অসমীয়া ভাষা ক্ৰমবিকাশৰ ফল। পৃথিৱীৰ সৰ্ববৃহৎ ভাষা-পৰিয়াল ভাৰত-ইউৰোপীয়ৰ অন্তৰ্গত ইন্দো-ইৰাণীয় বা ভাৰত-ইৰাণীয় বা আৰ্য ভাষাৰ পৰাই অসমীয়া ভাষা বিকশিত হৈছে। প্ৰাচীন ভাৰতীয় আৰ্য ভাষা তথা বৈদিক-সংস্কৃতৰ পৰা পালি-প্ৰাকৃত-অপভ্ৰংশৰ মাজেৰে বিৱৰ্তনৰ বিভিন্ন ধাৰা অতিক্ৰম কৰি অসমীয়া ভাষাই বৰ্তমানৰ অৱস্থিতিত উপস্থাপন কৰিছেহি। ভাষা পৰিবৰ্তনশীল। পৰিবৰ্তনৰ বিভিন্ন ধাৰা অতিক্ৰম কৰোতে ভাষাই বহু সময়ত গ্ৰহণ-বৰ্জন প্ৰক্ৰিয়াক আপোন কৰি ল’ব লগা হয়। অসমীয়া ভাষাৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়।
অসমীয়া ভাষা বৈদিক বা প্ৰাচীন সংস্কৃতৰ পৰা বিকাশ লাভ কৰা। সেইহেতুকে অসমীয়া ভাষা ভাষাতাত্বিক ফালৰ পৰা আজিও মূলৰ পৰা সম্পূৰ্ণৰূপে আতঁৰি আহিব পৰা নাই বা অহা নাই। বৰ্ণতাত্বিক, ৰূপতাত্বিক আদি বিভিন্ন দিশত ই আজিও লিখিত ৰূপত মূলৰ লগত সাঙোৰ খাই আছে। ইয়াৰ প্ৰমাণ হিচাপে অসমীয়া বৰ্ণমালা, শব্দ গঠন প্ৰক্ৰিয়া আদিলৈ লক্ষ্য কৰিলেই স্পষ্ট ৰূপত জানিব পৰা যায়।
বৰ্ণমালাৰ ক্ষেত্ৰত- অসমীয়া স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণমালাৰ ক্ৰমে ৬টা(অ’ আৰু এ’ বৰ্ণ দুটা অসমীয়া ভাষাৰ স্বকীয় সৃষ্টি। এই দুই বৰ্ণৰ উচ্চাৰণ সংস্কৃতকে আদি কৰি আন কোনো ভাষাতে বিচাৰি পোৱা নাযায়।) আৰু ২১টা বৰ্ণহে ধ্বনিগত গুণেৰে সমৃদ্ধ। অৰ্থাৎ অসমীয়া ভাষাত সংস্কৃতৰ ৬টা স্বৰবৰ্ণ আৰু ২১টা ব্যঞ্জনবৰ্ণইহে উচ্চাৰণত শব্দৰ অৰ্থৰ পাৰ্থক্য ঘটাব পাৰে। কিন্তু লিখিত ৰূপত সংস্কৃতৰ আৰ্হিতে ১১টা স্বৰবৰ্ণ আৰু ৪১টা ব্যঞ্জনবৰ্ণ ব্যৱহাৰ কৰা হয়। শব্দ গঠনৰ ক্ষেত্ৰতো বিভিন্ন সৰ্গৰ সংযোগত শব্দ গঠন কৰিবলৈ যাওঁতে ব্যৱহাৰ কৰা কৃৎ প্ৰত্যয় ইয়াৰ এক অন্যতম উদাহৰণ। অসমীয়া ভাষাযে কেৱল মূলৰ দ্বাৰাই প্ৰভাৱিত তেনে নহয়। ভাষাৰ গ্ৰহণ-বৰ্জন নীতিক আপোন কৰি লৈ অসমীয়া ভাষাই বহুসময়ত অসমত উপবিষ্ট আন আন ভাষা-পৰিয়ালৰ অন্তৰ্গত ভাষাসমূহৰ পৰাও বিভিন্ন ভাষিক উপাদান গ্ৰহণ কৰি নিজক শক্তিশালী কৰি তুলিছে।
