Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

প্ৰৱন্ধ

বড়ো জনগোষ্ঠীৰ সাজপাৰ

               অসম তথা পূৱভাৰতত থকা বড়ো বা বড়ো কছাৰীসকলক পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ ভাষা পৰিয়াল “চীন-তিব্বতীয়” ঠালৰ মঙ্গোলীয় গোষ্ঠীৰ মানুহ বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে। পণ্ডিতসকলৰ মতে খ্রীষ্ট পূৰ্ব দুহেজাৰ বছৰৰ পূৰ্বে চীন দেশৰ উত্তৰ- পশ্চিম অঞ্চলত এওঁলোকৰ বাসস্থান আছিল। কালক্রমত তেওঁলোকে তাৰপৰা দক্ষিণ-পূব এছিয়াত সিঁচৰিত হৈ পৰে। তেওঁলোকৰে এটা ঠাল দক্ষিণ-পূব এছিয়াৰ মাজেদি পোনে পোনে আহি তিব্বতত প্রায় এহেজাৰ বছৰ কাল কটায়। সেই তিব্বত দেশৰ পৰাই তেওঁলোকৰ কিছুমানে ব্ৰহ্মপুত্ৰ নদীয়েদি পূব ভাৰতত সোমাই পাট-কাপোৰৰ বেহা- বেপাৰ কৰিছিল। তেওঁলোকে নিজকে ‘বড়ো’ নামে পৰিচয় দিছিল। বড়ো ভাষা কোৱা জনসাধাৰন অসমৰ কোকৰাঝাৰ, গোৱালপাৰা, কামৰূপ, বঙাইগাঁও, বৰপেটা, দৰং, নলবাৰী, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, নগাঁও, কাৰ্বি আংলং আৰু বিভিন্ন অঞ্চলত সম্প্রসাৰন হৈ বৰ্তমানেও জীৱন নিৰ্বাহ কৰি আছে। বড়ো ভাষা বড়োলেণ্ড স্বায়ত্ত্বশাসিত অঞ্চলৰ চৰকাৰী ভাষা আৰু অসমৰ সহ-চৰকাৰী ভাষা৷ই ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত তালিকাভুক্ত ২২টা ভাষাৰ ভিতৰত এটা অন্যতম ভাষা। ১৯৭৫ চনৰ পৰাই এই ভাষা লিখিবলৈ দেৱনাগৰী লিপি ব্যৱহাৰ কৰা হয়।

সাজপাৰ :

               দখনা বড়ো সংস্কৃতিৰ পৰম্পৰাগত সাজপাৰ। তেওঁলোকৰ এই বিশেষ সাজ-পোচাকযোৰ বেছিভাগেই নিজ হাতেৰে তৈয়াৰ কৰি লয়। বড়োসকলে প্রাচীন কালৰ পৰাই পৰম্পৰাগত ভাবে নিজে তৈয়াৰ কৰা কাপোৰ পিন্ধি আহিছে। বস্ত্র উৎপাদনত বড়ো মহিলাসকল অত্যন্ত দক্ষ আৰু উৎসাহী। বড়ো মহিলাসকলে দখনাৰ(दखना) লগতে গাত চাদৰ(फास्रा) লয়। এই দখনা আৰু চাদৰৰ মাজত তোলা ফুলৰ চানেকিবোৰ অতি সুন্দৰ। ফুলৰ চানেকিবোৰ তোলাৰ সময়ত বড়ো ছোৱালীবোৰে সপোনৰ তুলিকা ৰচে ৷ বড়োসকলে দখনাত বিভিন্ন ধৰনৰ ফুলৰ চানেকি তুলি লয়। এইদৰে বড়ো মহিলাসকলে বিভিন্ন ৰঙৰ সূতাৰে আৰু ফুলৰ চানেকি লৈ দখনা, জৌমগ্রা(जोमग्रा), কেচুঁৱাক বোকোচা বান্ধি লোৱা কাপোৰ (बाग्रा फालि), গামোচা(गामसा) ফালি(फालि), আৰ’নায়(आर’नाय) আদি নিজ হাতেৰে তাঁত শালত বৈ তৈয়াৰ কৰি লয়। এসময়ত কাপোৰ ব’ব নজনা ছোৱালীবোৰক আৱলুৰী(आवलुरि) বুলি কৈছিল আৰু কোনেও বিয়া কৰিব নিবিছাৰিছিল। সেয়েহে প্রতিগৰাকী বড়ো ছোৱালীয়ে কাপোৰ বোৱা-কটা কাম-কাজত মনোনিৱেশ কৰিছিল।

