Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

গল্প

বন্ধুত্ব

: বিৰহুন ভাই তই বি.এ ক’ত পঢ়িবি ?

: ঘৰৰ আৰ্থিক অৱস্থা বহুত বেয়া অ’ ৰাহুল, মই ডকমকাৰ থং নকবে কলেজতে পঢ়িম ।

               ৰাহুল,সুকুৰছিং,গৌতম আৰু বিৰহুন, স্কুলীয়া দিনৰ পৰাই চাৰিওৰে মাজত বেছ ভাল বন্ধুত্ব আছিল। এজনে আনজনক এৰি কোনো কামেই নকৰিছিল সিহঁতে । ক’ৰবালৈ গ’লেও একেলগে গৈছিল, খালেও একেলগে খাইছিল। কেতিয়াওঁ লগ এৰা এৰি নহৈছিল । চাৰিজনৰ মাজত ইমানেই গভীৰ বন্ধুত্ব আছিল যে সুকুৰছিঙৰ মাজে মাজে অনুভৱ হৈছিল সিহঁতৰ দৰে এনে বন্ধুত্ব পৃথিৱীত বিচাৰিলেও কিজানি পোৱা নাযাব ! চাৰিওজনৰে ঘৰ পাৰখোৱা অঞ্চলত । একেখন গাঁৱৰে নহয় যদিও পাৰখোৱা বজাৰত প্ৰায়ে লগ হৈছিল চাৰিও । দূৰলৈ পঢ়িবলৈ যাবলৈ বিৰহুনৰ ঘৰৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল গতিকে সিন্ধান্ত হৈছিল যে চাৰিও বন্ধু য’ত পঢ়িব একেলগে পঢ়িব আৰু একেখন কলেজতে পঢ়িব । উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত আটাইকেইজনৰ মনত বেছ স্ফূৰ্টি। সিহঁতবোৰ এতিয়া কলেজত পঢ়িব । আলোচনা কৰি সিন্ধান্ত ল’লে থং নকবে কলেজৰ অসমীয়া বিভাগতে চাৰিও নামভৰ্তি কৰিব ।

: কিন্তু এটা কথা বিৰহুন ! আমি অসমীয়াত মেজৰ লৈ পঢ়িব পাৰিম জানোঁ !

: পাৰিম । কিয় নোৱাৰিম ! চেষ্টাৰ অসাধ্য একো নাই গৌতম । গতিকে আমিও চেষ্টা কৰিম ।

               মহাবিদ্যালয়ত সিহঁতৰ প্ৰথমটো দিন । স্নাতক প্ৰথম ষান্মাসিকৰ প্ৰথমটো ক্লাছ । চাৰিও বন্ধু পাৰখোৱা বজাৰত লগ হৈ বাছেৰে কলেজলৈ গ’ল। । মহাবিদ্যালয়ত প্ৰৱেশ কৰিয়েই মহাবিদ্যালয়খনৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি ভাৱেৰে সেৱা জনালে । ইয়াৰ পাছত বিভাগৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগত পৰিচয় হ’ল । এনেদৰে ক্লাছবোৰ নিয়মিতভাবেই কৰি গৈছিল চাৰিও। শিক্ষকসকলেও যথেষ্ট মৰম কৰিছিল । সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াইছিল, কোনো বিষয় নুবুজিলে বাৰে বাৰে বুজাই দিছিল । বিভাগৰে এগৰাকী বাইদেউয়ে সিহঁতক যথেষ্ট মৰম কৰিছিল । চাৰিওৰে মাজত আলোচনা হৈছিল-

: বাইদেউয়ে আমাক ইমান মৰম কৰে আমি কেতিয়াও বাইদেউৰ কথা নেপেলাও, কেতিয়াও অৱহেলা নকৰো দেই ।

: অ নকৰো কেতিয়াও ।

               বিশেষ অসুবিধাৰ বাবে গৌতম আৰু সুকুৰছিং কেইদিনমান কলেজলৈ যোৱা নাছিল । ৰাহুল আৰু বিৰহুনো ক্লাছলৈ নোযোৱা হ’ল । বাইদেউৰ কথাবোৰ গুৰুত্বসহকাৰে নোলোৱা হ’ল । বাইদেউয়ে ফোনেৰে কলেজলৈ নহাৰ কাৰণ সুধিলে সিহঁতে মিচা কথাৰ আশ্ৰয় লোৱা হ’ল। সিহঁতে জানিছিল ক্লাছলৈ নোযোৱাৰ বাবে বাইদেউয়ে অলপ বেয়া পাইছিল । ভুলটো অৱশ্যে সিহঁতৰে । যিগৰাকী শিক্ষকৰ কথা কেতিয়াও নেপেলাওঁ বুলি থিৰাং কৰিছিল সেইগৰাকী শিক্ষকক অৱহেলা কৰাৰ দৰে অনুভৱ হ’ল ।এনেদৰে শিক্ষকৰ কথা অৱহেলা কৰিলে জীৱনত কেতিয়াওঁ আগুৱাই যাব নোৱাৰি । সেই কথা অনুভৱ কৰি চাৰিও অনুশোচনাত ভূগিছিল । সেয়ে বাইদেউৰ ওচৰলৈ গৈ নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা বিছাৰি যোৱাৰ সিদ্ধান্ত লৈছিল । বাইদেউয়ে কিন্তু সিহঁতক কেতিয়াবাই ক্ষমা কৰিছিল । বাইদেউয়ে কৈছিল-: ‘তোমালোকে যে নিজৰ ভুলটো বুজি পাইছা,সেইটোয়ে বহুত । তোমালোকে কেৱল পঢ়া আৰু ভাল মানুহ হোৱা মই সেইটোৱে বিচাৰোঁ ।’ এতিয়া সিহঁতেও পুনৰ আগৰ দৰে নিয়মিত ক্লাছলৈ যাবলৈ ধৰিলে, পঢ়াত মনোযোগ দিবলৈ ধৰিলে । আৰু অৱশেষত বাইদেউৰ লগতে বিভাগৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ মৰম, শাসন আৰু আশীৰ্বাদ ফলস্বৰূপে চাৰিওঁ বন্ধু একেলগে ২০১৮ চনত অসমীয়া বিভাগৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ’ল ।

বিৰহুন ক্ৰ

প্ৰাক্তন ছাত্ৰ, ২০১৮