Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

নিৰৱতা প্ৰিয়

নিৰৱতা মোৰ প্ৰিয় বন্ধু ।
আজিৰ এই ব্যস্তময় জীৱনটোত
মোৰ নিৰৱে থাকি বৰ ভাল লাগে ।
জীৱনৰ স্মৃতিবোৰ মোৰ অতি প্ৰিয়,
কিন্তু সেয়া অতীতৰ কথা ।
এতিয়া মোৰ মনৰ আৱেগৰ গভীৰতাত
মৌনতাই যেন মোৰ সংগী।
মই নিৰৱতা ভাল পাওঁ,
কিন্তু নিসংগতা নহয়।
সময়ৰ গতিত নিজকে আনন্দ মনেৰে এৰি দিছোঁ,
এতিয়া নীৰৱতাই মোৰ নিসংগতাৰ সংগী ।

নৱনীতা চাহু

প্ৰাক্তন ছাত্ৰী, ২০২৩