               বড়ো মহিলাসকলে সাধাৰনতে দুই ধৰণৰ সাজ-পাৰ পৰিধান কৰা দেখিবলৈ পোৱা যায়। বিজনীৰ পৰা পশ্চিম ফালৰ বড়ো মহিলাসকলে দখনা (लांगा दखना) পৰিধান কৰে আৰু ইয়াৰ পূবফালৰ মহিলাসকলে মেখেলা(अग्रं ) পিন্ধে। বৰ্তমান সময়ত দখনাখনক(लांगा) উঠি অহা নৱ প্রজন্মই পিন্ধিবলৈ লৈছে। বড়ো মহিলাসকলে এড়ী পলু পালন কৰি এড়ী সূতাৰে এড়ী কাপোৰ বয়। বড়ো সকলে পিন্ধা বেছিভাগ কাপোৰ বিভিন্ন ৰঙৰ সূতাৰে অতি সুন্দৰ আৰু আকৰ্ষনীয় কৰি বোৱা হয়। বড়ো মহিলাসকলৰ বেছিভাগেই ৰঙা, হালধীয়া, সেউজীয়া ৰঙৰ কাপোৰ পচন্দ কৰে । ইয়াৰ উপৰিও বিভিন্ন ৰং পচন্দ কৰা দেখা যায় । বড়ো মহিলা সকলে ৰঙীন সূতাৰে গাত লোৱা কাপোৰ জৌমগ্ৰা তৈয়াৰ কৰি লয় । তেওঁলোকে জৌমগ্ৰাবোৰ বিভিন্ন ৰঙৰ সূতাৰে দাগ্লাৰ দাগ্লিৰ (दाग्ला दाग्लि), ফাখ্ৰা চিখ্ৰা (‌फाख्रा-सिख्रा) আদি চানেকি তৈয়াৰ কৰি লয় ।

বড়োসকলৰ পোছাকক দুটা ভাগত ভাগ কৰিব পাৰি:

১। মহিলাসকলে পিন্ধা কাপোৰ ।
২। পুৰুষসকলে পিন্ধা কাপোৰ ।

১/ মহিলাসকলে পিন্ধা কাপোৰ –
(ক) দখনা: বড়ো মহিলাসকলে পৰিধান কৰা কাপোৰৰ ভিতৰত প্ৰধান হৈছে দখনা। দখনা বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতীক। দখনা পৰম্পৰাগত ফুলৰ চানেকিযুক্ত৷ ইয়াক বড়ো ভাষাত আগৰ (आगर) বুলিও কোৱা হয়। দখনা বিভিন্ন সূতাৰে তৈয়াৰ কৰা হয়। যেনে: কপাহী দখনা, জুৰি পাটৰ দখনা, বিশুদ্ধ পাটৰ দখনা, টচ-মুগাৰ দখনা, মুগাৰ দখনা, এড়ী মুগাৰ দখনা, পদ্মিনী দখনা ইত্যাদি। সাধৰণতে দখনা ৯ফুট দীঘল আৰু ৪.১/৪.২ ফুট বহল হয়।

দখনাৰ প্ৰকাৰ:
দখনা মুখ্যত: দুই প্ৰকাৰ উকা দখনা আৰু ফুলাম দখনা৷ সজ্জা আৰু ফুলৰ চানেকি অনুসৰি ইয়াক আৰু কিছুমান উপ প্ৰকাৰত বিভক্ত কৰিব পাৰি। সেইবোৰ হৈছে-

