Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

প্ৰৱন্ধ

থং নক্‌বে মহাবিদ্যালয় : এক অনুভৱ

               অসমৰ পূৱ কাৰ্বি আংলং জিলাৰ ডকমকা চহৰৰ ঐতিহ্যমণ্ডিত বিশাল মহামায়া পাহাৰৰ নামনিত থং নক্‌বে মহাবিদ্যালয় অৱস্থিত ৷ নীলা আকাশৰ বুকুত সেউজীয়া পাহাৰৰ মনোমোহা আভাৰে বৌদ্ধিক সমাজৰ প্ৰৱল প্ৰচেষ্টাৰ পৰিণতিতে ১৯৮৪ চনৰ ছেপ্তেম্বৰ মাহৰ ৭ তাৰিখে থং নক্‌বেৰ প্ৰসৱ হয় ৷ জন্ম লগ্নৰে পৰা বিভিন্ন ঠেকা ঠুকুলিৰ মাজেৰে অগ্ৰসৰ হৈ হাজাৰ-বিজাৰ মানুহক গঢ়ি তোলা থং নক্‌বে কেৱল এখন মহাবিদ্যালয় নহয়, ই যেন বুজাব নোৱাৰা এক আৱেগ ৷
               ২০১৮ চনৰ নৱেম্বৰ মাহত এইখন মহাবিদ্যালয়ৰ অসমীয়া বিভাগত মোৰ নাম ভৰ্তি হৈছিল ৷ তাৰ আগত ‘ক’ মান শ্ৰেণীৰ পৰা চতুৰ্থ মানলৈ ‘ডকমকা নিম্ন বুনিয়াদী’ বিদ্যালয়ত আৰু পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ‘ডকমকা উচ্চতৰ মাধ্যমিক বিদ্যালয়’ত শিক্ষা গ্ৰহণ কৰিছিলোঁ৷
               থং নক্‌বে মহাবিদ্যালয়ত নাম ভৰ্তি কৰাৰ পিছতে ছাৰ-বাইদেউ সকলৰ লগত পৰিচয় হোৱাৰ মোৰ সৌভাগ্য ঘটিছিল ৷ যিহেতু মহাবিদ্যালয়খনৰ কথা আগৰে পৰা মানুহৰ মুখত শুনি আহিছো, সেয়েহে প্ৰথমদিনাই মহাবিদ্যালয়ত উপস্থিত হৈ শিক্ষাগুৰু সকলৰ অপাৰ মৰম আৰু আশীষ পাই মনতে উজ্জ্বল ভবিষ্যতৰ সপোনে পোখা মেলিছিল ৷
               অনাগত জীৱনৰ ৰঙীণ সপোনক বুকুত সাৱতি এক বুজাব নোৱাৰা ব্যস্ততাৰে কলেজলৈ বুলি ঢাপলি মেলিলো। সম্পূ্ৰ্ণ এক নতুন পৰিৱেশ। ভয়-শংকা-আৱেগৰ মাজতো কিবা আনন্দ-উল্লাসৰ কোমল আভাৰে মনটো আলোকিত কৰি তুলিছিল। স্নাতক প্ৰথম চেমিষ্টাৰৰ পৰা ষষ্ঠ চেমিষ্টাৰলৈ সুদীৰ্ঘ ৩টা বছৰ কেনেকৈনো পাৰ হ’ল গমেই নাপালো। মোৰ যৌৱনৰ প্ৰথম পৰ্বৰ সম্পূৰ্ণ ভাল লগা সময়খিনি এইখন মহাবিদ্যালয়ৰ দলিচাতে বহি পাৰ কৰিছিলোঁ। যিমানে দিনবোৰ পাৰ হ’ব ধৰিলে সিমানেই মহাবিদ্যালয় খনৰ প্ৰতি এক বুজাব নোৱাৰা আবেগে মোৰ মন ভৰাই তুলিলে । শিক্ষাগুৰুসকলৰ সৈতে আত্মীয়তাও দিনক দিনে বাঢ়িবলৈ ধৰিলে। কেনেকৈনো অচিন সুখবোৰ ইমান সোনকালে আপোন হৈ এক আত্মীয়তাৰ সজীৱ বান্ধোনেৰে বান্ধ খাই পৰিল গমকেই নাপালো । অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী অঞ্জলি মেধি বাইদেউকে মূখ্য কৰি অন্যান্য বিভাগীয় অধ্যাপক-অধ্যাপিকা- ভবেন চন্দ্ৰ কোচ ছাৰ, ৰুমী শইকীয়া বাইদেউ, লাৱণ্য বৰা বাইদেউ আৰু মৰমী টিমুংপি বাইদেউৰ লগত মোৰ পৰিচয় ঘটে। কেৱল পুথিগত শিক্ষাতে আৱদ্ধ নাথাকি তেওঁলোকে মোক বাস্তৱ জীৱনৰ লগত মুখামুখি হ’ব পৰাকৈ সাহস প্ৰদান কৰিছিল। তেওঁলোকৰ সহাঁৰি, আশীৰ্বাদ আৰু কষ্ট অবিহনে মোৰ এই ৩বছৰীয়া যাত্ৰা অতিক্রম কৰাটো তেনেই অসম্ভৱ আছিল। তেখেতসকলৰ অনুপ্ৰেৰণা আৰু উপদেশ অকল পঢ়াৰ ক্ষেত্ৰতেই যে সীমিত আছিল তেনে নহয়, সুন্দৰ জীৱন গঢ়ি তুলিবলৈ মোক উৎসাহ যোগাইছিল আৰু যাৰ বাবে তেখেতসকল, বিশেষ কৈ বৰ্তমান এইখন মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ বিভাগীয় মুৰব্বী ৰুমি শইকীয়া বাইদেউৰ ওচৰত মই চিৰকৃতজ্ঞ ।
               ৰুমী শইকীয়া বাইদেউক বিশেষ বাবে সম্বোধন কৰাৰো বিশেষ কাৰণ আছে। মই মহাবিদ্যালয় খনত অহাৰ পূৰ্বে যিদৰে মানুহৰ মুখত মহাবিদ্যালয় খনৰ বিষয়ে শুনিছিলো, ঠিক সেইদৰে ৰুমী শইকীয়া বাইদেউৰ কথাও শুনিছিলো। তেখেত হেনো বৰ খঙাল। মিছা কথাৰ তেখেতৰ ওচৰত কোনো আশ্ৰয় নাই। সততা তেখেতৰ আদৰ্শ। তেখেতৰ লগত যদিও চিনাকি হোৱা নাছিল, তথাপি মনত তেওঁৰ প্ৰতি ভয়ৰ মস্ত ডাঙৰ কলহ এটা অংকন হৈ আছিল। সেয়ে ময়ো মানুহৰ এই কথাবোৰৰ সংস্পৰ্শত আহি প্ৰথম আৰু দ্বিতীয় চেমিষ্টাৰত তেখেতক দেখিলে প্ৰায়ে পলাই ফুৰিছিলো। কেতিয়াবা মহাবিদ্যালয়ৰ সন্মুখৰ শ্ৰেণীকোঠাৰ পিছফালৰ আৰু কেতিয়াবা আমাৰে শ্ৰেণীকোঠাৰ পিছফালৰ ওৱাল পাৰ হৈ পলাই গৈছিলো। এই দুটা চেমিষ্টাৰত বহুত কমেই মই বাইদেউৰ পাঠ গ্ৰহণ কৰিছিলো। ফলস্বৰূপে দুয়োটা চেমিষ্টাৰতে বাইদেউৰ পাঠত মই উত্তীৰ্ণ হব নোৱাৰিলো। সহপাঠী সকলোৱে ভাল নম্বৰ পাই উত্তীৰ্ণ হ’ল। কথাটো মোৰ বাবে অসহনীয় আছিল। মনত ভয়,খং আৰু অসহনীয়তাৰ বোজা লৈ এদিন মই বাইদেউৰ সমুখত উপস্থিত হ’লো। মোৰ এটাই প্ৰশ্ন আছিল- “শ্ৰেণীকোঠাৰ সকলো সহপাঠীয়ে ভাল নম্বৰ পাই উত্তীৰ্ণ হৈছে মই কিয় নাই হোৱা? ” সেই সময়ত তেখেতৰ পৰা তেনেকুৱা বিশেষ কোনো উত্তৰ পোৱা নাছিলো। কিন্তু তেখেতে