Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

গল্প

ৰিয়াৰ জীৱন কাহিনী

               ঘৰখনত চাৰিজন লৰা ছোৱালী। তিনিজন লৰা আৰু এজনীয়েই ছোৱালী, ৰিয়া। ৰিয়া স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী। দেউতাকে যথেষ্ট মৰম কৰিছিল। ছয়জনীয়া পৰিয়ালটোক দেউতাকে কেতিয়াও অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিল। যেতিয়াই যি প্ৰয়োজন হৈছিল আনি দিছিল। গৰমৰ দিনত টকাৰ কথা চিন্তা নকৰি আম,লিচু,আনাৰস আনি দিছিল। সকলোকে বতৰৰ ফল বতৰতে খোৱাইছিল। নিৰামিষ ভাতসাজ খালে যেন বেমাৰহে হ’ব, এনেকুৱা আছিল ঘৰখনৰ মানুহবোৰ। সেয়ে দেউতাকে প্ৰায়ে মাছ-মাংস আনিছিল। কোনোদিনেই কোনো কথাতে সংকোচ বা কৃপনালি কৰা নাছিল। নিজৰ সামৰ্থ অনুযায়ী মৰমবোৰ উজাৰি দিছিল। এদিন দেউতাকে কৈছিল–“মই থাকোতেই যি কৰিবলৈ মন আছে কৰি ল, যি খাবলৈ মন আছে খাই ল, পাছত বা খাবলৈ পাৱ নে নাপাৱ ! তহঁতৰ ভাগ্যত বা কি লিখা আছে !” দেউতাকে ধেমালিৰ সুৰত কোৱা এই কথাষাৰ যে এদিন বাস্তৱ হৈ পৰিব কোনে জানিছিল! ৰিয়াৰ বাবে এই বাক্যশাৰী যেন অভিশাপহে আছিল।

               এনেদৰে কিছুদিন পাৰ হ’ল। এদিন ৰিয়াৰ বাবে এটি বিয়াৰ প্ৰস্তাৱ আহিল। বিয়াত বহিবলৈ তাইৰ একেবাৰেই ইচ্ছা নাছিল। তাই ভাবিছিল স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈ তাই নিজৰ ইচ্ছা অনুসৰি কাম আৰম্ভ কৰিব, নিজৰ ভৰিত নিজে থিয় দিব, স্বাৱলম্বী হ’ব, এগৰাকী ভাল মানুহ হিছাপে নিজকে প্ৰতিস্থিত কৰিব। কিন্তু ল’ৰাটো আৰু ঘৰখন ভাল দেখি দেউতাকে তাইক বিয়া দিয়াৰ কথা থিৰাং কৰিলে। ৰিয়া নিৰুপায়। কিছুমান প্ৰতিশ্ৰুতিৰ বিনিময়ত তাই মনৰ আশাবোৰ মনতে ৰাখি বিয়াত বহিল। মনতে সংকল্প কৰিছিল যে বিয়াৰ পাছত হলেও তাই পঢ়া সম্পূৰ্ণ কৰিব। কিন্তু কথাতে কয় বোলে হৰিয়ে দিলেও বিধাতাই নিদিয়ে। ৰিয়াৰ ক্ষেত্ৰতো সেয়ে হ’ল। তাই যি ভাবিছিল সেই ভাববোৰ যেন পানী হৈ গ’ল, সপোনবোৰ যেন ভাঙি চিঙি শেষ হৈ গ’ল। তাই ভবাধৰণে সকলোবোৰ নহ’ল। কিতাপৰ সলনি তাই পাক্‌ঘৰত বন্দী হ’ব লগা হ’ল।

               ৰিয়াই এক নতুন জীৱনৰ পাতনি মেলিছিল। তাইৰ সংসাৰখন চকুত লগাকৈ আগবাঢ়িল। এনেদৰে তিনি বছৰ পাৰ হ’ল। তাইৰ জীৱনলৈ এটি কণমানি আহিল। সংসাৰ দুজনৰ পৰা তিনিজন হ’ল- ৰিয়া, ৰিয়াৰ স্বামী আৰু ৰিয়াৰ চকুৰ মণি সৌৰ। সৌৰ ৰিয়াৰ একমাত্ৰ সন্তান।