অসমীয়া ভাষা যিমানেই মূলৰ অনুগামী বা আন ভাষাৰ দ্বাৰা প্ৰভাৱিত নহওঁক কিয় ইয়াৰ স্বকীয় বৈশিষ্ট্যই ভাষাটোক স্বতন্ত্ৰ কৰি ৰাখিছে। অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ দিশে লক্ষ্য ৰাখি যদি আমি অসমীয়া ভাষাৰ ভাষাতাত্বিক বৈশিষ্ট্যৰ প্ৰতি মনোনিৱেশ কৰো তেন্তে বৰ্ণতত্ব, শব্দতত্ব, বাক্যতত্ব সকলো ফালে ইয়াৰ স্বতন্ত্ৰতাৰ নিদৰ্শণ দেখিবলৈ পাওঁ। অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰক ইয়াৰ গাঠনিক দিশৰ পৰা প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। মৌলিক আৰু যৌগিক শব্দ। যৌগিক শব্দবোৰক সাধিত শব্দ বুলিও কোৱা হয়। অৰ্থাৎ অসমীয়া ভাষাত এইলানি শব্দৰ সাধন হয়। মৌলিক শব্দৰ লগত অৰ্থযুক্ত বা অৰ্থহীন ভাৱে কোনো শব্দ বা শব্দাংশ যোগ কৰি যৌগিক শব্দ সাধন কৰা হয়। মৌলিক শব্দৰ লগত যোগ হোৱা শব্দ বা শব্দাংশক প্ৰত্যয়, বিভক্তি আৰু মৌলিক শব্দ বুলি কোৱা হয়। অসমীয়া ভাষাত মৌলিক শব্দৰ লগত মৌলিক শব্দৰ সংযোগ হৈ গঠন হোৱা যৌগিক শব্দবোৰেই অসমীয়া ভাষাৰ মৌলিকতাৰ এক অন্যতম উদাহৰণ। তেনে এবিধ যৌগিক শব্দ হ’ল অনুৰূপ শব্দ। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা অনুৰূপ শব্দৰাজি অসমীয়া ব্যাকৰণৰ মৌলকতাৰ নিদৰ্শণ হোৱাৰ লগতে বৈশিষ্ট্যৰ ফালৰপৰাও ই অসমীয়া ভাষাৰ এক এৰিব নোৱাৰা বিষয়। তলত অসমীয়া ভাষাৰ অন্যতম বৈশিষ্ট্য তথা গুৰুত্বপূৰ্ণ উপাদান “অনুৰূপ শব্দ”ৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল।
অনুৰূপ শব্দঃ
