Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

জীৱনৰ প্ৰথম কবিতা

লিখিব বিচাৰোঁ বহু কবিতা
কিন্তু মনলৈ নাহে একো ভাৱনা,
ভাবি ভাবিয়েই ভাবি নাপালোঁ
কি বিষয়ত লিখোঁ কবিতা..!
কবিতা লিখিবলৈ চেষ্টা কৰোঁতেই আহি পালেহি বাৰিষা,
বাৰিষা ভূঁই ৰোৱাৰ বতৰ ।
ভূঁই ৰুবলৈ নগ’লে শুনিব লাগিব মাৰ গালি,
কাৰণ মই যে এজনী খেতিয়কৰ জীয়ৰী ।
প্ৰখৰ ৰ’দত,বোকা-পানীৰ মাজত
ভূঁই ৰুই থাকোঁতে ভাৱিলোঁ,
ঘৰলৈ গৈ লিখিম কবিতা,
ঘৰলৈ আহি ভাৱিলোঁ কি বিষয়তনো লিখোঁ কবিতা…!

বেজন্তী খাখলাৰী

প্ৰাক্তন ছাত্ৰী, ২০২০