এটা কথা কৈছিল- ” ঠিক আছে, যদি এইখন প্ৰশ্ন কাকততে পৰীক্ষা দি তুমি উত্তীৰ্ণ হব পাৰা তেন্তে তোমাৰ নম্বৰ খিনি মই দিম।” এইবুলি ইতিমধ্যে পৰীক্ষা হৈ যোৱা প্ৰশ্নকাকত এখনৰ কথাকে তেখেতে মোক উনুকিয়াই দিলে। ময়ো আৱেগিক ভাবেই হ’ব বুলি কৈ পৰীক্ষা দিবলৈ সাজু হলো। পৰীক্ষাত অনুত্তীৰ্ণ হৈ পুনৰ বাইদেউৰ ওচৰত উপস্থিত হ’লো, তেতিয়াও তেখেতে পুনৰ এবাৰ সেই একেখন কাকততে পৰীক্ষা ল’লে। তাতো মই উত্তীৰ্ণ নহ’লো। এবাৰ-দুবাৰ নহয় চাৰি-পাঁচ বাৰ একেখন প্ৰশ্নকাকততে পৰীক্ষা দিয়াৰ পাছতো মই উত্তীৰ্ণ হব নোৱাৰিলোঁ। নিৰাশ, খং,অভিমানে মোৰ বুকুত খামুচি ধৰিলে। আগৰে পৰা বাইদেউৰ বিষয়ে যি শুনিছিলো সেয়াই সঁচা যেন লাগিলেও বাইদেউৰ প্ৰতি মোৰ ভাৱনাত যেন আউল লাগিবলৈ ধৰিলে। সম্পূৰ্ণ ৰূপে বুজি উঠিব পৰা নাছিলোঁ যদিও ক’ৰবাত নহয় ক’ৰবাত মোৰ ভয়বোৰে ভুলৰ অনুভৱ কৰাইছিল। ভয়ৰ টোপোলা মনত লৈ হ’লেও বাইদেউৰ সমুখত উপস্থিত হ’লো। তেখেতৰ সৰু প্ৰশ্ন- “কি হ’ল? ইমান বাৰ একেখন কাকতত পৰীক্ষা দিয়াৰ পাছতো উত্তীৰ্ণ হ’ব পৰা নাই কিয়?” মোৰ ওচৰত একোৱেই উত্তৰ নাছিল। প্ৰশ্ন কাকতখনৰ দুই এটা প্ৰশ্নও মোক সুধিছিল। কিন্তু তাৰো এটাৰো উত্তৰ মোৰ ওচৰত নাছিল বা ইয়াৰ বিষয়ে মই নাজানিছিলো, তেতিয়া তেখেতে ক’লে- “একে শ্ৰেণীৰ তোমাৰ সহপাঠী সকলে ইয়াৰ উত্তৰ দিছে বাবেই ভাল নম্বৰ পাই উত্তীৰ্ণ হব পাৰিছে, কিন্তু তুমি কিয় উত্তৰ দিব পৰা নাই। কাৰণ তুমি এই পাঠৰ শিক্ষা গ্ৰহণ কৰা নাই। কেৱল মোৰ পৰা পলাই ফুৰিছা, পৰিণাম তুমি নিজেই উপলব্ধি কৰিব পাৰিছা।” তাৰ পাছতেই মই নিজৰ ভুল অনুভৱ কৰি লাহে লাহে বাইদেউৰ সংস্পৰ্শত থাকি নিজক আৰু নিজৰ ভুল বোৰক শুধৰাই মানুহ হিচাপে গঢ় দিবলৈ চেষ্টা কৰিলো। পাছৰ চাৰিটা চেমিষ্টাৰত ভাল নম্বৰ পাই উত্তীৰ্ণ হ’বলৈও সক্ষম হ’লো যদিও মনত এটা আপচোচ ৰৈ গ’ল যে প্ৰথমৰ পৰা যদি মই মানুহৰ কথা নুশুনি বা বাইদেউৰ খঙৰ আঁৰত থকা আমাৰ উজ্জ্বল ভৱিষ্যতৰ চিন্তা বোৰ বুজি পালো হেঁতেন তেন্তে আজি মোৰ মাৰ্কচিটত আৰু কিছু সংখ্যক নম্বৰ যোগ হ’ল হেঁতেন। যদিও প্ৰথমতে তেখেতক ভুল বুজি আঁতৰি ফুৰিছিলো, বৰ্তমান মোৰ জীৱনৰ সৰু-ডাঙৰ প্ৰায় সকলো