অসমীয়া ভাষাৰ বিভিন্ন প্ৰকাৰ শব্দৰ ভিতৰত অনুৰূপ শব্দ অন্যতম। শব্দগত অৰ্থৰ ফালৰ পৰা ‘অনুৰূপ’ শব্দৰ অৰ্থ হৈছে ‘সদৃশ’ বা ‘একে’। আকৌ অনুৰূপ শব্দৰ যদি সন্ধি ভাঙিবলৈ যাওঁ তেতিয়াও- অনু+ৰূপ>অনুৰূপ হৈছে। ইয়াত অনু আৰু ৰূপ দুয়োটাই মৌলিক শব্দ। ‘অনু’ শব্দৰ অৰ্থ হৈছে ‘একে বা সদৃশ’ আৰু ‘ৰূপ’ শব্দৰ ব্যাকৰণগত অৰ্থ হৈছে ‘শব্দ’। গতিকে শব্দগত অৰ্থৰ ফালৰ পৰা অনুৰূপ শব্দৰ সংজ্ঞা এনেদৰে দিব পাৰি- কোনো মূল শব্দৰ পিছত ব্যৱহাৰ হোৱা একেধৰণৰ শব্দই অনুৰূপ শব্দ। শব্দাৰ্থৰ ফালৰ পৰা হয়তো এই কথা মানি ল’ব পাৰি। কিন্তু গঠন ৰীতিৰ ফালৰ পৰা বিচাৰ কৰিলে অনুৰূপ শব্দবিলাক কিছুমান নিৰ্দিষ্ট নিয়মেৰে বান্ধ খোৱা। অৰ্থাৎ অসমীয়া ভাষাত এনে কিছুমান শব্দৰ ব্যৱহাৰ কৰা হয় যিবোৰ দেখাত মূল শব্দৰ পুনৰাবৃত্তি যেন লাগে। কিন্তু এই পুনৰাবৃত্তি পূৰ্ণাঙ্গ নহয়। মূল শব্দটোৰ আংশিক পুনৰাবৃত্তিহে হয়। যি অংশৰ পুনৰাবৃত্তি নহয় সেই অংশৰ সামান্য পৰিবৰ্তন ঘটে যদিও উচ্চাৰণৰ ক্ষেত্ৰত মূল শব্দৰ দৰে প্ৰায় একে হয়। উচ্চাৰণৰ এনে সাদৃশ্যতাৰ প্ৰতি দৃষ্টি ৰাখিয়েই হয়তো ভাষাবিদসকলে এইলানি শব্দক ‘অনুৰূপ শব্দ’ বুলি নামাকৰণ কৰিছে। গতিকে অনুৰূপ শব্দৰ সংজ্ঞা আমি এনেদৰে দিব পাৰো- কেতিয়াবা কিছুমান শব্দৰ অৰ্থ অধিক স্পষ্ট কৰি প্ৰকাশ কৰিবলৈ কাৰণে মূল শব্দৰ আগত বা পিছত অসমীয়া ভাষাত এনে কিছুমান শব্দৰ ব্যৱহাৰ কৰা হয় যিবোৰ গাঠনিক দিশত মূল শব্দৰ পৰা সামান্য পৰিবৰ্তন হয়, কিন্তু উচ্চাৰণত মূল শব্দৰ সমস্বৰত হয়, সেইবোৰ শব্দকে অনুৰূপ শব্দ বোলে। উদাহৰস্বৰূপে- চাউল-তাউল, ঘৰ-চৰ, কিতাপ-চিতাপ- এই শব্দকেইযোৰাত ক্ৰমে -তাউল, -চৰ আৰু -চিতাপ এইকেইটা অনুৰূপ শব্দ। ইহঁতৰ -তাউল অনুৰূপ শব্দৰ মূল শব্দ হৈছে চাউল। সেইদৰে -চৰ অনুৰূপ শব্দৰ মূল শব্দ ঘৰ আৰু -চিতাপ অনুৰূপ শব্দৰ মূল শব্দ কিতাপ। উল্লেখিত অনুৰূপ শব্দকেইটাৰ প্ৰথমটোত চাউল মূল শব্দৰ ‘চ’ আখৰৰ পৰিৱৰ্তে অনুৰূপ শব্দত ‘ত’ হৈছে আৰু বাকী অংশ একে আছে। বাকীকেইটাৰ ক্ষেত্ৰতো ‘ঘৰ’ মূল শব্দৰ ‘ঘ’ আখৰৰ পৰিৱৰ্তে ‘চ’ আৰু কিতাপৰ ‘ক’ আখৰৰ পৰিৱৰ্তে ‘চ’ হৈছে। কিন্তু উচ্চাৰণ কৰোতে আটাইকেইটা অনুৰূপ শব্দৰে উচ্চাৰণ মূল শব্দৰ দৰে একে স্বৰতে হৈছে।