  • চানেকি অবিহনে (माथा दखना बा बिदन)
  • উকা (চানেকি অবিহনে কেৱল শাৰী)
  • সাধাৰন সীমা ৰেখাৰ হৈতে চানেকি (पारि लानाय), চানেকিৰ সৈতে (आगर गोनां)
  • সম্পূৰ্ণ ফুলাম (मोदोम गंसे आगर)
  • কেৱল সীমান্তত ফুলাম কৰা (जिं जिंआवल’ आगर लानाय)
  • শৰীৰৰ লগতে সীমান্তত সামান্য ডিজাইন কৰা(गेजेरावबो एसे आगर एर्नाय)

               এইদৰে দখনাৰ ফুলৰ চানেকি আৰু ডিজাইনৰ ওপৰত ভিত্তি কৰি আৰু বিভিন্ন ভাগত ভাগ কৰিব পাৰি। যেনে-দখনা থাওচি বা বিশুদ্ধ দখনা, সালামাথা(सालामाथा), আগৰ গুবৈ( आगर गुबै)। ফাৰৌ মেগৌন (फारौ मेगन), দাৱথু গদ’(दावथु गद’), দাওৰায় মৌখ্ৰেৱ(दावराय मोख्रेब), দিংখিযা বা ঢেঁকীয়াৰ চানেকী (दिंखिया आगर), বৈগ্রি বেগৰ বা বগৰী গুটি(बैग्रि बेगर), এড়ী গুটি (इन्दि बेगर),পাহাৰৰ চানেকী(हाजो आगर), কাচৰ কলিজা(खासेव बिखा), কাচিৰ দাঁতৰ চানেকী (खाचि हाथाय)৷

               বিভিন্ন ধৰনৰ দখনাবোৰৰ মাজত আগৰ গুবৈ দখনা মহিলাসকলৰ আটাইতকৈ প্রিয় আৰু সন্মানীয়। সাজ পোছাকৰ ক্ষেত্রত বয়সস্থ মহিলাসকলৰ বাবে কোনো নিৰ্দিষ্ট নিয়ম নাই। তেওঁলোকে দুটা প্রজাতিৰ দখনা, সালামাথা(सालामाथा) আৰু আগৰ গুবৈ দখনা বেছিকৈ পিন্ধে। একেদৰে বিধবা মহিলাসকলেও আগৰ গুবৈ আৰু চালামাথা(सालामाथा) দখনা ব্যৱহাৰ কৰে। সৰু সৰু ছোৱালীবোৰে ককাঁলত দখনা পিন্ধে ৷ ইয়াৰ পিছতহে বুকুৰ ওপৰত কাপোৰ পিন্ধিবলৈ শিকে। পৰম্পৰা অনুসৰি, বিয়াৰ সময়ত কইনাই প্রধানকৈ আগৰ গুবৈ দখনা পৰিধান কৰিব লাগে। অৱশ্যে ঠাই অনুসৰি দাওৰায় মৌখ্ৰেৱ অথবা বিভিন্ন ৰঙৰ ফুলাম দখনা পৰিধান কৰা দেখা যায়। দখনা থাওচি বিয়াত বৈৰাথী সকলে পিন্ধে।

জৌমগ্ৰা(जोमग्रा): বড়ো মহিলাসকলে নিজৰ পচন্দৰ ৰঙৰ সূতাৰে পচন্দৰ ফুল তুলি গাত ওৰা কাপোৰ জৌমগ্ৰা বৈ লয় ।

আলন (आलन): এই ধৰণৰ কাপোৰ বড়ো মহিলাসকলে শীতকালত গাত লবলৈ বয় । এই কাপোৰ এনেই গাত লোৱা কাপোৰতকৈ ডাঙৰ আৰু বহল হয় । প্ৰাচীন কালত ইয়াক কপাহী আৰু এড়ী সূতাৰে তৈয়াৰ কৰা হৈছিল৷

