Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

গল্প

জয়চিং

“সোমাব পাৰোঁনে ছাৰ?” ঘূৰি চাই দেখিলোঁ জয়চিং।“অ’ জয়চিং , আহা, সোমাই আহা।” সেমেনা-সেমেনিকৈ সি শ্ৰেণীকোঠাৰ ভিতৰলৈ সোমাই আহিল।

“আজি তোমাৰ ইমান পলম হ’ল যে জয়চিং?” মই সুধিলোঁ।

জয়চিংঃ “আজি বহুত কাম কৰিব লগা হ’ল ছাৰ,সেই বাবে দেৰি হ’ল।”

এইবাৰ মই অলপ উপহাস কৰিয়েই আকৌ সুধিলোঁ,

“হাও! তুমিনো কি ইমান কাম কৰিলা অ’ জয়চিং?”

জয়চিংঃ “এ ছাৰ, চোতাল সাৰিলোঁ, ঘৰ সাৰিলোঁ, ঘৰৰ ৰুম কেইটা মচিলোঁ, ভাত ৰান্ধিলোঁ।”

ছাত্ৰ জনৰ কথা শুনি মই অবাক! এই কণমাণি ল’ৰাজনে সচাই ইমান কাম কৰিব লাগেনে? সুদূৰ কাৰ্বি পাহাৰৰ ল’ৰা-ছোৱালীবোৰ নিজৰ ঘৰ এৰি পঢ়িবলৈহে আহে। এইটো হয় যে সিহঁতে যিহেতু থকা-খোৱা সুবিধাকণ পোৱাৰ বাবদ সৰু-সুৰা দুই-এটা কামত সহায় কৰি দিব লগা হয়। সেই বুলি অতিমাত্ৰা হোৱা নাইনে?

এইবাৰ কথা এটা জানিবলৈ মোৰ কৌতুহল জন্মাত সুধিলোঁ, “তুমি থকা গৃহস্থ ঘৰত দুজনী গাভৰু ছোৱালী নাই জানো? সিহঁতে একো কাম নকৰে নে?”

জয়চিংঃ “নকৰে ছাৰ। মইয়ে সকলো কৰিব লাগে। বৰমায়ে ভাত কেইটা ৰান্ধে। বৰমা যিদিনা নোৱাৰে মইয়ে ভাত কেইটা ৰান্ধিব লাগে। আজি বৰমা নোৱাৰা হোৱাৰ বাবে মইয়ে ৰাতিপুৱাৰ ভাত কেইটাও ৰান্ধিব লগা হ’ল।”

মই আৰু তাক একো নুসুধিলোঁ। মাথো তাক ওচৰলৈ মাতি আনি মৰমেৰে ক’লো, “তুমি ভালকৈ পঢ়িবা, সদায় বিদ্যালয়লৈ আহিবা, কেতিয়াবা অলপ পলম হ’ল বুলিয়েই নহাকৈ নাথাকিবা। এতিয়া যোৱা তোমাৰ ঠাইত বহাগৈ।”

জয়চিঙৰ কথাবোৰে মোক ধনচিং আৰু জিৰচঙৰ কথালৈ মনত পেলাই দিলে। প্ৰায় পাঁচ বছৰ মানৰ আগত সিহঁত দুয়োজনে পঢ়িবলৈ বুলিয়েই কাৰ্বি পাহাৰৰ পৰা নামি আহিছিল। হঠাৎ এদিন ৰাতি সিহঁত দুয়োজনে গৃহস্থয়ে নজনাকৈ পলাই যায়। বিচাৰ-খোচাৰ কৰি জালুগুটি নামৰ ঠাইত ৰাতি পেট্ৰলিঙলৈ যোৱা পুলিচে পায়, গৃহস্থৰ হাতত গতাই দিয়ে।

পিছত সহপাঠী বন্ধু বোৰৰ পৰা জানিবলৈ পাইছিলোঁ যে সিহঁতে কামৰ হেচাঁ সহ্য কৰিব নোৱাৰি পলাই যোৱাৰ কথা প্ৰায় কৈ থাকে।

কিয় এনেকুৱা কঠোৰ অন্তৰৰ মানুহবোৰ? কেৱল শিক্ষা গ্ৰহণ কৰি ভৱিষ্যত গঢ়িবলৈ মাকৰ বুকুৰ উম, দেউতাকৰ ছত্ৰছায়াৰ পৰা আতঁৰ হোৱা এই কণ-কণ শিশুবোৰক এচাম মুখা-পিন্ধা ভদ্ৰলোকে ইমান নিৰ্মম ব্যৱহাৰ কৰে ! তেওঁলোকৰো নিজৰ সন্তান আছে; তেনেহ’লে কিয় মমতা জাগি নুঠে অন্য মাতৃৰ সন্তানৰ প্ৰতি? কোনে জানে জয়চিং, ধনচিং, জিৰচং হঁতৰ দৰে কিমান শিশুৱে শিক্ষা গ্ৰহণৰ নামত এচাম তথাকথিত ভদ্ৰলোকৰ স্বাৰ্থৰ বলি হৈছে।

বিদুৰ পাটৰ

প্ৰাক্তন ছাত্ৰ, ২০১৫