অনুৰূপ শব্দৰ প্ৰকাৰভেদঃ
অনুৰূপ শব্দক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ’ল – ১/ অনুকাৰ অনুৰূপ, ২/ একশেষ অনুৰূপ আৰু ৩/ অনিয়মিত বা যুৰীয়া অনুৰূপ ।
১/ অনুকাৰ অনুৰূপঃ
অনুকাৰ অনুৰূপ শব্দ বিলাক দুই ধৰণে ব্যৱহাৰ হোৱা দেখা যায়। কেতিয়াবা মূল শব্দৰ আগত আৰু কেতিয়াবা মূল শব্দৰ পাছত। অনুৰূপ শব্দ বিলাক মূল শব্দৰ আগত বা পাছত য’তেই ব্যৱহাৰ নহওঁক কিয়, ব্যৱহাৰ অনুযায়ী ইহঁতৰ নিজস্ব গঠনৰীতি আছে।
মূল শব্দৰ পাছত যদি অনুৰূপ শব্দৰ ব্যৱহাৰ হয়,তেন্তে মূল শব্দৰ আদি ব্যঞ্জন অনুযায়ী অনুৰূপ শব্দৰ গঠন হয়।
যেনেঃ
(ক) মূল শব্দটোৰ আদি ব্যঞ্জন যদি ‘চ’ ৰ বাহিৰে অন্য ব্যঞ্জন হয়, তেন্তে অনুৰূপ শব্দ ‘চ’ৰে আৰম্ভ হয়। যেনে- কিতাপ- চিতাপ, ঘৰ-চৰ, খৰি-চৰি, নাক-চাক ইত্যাদি।
(খ) মূল শব্দৰ আদি ব্যঞ্জন যদি চ/ ছ হয়, তেন্তে অনুৰূপ শব্দ ‘ত’ৰে আৰম্ভ হয়। যেনে- চাউল-তাউল, ছবি-তবি, চাকৰী- তাকৰী, ছাগলী-তাগলী ইত্যাদি ।
(গ) কেতিয়াবা আদি ব্যঞ্জন চ/ ছ থাকিলে অনুৰূপ শব্দৰ আদি ব্যঞ্জন হিচাপে চ/ছ কে ব্যৱহাৰ কৰা দেখা যায়। যেনে- খৰচ-চৰচ, গছা-চছা, বাচ-চাছ ইত্যাদি ।
(ঘ) মূল শব্দৰ শেষৰ ব্যঞ্জন চ/ছ হলেও অনুৰূপ শব্দৰ আদি ব্যঞ্জন ‘ত’ হয়। যেনে- খৰচ-তৰচ, বিছা-তিছা, গছা-তছা ইত্যাদি ।
(ঙ) মূল শব্দটো যদি ত/ট ৰে আৰম্ভ হয়, তেন্তে অনুৰূপ শব্দ সদায় ‘চ’ৰে আৰম্ভ হয়। যেনে- টোপনি-চোপনি, টকা-চকা, তামোল-চামোল ইত্যাদি ।
(চ) অনুৰূপ শব্দ যেতিয়া মূল শব্দৰ আগত বহে তেতিয়া ধ্বনি পৰিবৰ্তনৰ নিয়মতো পৰিবৰ্তন দেখিবলৈ পোৱা যায়। তেনেক্ষেত্ৰত মূল শব্দৰ আদিত যি স্বৰধ্বনি থাকে অনুৰূপ শব্দটোও সেই স্বৰধ্বনিৰে আৰম্ভ হয়। অৰ্থাৎ অনুৰূপ শব্দ মূল শব্দৰ আগত ব্যৱহাৰ হ’লে মূল শব্দৰ আদি ব্যঞ্জন লোপ পায় আৰু তাত ৰক্ষিত স্বৰধ্বনিৰে অনুৰূপ শব্দটো আৰম্ভ হয়। যেনে- অকাই-পকাই, ইচাত-বিচাত, ইননি-বিননি ইত্যাদি ।