২. পুৰুষৰ কাপোৰ : পুৰুষসকলেও মহিলাসকলে বৈ দিয়া কাপোৰবোৰকে জাৰত, গৰমত, আৰু লাজৰ পৰা পৰিত্ৰান পাবলৈ পিন্ধে। ইয়াৰ ভিতৰত গামোচা, আৰনাই, চোলা (गस्ला), পাগুৰি(फावग्रि) আদি প্ৰধান।

গামোচা (गामसा): গামোচা দুই ধৰণৰ আছে। এটা হৈছে লেংটি মাৰিব পৰা গামোচা আৰু আনটো হৈছে লেংটি মাৰিব নোৱাৰা গামোচা। লেংটি মাৰিব পৰা গামোচাবোৰ বহল ২ ফুট আধা আৰু দীঘল ৭ ফুট হয়, লেংটি মাৰিব নোৱাৰাবোৰ ২ ফুট বহল আৰু দীঘল ৬ ফুট হয় ।

চোলা বা গচ্‌লা: অতীতত বড়োসকলে ঘৰুৱা কাপোৰৰ পৰা চোলা বা গছ্‌লা তৈয়াৰ কৰি পিন্ধিছিল। বৰ্তমান যুগত চানগলা গছলা, হাফ জেকেট, গছলা গুবৈ আদি পিন্ধে । বড়োসকলৰ চোলাটো বড়ো সমাজৰ পৰিচয়ৰ প্ৰতীক ।

আৰ’নাই: এই আৰ’নাই বড়ো সম্প্ৰদায়ৰ বাবে অত্যন্ত মূল্যৱান আৰু ই অতি সম্মানৰ। আৰনাই খনৰ বহল ৯/১০ ইঞ্চি আৰু দীঘল ৫/৬ ফুট বনোৱা হয়। আৰনাইত বেছিভাগতে দুয়োকাষত পাহাৰৰ চানেকি তোলা দেখিবলৈ পোৱা যায়। বড়ো পুৰুষসকলে মেল- মিটিং, সভা, উৎসৱ, পূজা -পাতল আদিত ব্যৱহাৰ কৰাৰ উপৰিও আলহী অতিথি সন্মান দিয়াত সম্বৰ্ধনা অনুষ্ঠানত মৰমত আৰনাই খনক ব্যৱহাৰ কৰে।

পাগুৰি: বড়ো পুৰুষসকলে বিভিন্ন সময়ত মূৰত ফালি(সৰু গামোচা) বান্ধি বা মেৰিয়াই লয়। মূৰত ফালি বান্ধা বা মেৰিয়াই লোৱাকে পাগুৰি বুলি কয়। বাথৌ ধৰ্মৰ দেউৰীয়ে পূজাৰ সময়ত পাগুৰি মাৰে। আনকি বিবাহৰ সময়ত আৰু বড়ো পুৰুষ সকলে বৈছাগু নৃত্য কৰাৰ সময়তো আৰনাইৰ পাগুৰি মাৰে।

সাংস্কৃতিক মহত্ত্ব: দখনা বড়ো জনগোষ্ঠীৰ সংস্কৃতিৰ প্রতীক। বড়ো সকলৰ যিকোনো উৎসৱ-পাৰ্বনত দখনা পিন্ধা হয়। বাগৰুম্বা, বৈশাগু নৃত্য, খেৰাই নৃত্যত মহিলা সকলে দখনা পৰিধান কৰে।

সহায়ক গ্রন্থসমূহ :
১. বড়ো জনগোষ্ঠী, ভৱেন নাৰ্জী
২. অসমৰ জনজাতি, সম্পাদক প্রমোদ চন্দ্র ভট্টাচাৰ্য
৩. बर’ सुबुं आदार आरो गान्नाय जोमनाय, बिनय कुमार ब्रहम
৪. बर’ कछारीनि समाज आरी हारिमु भबेन नार्ज्जी

জাৰলিনা বড়ো

প্ৰাক্তন ছাত্ৰী, ২০১৯