয়া বিভাগ, অসম বিশ্ববিদ্যালয়, ডিফু চৌহদ; সঞ্জীৱ পল ডেকা, অসমীয়া বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়; ভবেন চন্দ্ৰ কোচ, প্ৰাক্তন সভাপতি, কাৰ্বি আংলং জিলা সাহিত্য সভা; ড° প্ৰেমানন্দ মোচাহাৰী, প্ৰাক্তন সভাপতি, বড়ো সাহিত্য সভা; গীতা হাঞ্চেপী, অধ্যাপক, ডিফু চৰকাৰী মহাবিদ্যালয় আদি গণ্যমান্য লেখকসকলৰ সৃষ্টিৰাজিয়ে অধিক তত্ত্বগধূৰ কৰি তুলিব বুলি আশা ৰাখিছোঁ। তেখেত সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
এখন আলোচনী যিমানেই তত্ত্বগধূৰ সম্বলিত লেখাৰে ভৰপূৰ নহওক কিয় যেতিয়ালৈকে পঢ়ুৱৈ সমাজে আদৰি ল’ব পৰা নহয় তেতিয়ালৈকে সি আলোচনীৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে। আমাৰ অংকুৰণেও দ্বিতীয় বাৰ অংকুৰিত হ’বলৈ নাপালে হেঁতেন যদি থং নক্বে মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে সাৰুৱা মাটি ডোখৰ যোগান নধৰিলে হেঁতেন। অংকুৰণৰ দ্বিতীয় সংখ্যা প্ৰকাশৰ ক্ষেত্ৰত অধ্যক্ষ ড° ধঞ্জয় নাৰ্জাৰী দেৱৰ অৰ্থনৈতিক অৰিহণা আৰু মানসিক অনুপ্ৰেৰণাৰ বাবে তেখেতলৈ কৃতজ্ঞতা আৰু আন্তৰিক ধন্যবাদ যাঁচিছো।
আলোচনী বুলিলে বেটুপাত অপৰিহাৰ্য্য। অসমীয়া বিভাগৰ অধ্যাপিকা, চিত্ৰশিল্পী মণিকংকনা কোচে ই–আলোচনী আংকুৰণৰ বেটুপাতটি অতি সুন্দৰ ভাৱে অংকণ কৰি দিয়া বাবে তেওঁলৈ আন্তৰিক ধন্যবাদ যাঁচিছো। ছাত্ৰ–ছাত্ৰীসকলৰ লেখাত ভুল–ত্ৰুটি বিচাৰ কৰা ক্ষেত্ৰত অকৃত্ৰিম সহায় আগবঢ়োৱা বিভাগীয় অধ্যাপিকা ববী কলিতা আৰু মণিকংকনা কোচলৈ ধন্যবাদ জনাইছোঁ। আমাৰ সংগৃহীত লেখাসমূহ ই–আলোচনী ৰূপত সজাই–পৰাই পঢ়ুৱৈৰ দৃষ্টিগোচৰ কৰি তোলাত ৱেব ডিজাইনাৰ Corexxৰ হৈ কাম কৰা প্ৰাঞ্জল কুমাৰ শইকীয়া আৰু চন্দন নাথলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ।
শেষত, ই–জগতৰ অসংখ্য নেতিবাচক দিশৰ মাজতে যে ই–সাহিত্য বা ই–আলোচনীৰ দৰে ইতিবাচক দিশো আছে তাক অস্বীকাৰ কৰিব নোৱাৰি। অসমীয়া ভাষা–সাহিত্যক বিশ্বদৰবাৰলৈ লৈ যোৱা ক্ষেত্ৰত আটাইতকৈ বেছি সহজ আৰু সুচল পথ হৈছে ই–সাহিত্য। ই–সাহিত্যৰ জগতখনত আমাৰ ই–আলোচনী ‘অংকুৰণে’ অসমীয়া ভাষাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সামান্য পৰিমাণে হলেও অৰিহণা যোগাব বুলি আমি আশাবাদী। পঢ়ুৱৈ সমাজে আদৰি ল’লে আমাৰ কষ্ট সাফল্য হ’ব।
‘অংকুৰণ’ৰ উত্তৰোত্তৰ মঙ্গল কামনা কৰি অনাকাঙ্ক্ষিত ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনাৰে—
