Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

শুভেচ্ছা বাণী

শুভেচ্ছা বাণী : প্ৰবীন কুমাৰ মহন্ত

               কাৰ্বি আংলং জিলাৰ ঐতিহ্যমণ্ডিত থং নক্‌বে মহাবিদ্যালয়ে প্ৰায় চাৰি দশক জিলাখনৰ উচ্চশিক্ষাৰ ক্ষেত্ৰলৈ প্ৰভূত বৰঙনি আগবঢ়াই আহিছে।

               সাম্প্ৰতিক সময়ৰ ই-সাহিত্যৰ বহুল প্ৰচাৰ তথা জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ দ্বাৰা “অঙ্কুৰণ” নামকৰণেৰে এখনি ই-আলোচনী প্ৰকাশৰ ব্যৱস্থা কৰা বুলি জানি অতিশয় সুখী হৈছোঁ।

            বাৰেৰহণীয়া সাহিত্য সংস্কৃতিৰ মিলনভূমি অসমৰ বৃহত্ত্বম জিলাখনৰ আৰ্থ-সামাজিক, সাহিত্য-সাংস্কৃতিক তথা শৈক্ষিক বিষয় সমূহ ই-আলোচনীখনত সন্নিবিষ্ট হওক, “অঙ্কুৰণ”ত অঙ্কুৰিত বীজ কাৰ্বি আংলং জিলাৰ ভৌগলিক পৰিসীমা অতিক্ৰমি বিশ্বজনীন পথত অগ্ৰসৰ হওক, এই শুভকামনাৰে—–

প্ৰবীন কুমাৰ মহন্ত

অৱসৰপ্ৰাপ্ত অধ্যক্ষ,থং নক্‌বে কলেজ
৪/০৭/২০২৪