Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

মা

মা অ’ মা
তুমি কিয় এৰি গ’লা মোক?
এই বিশাল পৃথিৱীত মোক অকলে কিয় এৰি গ’লা মা?
জীৱনৰ বাটত মোক অকলে এৰি তুমি ক’লৈ গুচি গ’লা মা ?
মা অ’ মা
মই শুব পৰা নাই অ’ মা
আহা না
মোৰ কপালত চুমা এটি খাই
হাত বুলাই দিয়া না মা ।
কোলাত লৈ নিচুকণি গীত গাই
টোপনি যোৱাবলৈ চেষ্টা কৰা না মা,
মা অ’ মা
কাষলৈ আহাঁ না মা

ভদ্ৰেশ্বৰী বসুমতাৰী

প্ৰাক্তন ছাত্ৰী