কথাই তেখেতৰ লগত আলোচনা কৰোঁ, তেখেতে সদায় মোৰ ভুলবোৰ আঙুলিয়াই দি সততাৰে জীৱনত আগবাঢ়ি যাবলৈ সহায় কৰে। ৰুমী শইকীয়া বাইদেউৰ দৰেই প্ৰতিগৰাকী গুৰুৱেই আমাক শিক্ষাৰ মহত্ত অনুভৱ কৰোৱাই আৰু শিক্ষিত হৈ জীৱনত আগুৱাই যাবলৈ প্ৰেৰণা যোগায়। সেয়েহে আজি মই এই সুযোগতে শিক্ষাৰ্থী জীৱনৰ পাতনিৰে পৰা বৰ্তমানলৈকে মোৰ প্ৰতিটো ভুলৰ বাবে সমূহ শিক্ষাগুৰু সকলৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। তেওঁলোকৰ আশীষ আৰু পূৰ্ণ সহযোগিতাৰ ফলতেই 2022 বৰ্ষত স্নাতক পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিলোঁ। তেখেতসকলৰ শ্ৰীচৰণত আজি মই চিৰকৃতজ্ঞ।
               সময়ৰ সোঁতত এজাক নতুন সপোনে চকুৰ আগত সদায় উটি-ভাঁহি লীলা-খেলা কৰিছিল, কিন্তু যেতিয়া সেই সপোনবোৰক বাস্তৱায়িত কৰাৰ বিশেষ দিনটো আহি পৰিছিল তেতিয়াহে যেন আৱিষ্কৃত হৈছিল ডকমকা থং নক্‌বে মহাবিদ্যালয়ৰ মোহাচ্ছন্ন আৱেশ। অনুভৱ হৈছিল মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ছাৰ-বাইদেউ, সহপাঠী সকলৰ লগতে অগ্ৰজ-অনুজসকল কিমান মৰমৰ, কিমান আপোন। যি মৰম, যি আপোনপন এতিয়া কেৱল এক স্মৃতি, এক অভিজ্ঞতা হৈয়েই ৰৈ গ’ল। কিন্তু এয়াই যে বাস্তৱ। মানি ল’বলৈ বাধ্য হৈছো, মই যে এতিয়া ডকমকা থং নক্‌বে মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী।
               শেষত মহাবিদ্যালয়খনৰ প্ৰত্যেক গৰাকী ছাৰ-বাইদেউৰ লগতে এইখন মহা বিদ্যালয়ত নৱনিযুক্ত অসমীয়া বিভাগৰ অধ্যাপিকা মনিকংকনা কোচ বাইদেউ আৰু ববী কলিতা বাইদেউ লৈওঁ মোৰ আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। এই ৩বছৰীয়া জীৱনকালত মোক সহায়ৰ হাত আগবঢ়োৱা শুভাকাংক্ষী তথা সহপাঠীসকললৈ ধন্যবাদ জনাই মহাবিদ্যালয়ৰ লগত জড়িত মোৰ সোণালী স্মৃতিৰ মেঁটমৰা টোপোলা মানস পটত সদায় চিৰসেউজ কৰি ৰখাৰ প্ৰতিশ্ৰুতিৰে থং নক্‌বে মহাবিদ্যালয়ৰ দীৰ্ঘায়ু আৰু অক্ষুন্ন গৌৰৱ কামনা কৰিছোঁ।


” জিলিকি থাকক চিৰকাল চঞ্চল বতাহ জাকৰ আৱেশত এই খন মহাবিদ্যালয় পাহাৰৰ বুকুত, তাতেই আমি পাখি মেলি জিলিকি ৰ’ম আগনন পখী হৈ “

জুহিতা দাস

প্ৰাক্তন ছাত্ৰী, ২০২২