কেতিয়াবা কিছুমান অনুৰূপ শব্দৰ প্ৰথম বৰ্ণৰ পৰিবৰ্তন কোনো নিয়মানুযায়ী নহয়। যেনে- খেলা-ধূলা, পানী-দুনী, মানুহ-দুনুহ ইত্যাদি ।
২/ একশেষ অনুৰূপ শব্দঃ
মূল শব্দৰ আদি ব্যঞ্জনবৰ্ণটোৱেই তাৰ একশেষ অনুৰূপ শব্দ ।মূল শব্দৰ সেই বৰ্ণটোৰ লগত প্ৰায়েই ‘আ’ যোগ কৰি (কেতিয়াবা বেলেগ স্বৰবৰ্নৰো ব্যৱহাৰ কৰা দেখা যায়। কিন্তু তাক কেৱল ব্যতিক্ৰম বুলিহে ক’ব পাৰি) তাকে মূল শব্দৰ আগত ব্যৱহাৰ কৰা হয়। এইবিধ অনুৰূপ শব্দত মূল শব্দৰ এটা মাত্র আখৰ ব্যৱহাৰ কৰা বাবে ইয়াক একশেষ অনুৰূপ শব্দ বোলা হয়। যেনে- ডা-ডাঙৰীয়া, জা-জলপান, পা-পইচা, বা-বতৰা ইত্যাদি। “একশেষ অনুৰূপ শব্দত এটা মাথোন আখৰৰ পুনৰাবৃত্তি হোৱা বাবে কোনো কোনোৱে ইয়াকে দ্বিৰুক্ত অনুৰূপ শব্দ বুলিও কৈছিল। (ধৰ্ম্ম সিংহ ডেকাঃ ৰচনা বিচিত্ৰা)”
৩/ অনিয়মিত বা যুৰীয়া অনুৰূপ শব্দঃ
অসমীয়া ভাষাত এনেকুৱা কিছুমান অনুৰূপ শব্দ আছে যিবোৰক কোনো নিৰ্দিষ্ট নিয়মৰ বান্ধোনেৰে বান্ধিব নোৱাৰি। এনেক্ষত্রত মূল শব্দৰ লগত কোনো ধৰণৰ সামঞ্জস্য নথকাকৈ অৰ্থহীন ভাৱে কিছুমান শব্দ মূল শব্দৰ লগত যোৰা লগাই দিয়া হয়। এনেকুৱা অনুৰূপ শব্দকে অনিয়মিত অনুৰূপ শব্দ বোলা হয়। অনিয়মিত অনুৰূপ শব্দবোৰ অনিয়মিত, অসামঞ্জস্যপূৰ্ণ হ’লেও ইহঁতক কিন্তু কেতিয়াও বাদ দিব নোৱাৰি বা সলনিও কৰিব নোৱাৰি। যি শব্দৰ লগত যি অনুৰূপ শব্দ প্ৰচলিত আছে তাকেহে ব্যৱহাৰ কৰিব পাৰি। সেইবাবে ইহঁতক যুৰীয়া অনুৰূপ শব্দও বোলে। যেনে- তেল-কুৰ, বজাৰ-সমাৰ, বিয়া-বাৰু ইত্যাদি।
সামৰণিঃ