               সময় বাগৰিল । চাওঁতে চাওঁতে ৰিয়াৰ বুকুৰ উমত সৌৰ এবছৰীয়া হ’ল। তাক লৈ ৰিয়াৰ অলেখ সপোন। সি ডাঙৰ হ’লে কি কৰিব, তাক কি পিন্ধাব, কি খোৱাব ইত্যাদি হাজাৰ-বিজাৰ কথাই তাইৰ মনত দেও দিবলৈ ধৰিলে। এনেদৰে সময় আগবাঢ়িল, সৌৰ দুবছৰীয়া হ’ল। তেনেকুৱাতে হঠাৎ অহা এজাক কাল ধুমুহাই তাইৰ সপোনবোৰ ভাঙি চূৰমাৰ কৰি পেলালে। তাই সপোনতো ভবা নাছিল যে তাই স্বামী ড্ৰাগছৰ প্ৰতি আসক্ত। কথাবোৰ গম পোৱাৰ পাছত তাই সম্পূৰ্ণৰূপে ভাঙি পৰিছিল। কথাবোৰে তাইৰ অন্তৰত বৰকৈ আঘাত কৰিছিল। তাই ভাবিছিল কথাবোৰ আগতে গম পোৱা হ’লে তাই এই বিয়াত কেতিয়াও নবহিলে হেঁতেন। তাইৰ চিন্তা ক্ৰমান্বয়ে বাঢ়ি গৈছিল। দেউতাকক ফোন কৰি কান্দি কান্দি কৈছিল- “কি ভাল ল’ৰা চাই মোক বিয়া দিছিলা দেউতা ? মই জনামতে সি মোক বিয়া কৰোৱাৰ আগৰ পৰাই ড্ৰাগছ সেৱন কৰিছিল, কথাবোৰ তুমি জনা নছিলা নেকি দেউতা?” উত্তৰত দেউতাকে কৈছিল-“নাপাওঁ, যদি গম পালো হয় সি তেনেকুৱা বুলি তোক কেতিয়াও তালৈ বিয়া নিদিলো হয়”।

               ৰিয়াই দেউতাকৰ কথাখিনি শুনি বহুত ভাবি-চিন্তি সিদ্ধান্ত ল’লে, এতিয়া তাই শক্তিশালী হ’ব, নিজৰ বাবে নহ’লেও সৌৰৰ বাবে। বাপেকৰ সহযোগিতা নোহোৱাকৈ তাই অকলে হ’লেও সৌৰক মানুহ কৰিব। হাজাৰ মানসিক অশান্তিৰ মাজতো সৌৰক বুকুত সাৱতি ৰিয়াই দিন পাৰ কৰিবলৈ ধৰিলে।

