বছৰটোৰ ছ’টা ঋতুৰ ভিতৰত মোৰ প্ৰিয় ঋতু ‘শৰৎ’ । এক প্ৰকাৰৰ স্নিগ্ধতা, নম্ৰতা, পৱিত্ৰতাৰ সমাহাৰ যেন শৰৎ । আকাশত মেঘৰ লুকাভাকু, বতাহত শেৱালিৰ আমোলমোল সুৱাস, কুঁৱলীৰ চেঁচা চেঁচা বা, জোনাকৰ স্নিগ্ধতা, নৈৰ পাৰৰ কহুৱাৰ শুভ্ৰ দলিচাই মন প্ৰাণ জুৰায় । শৰৎ সৌন্দর্যৰ প্ৰতীক । বকুল, শেৱালি ফুলৰ সুৰভীত চৌপাশ আমোলমোলায়। নৈৰ দাঁতিত কহুৱাই বতাহত হালি-জালি নাচি শৰতক আদৰণি জনায়। শেৱালি আৰু শৰতৰ মাজত যেন এক অনন্য সম্পর্ক। শেৱালিৰ অবিহনে যেন শৰৎ আধৰুৱা। নিশাৰ সুগন্ধি ৰাণী শেৱালি নিশা ফুলি চৌদিশে সুৱাস বিলাই পুৱা হ’লে দুৱৰিৰ দলিচাত সৰি পৰি শুকুলা চাদৰ পাৰে। দুৱৰি বনত নিয়ৰৰ কণিকাবোৰ ৰ’দৰ কিৰণত মুকুতা হৈ জিলিকে। পূৰ্ণিমা ৰাতি জোনৰ স্নিগ্ধ পোহৰে মন প্ৰাণ আলোকিত কৰি তোলে।
শৰতৰ লগত শেৱালিৰ দৰে আহিনৰো নিবিড় সম্পর্ক। শৰৎ কালৰ আৰম্ভণিৰ লগে লগে পথাৰবোৰ শ্যামলিমা হৈ উঠে। ধানবোৰে গেঁৰ্ মেলি ফুলিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে পথাৰবোৰ ধানেৰে ভৰি পৰে।
শৰৎ হৈছে নানা উৎসৱৰ বতৰ। এই সময়ছোৱাত দুৰ্গাপূজা উদযাপন কৰা হয়। দুৰ্গা হৈছে সকলো শক্তিৰ আধাৰ, শক্তিৰূপা, দুৰ্গতিনাশিনী। আমাৰ সমাজৰ পৰা অন্যায়, অত্যাচাৰ, অপশক্তি, দুখ-দৈন্য নাশ কৰি মানৱৰূপী অসুৰবোৰক বধ কৰি শান্তি প্রতিষ্ঠা কৰে বুলি লোকবিশ্বাস আছে আৰু সেই অনুসৰি দুৰ্গাপূজা উদযাপন কৰা হয়। শৰৎ কালত দুর্গাপূজা উদযাপন কৰে বাবে ইয়াক শাৰদীয় দুৰ্গাপূজা বোলা হয়। ইয়াৰ উপৰিও এই শৰৎ কালত লক্ষ্মীপূজা, কালী পূজা, দীপাৱালী, কাতি বিহু পালন কৰা হয়। কাতি বিহুত তুলসীৰ তলত, পথাৰত, পদুলি মুখত লগতে ঘৰৰ চাৰিওফালে চাকি জ্বলাই আলোকিত কৰি গোটেই বছৰটোৰ বাবে ঘৰখনৰ কুশল-মংগল কামনা কৰা হয়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলায় । ধৰ্মীয় আচাৰ অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহুটিকো শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়।
শৰতৰ লগত সম্পর্কিত আন এক অন্যতম উৎসৱ হ’ল ৰাস মহোৎসৱ। শৰৎ কালৰ কাতি মাহৰ পূৰ্ণিমা ৰাতি এই ৰাস মহোৎসৱ পালন কৰা হয়। শ্রীকৃষ্ণই বৃন্দাবনৰ গোপীসকলক মোহিত কৰিবলৈ কৰা আধ্যাত্মিক লীলা সমূহে হৈছে ৰাসলীলা। ৰাস মহোৎসৱত শ্ৰীকৃষ্ণৰ এই লীলা সমূহ নৃত্য, গীত, অভিনয়ৰ জৰিয়তে সুন্দৰকৈ প্ৰদৰ্শন কৰা হয়। অসমৰ প্ৰায় সকলো ঠাইতে উলহ মালহেৰে ৰাস মহোৎসৱ পালন কৰে।
এনেদৰে শৰতৰ আগমনৰ লগে লগে ৰূপহী হৈ উঠা ধৰাখনে সকলোকে মোহিত কৰে। সেয়ে প্ৰকৃতিৰ অপৰূপ ৰূপৰ বাবে শৰৎ ঋতুক ঋতুৰাণী বুলি অভিহিত কৰা হয়। শৰৎ কেৱল এটা ঋতুৱেই নহয়,ই প্ৰকৃতিৰ বুকুত সৌন্দর্যৰ এটি অমূল্য আকৰ ।

প্ৰাক্তন ছাত্ৰী, ২০১৫