অনুৰূপ শব্দবোৰ অসমীয়া ভাষাৰ এক আপুৰুগীয়া সম্পতি। বহুসময়ত এই শব্দবোৰ অৰ্থহীন যেন লাগে বা গাইগুটীয়া ভাৱে ব্যৱহাৰ কৰিলে এইবোৰ অৰ্থহীনেই হয়। কিন্তু মন কৰিবলগীয়া কথা হ’ল এই অৰ্থহীন শব্দবোৰে তেতিয়াহে অনুৰূপ শব্দৰ নাম পাব যেতিয়া সিহঁত একোটাহঁত মৌলিক শব্দৰ আগত বা পিছত লগ লাগিব। আকৌ অনুৰূপ শব্দবোৰৰ প্ৰয়োজনীয়তা তেতিয়াহে প্ৰকট হ’ব যেতিয়া বাক্যত সিহঁতে নিজৰ স্থান দখল কৰিব। উদাহৰণস্বৰূপে- ঘৰত আজি তেল-কুৰ একো নাই- এই বাক্যটোত তেল-কুৰ শব্দযোৰাত তেল মৌলিক শব্দ আৰু -কুৰ অনুৰূপ শব্দ। বাক্যটোৰ অৰ্থ হ’ল- ঘৰত আজি তেল,ডাইল বা ৰন্ধনৰ বাবে প্ৰয়োজনীয় তেলৰ লগত সঙ্গতি থকা একো বস্তুৱেই নাই। কিন্তু এই বাক্যটোৰ পৰা যদি অনুৰূপ শব্দ -কুৰ আতঁৰাই দিয়া যায় তেন্তে বাক্যটোৰ ৰূপ হ’ব এনেকুৱা- ঘৰত আজি তেল নাই। অনুৰূপ শব্দবিহীন এই বাক্যটোৱে ঘৰত কেৱল তেল নাই এই অৰ্থহে প্ৰকাশ কৰিছে। ঠিক সেইদৰে- কিতাপ-চিতাপ সকলো বানপাণীয়ে উটাই নিলে। অৰ্থ হ’ল কিতাপৰ লগত সঙ্গতি থকা সকলো বস্তুকেই বানপাণীয়ে উটাই নিলে। অনুৰূপ শব্দ প্ৰয়োগৰ মূল কাৰণেই হৈছে যিটো মৌলিক শব্দৰ লগত অনুৰূপ শব্দটো যোৰা লাগি সেই মৌলিক শব্দৰ অৰ্থ অধিক প্ৰকট আৰু প্ৰসাৰ কৰা। যাৰ বাবে অনুৰূপ শব্দৰ পাছতে বাক্যত গোট বুজোৱা ৰূপৰ প্ৰয়োগ কৰাটো নিতান্তই বাঞ্ছনীয়।
অনুৰূপ শব্দবিলাক গাইগুটীয়া ভাৱে অৰ্থহীন হ’লেও মৌলিক শব্দৰ লগত যোৰা লগাৰ পাছত এই শব্দবিলাক কেৱল যে অৰ্থপূৰ্ণহে হৈ পৰে এনে নহয় বক্তব্য বিষয়ক অৰ্থপূৰ্ণ কৰিবলৈ ইয়াৰ প্ৰয়োজনো অটল। অসমীয়া ভাষাৰ ই এটা প্ৰধান বৈশিষ্ট্য। ইয়াৰ ভুল প্ৰয়োগে বাক্য গাঠঁনিত বিসঙ্গতিয়ে যে দেখা দিব সেই কথা নিশ্চিত। গতিকে থোৰতে ক’ব পাৰি যে অনুৰূপ শব্দৰাজি অসমীয়া ভাষাবৃক্ষৰ এনেকুৱা এটা ডাল যাৰ অবিহনে ভাষাটোত ঘূণে ধৰাটো তেনেই স্বাভাৱিক।
সহায়ক গ্ৰন্থঃ
অসমীয়া ভাষাৰ ৰূপতত্ত্ব: লীলাৱতী শইকীয়া বৰা ।
অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ: গোলোক চন্দ্ৰ গোস্বামী ।
ৰচনা বিচিত্রা: ধৰ্ম্ম সিংহ ডেকা ।
বহল ব্যাকৰণ: সত্যনাথ বৰা।
অসমীয়া বিভাগ