               নিজে চাই-চিতি বিয়া দিয়া ছোৱালীৰ অশান্ত সংসাৰে পিতৃৰ হৃদয়ত দুখ আৰু অপৰাধবোধে তোলপাৰ লগায়। ৰিয়াৰ দেউতাকৰ ক্ষেত্ৰতো সেয়ে হ’ল। অপৰাধবোধৰ বোজা বহন কৰিব নোৱাৰি এদিন ৰিয়াৰ মাক, দেউতাক আৰু ককায়েকে তাইক একেবাৰে ঘৰলৈ লৈ যাবলৈ আহিল। তায়ো আৱেগৰ বশৱৰ্তী হৈয়ে দেউতাকহঁতৰ কথামতেই কাপোৰ কানি সামৰি লৈছিল। কিন্তু হঠাৎ তাইৰ মাক-দেউতাকৰ মান-সন্মানৰ কথা মনলৈ আহিল, ককায়েকৰ সন্মানৰ কথা মনলৈ আহিল। তাই যদি ঘৰলৈ গুচি আহে ঘৰখনৰ সন্মান নাইকিয়া হৈ যাব, ওচৰ চুবুৰিয়াই সমালোচনা কৰিব, বেয়া দৃষ্টিৰে চাব। এই সকলোবোৰ কথা ভাবিয়েই তাই শহুৰেকৰ ঘৰতে থকাৰ সিদ্ধান্ত লয়। কিন্তু তাতো তাই শান্তি পোৱা নাছিল। এচাম মানুহে মানসিক অত্যাচাৰ চলাইছিল, গালি পাৰিছিল, কিন্তু তথাপি সকলোবোৰ সহ্য কৰি তাই দিন অতিবাহিত কৰিছিল একমাত্ৰ সৌৰৰ কাৰনে। সৌৰক তাই কেনেকৈ ডাঙৰ-দীঘল কৰিব, পঢ়াই-শুনাই কেনেদৰে এজন ভাল মানুহ কৰিব তাক লৈয়ে তাইৰ অসংখ্য চিন্তা। এনেবোৰ চিন্তাৰ মাজেৰেই দিনবোৰ পাৰ হৈছিল। মাজে সময়ে তাইৰ টকাৰ অভাবো হৈছিল, কিন্তু টকা অহাৰ কোনো বাট দেখা নাছিল। এনে বিপদৰ সময়ত আপোন মানুহবোৰে সহায়ৰ হাত আগবঢ়োৱাৰ সলনি তাইক ভিক্ষাৰী বুলি পৰিচয় দি অপমান কৰিছিল। সেই অপমানো তাই সহ্য কৰিছিল। সৌৰৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আৰ্থিকভাৱে কিছু স্বাৱলম্বী হ’বলৈ তাই এখন পাৰ্লাৰ খুলিলে, লগতে কেইজনমান লৰা-ছোৱালীক টিউচন পঢ়াবলৈ আৰম্ভ কৰিলে। তাৰ পৰা যিকেইটা টকা উপাৰ্জন হয় তাক লৈয়ে তাই সন্তুষ্ট। এতিয়া আৰু তাই আনৰ ওচৰত হাত নপতাকৈ নিজ উপাৰ্জনৰ টকাৰে নিজৰ আৰু সৌৰৰ প্ৰয়োজনবোৰ পূৰণ কৰিব পৰা হৈছে। তাই সৌৰক কয়-“জীৱনৰ এই দীঘলীয়া বাটটোত ভগৱানে যিমান দিন ৰাখে সিমান দিন তোমাৰ লগতে থাকিম দেহা”।

               নিজৰ প্ৰয়োজন সকলো বাদ দিছে ৰিয়াই। নিজৰ ভাল লগাবোৰ, নিজৰ বাবে সুখ বিচৰিবলৈ এৰিছে তাই, কেৱল কণমাণি সৌৰেই এতিয়া তাইৰ জীৱনৰ কেন্দ্ৰবিন্দু। সৌৰেই তাইৰ জীৱন। তাইৰ ওচৰত বিকল্প আছিল, ইচ্ছা কৰা হলে তাই এটা ভাল জীৱনৰ সন্ধানত আগবাঢ়িব পাৰিলে হেঁতেন, কিন্তু তাই নোৱাৰে ইমান স্বাৰ্থপৰ মাতৃ হ’বলৈ।

               ৰিয়াৰ আত্মবিস্বাস আছে। তাই এতিয়া অকলেই সৌৰক ডাঙৰ কৰিব পাৰিব। পঢ়াব পাৰিব। এজন ভাল মানুহ কৰিব পাৰিব। জীৱনৰ বাটত হাতে-হাত ধৰি আগবাঢ়ি যোৱাৰ মিছা প্ৰতিশ্ৰুতি দিয়া স্বাৰ্থপৰ ব্যক্তিজনৰ আৰু তাইক প্ৰয়োজন নহয়।

পুষ্পিতা শইকীয়া

প্ৰাক্তন ছাত্ৰী , ২০১২