অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী
অসমৰ বৰপেটা ধাম,
চাই যোৱা বাটৰুৱা পৰাণ জুৰাই যোৱা
শুনি যোৱা হৰিগুণ নাম।”
(বৰপেটা – শৈলধৰ ৰাজখোৱা )
বৰপেটা সত্ৰৰ আৰম্ভণি :
সেই সময়ত মাধৱ পুৰুষ সুন্দৰীদিয়াত। এদিনাখন কেইজনমান ভকত এখন খেতি পথাৰেৰে মাধৱ পুৰুষৰ ওচৰলৈ আহোঁতে খেতিৰ গিৰিহঁতে তেওঁলোকক বৰকৈ অপমান কৰাত মাধৱদেবে মর্মান্তিক আঘাত পালে আৰু সুন্দৰীদিয়া ত্যাগ কৰি ভৱানীপুৰলৈ যাবলৈ মন কৰিলে। ইতিমধ্যে গোপাল তাঁতী (পিছলৈ মথুৰাদাস বুঢ়া আতা)ই সুন্দৰীদিয়ালৈ গৈ সকলো কথা জানিব পাৰি অত্যন্ত দুঃখিত হ’ল আৰু গুৰুজনাক তাঁতীকুছিলৈ আহিবলৈ কাতৰ অনুৰোধ জনালে। আনকি গুৰুজনাৰ বস্তু-বাহানিৰ ভাৰখনো আলধৰা যদুমণি আতৈৰ কান্ধৰ পৰা কাঢ়ি নি নিজে কান্ধত লৈ তাঁতীকুছি মুখে খোজ ল’লে। পিছে পিছে মাধৱদেৱ। কিছুদিন তাঁতীকুছিত থকাৰ পাছত এই পবিত্র ভূমি সত্ৰ স্থাপনৰ উপযুক্ত ঠাই বুলি মনোনীত কৰিলে। কিন্তু মনোনীত কৰা ঠাইখিনিৰ গৰাকী আছিল ৰামচন্দ্ৰ বুঢ়া (আন নাম লাডুরা বুঢ়া) নামৰ এজন ধর্মপ্রাণ লোক। মাধৱদেৱে বুঢ়া আতাৰ হতুৱাই লাডুরা বুঢ়াক সম্মত কৰাই এডৰা মাটি দান স্বৰূপে ল’লে আৰু তাতে অৱশেষত ৰভা সাজি কোনো কোনোৰ মতে ‘কোটোৰা যাত্রা’ নামৰ অংকীয়া ভাওনা পাতিলে। এয়ে বৰপেটা সত্ৰৰ প্ৰথম অংকীয়া নাটৰ ভাওনা। ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰি মাধৱদেৱে ইয়াতে এটি কীর্তনঘৰ সাজিবলৈ মনস্থ কৰিলে। কিন্তু আগতে পোৱা মাটিখিনি কীৰ্তনঘৰ সাজিবলৈ পর্যাপ্ত নহ’ব বুলি জানি আকৌ লাডুরা বুঢ়াক খুজি এডৰা মাটি দান ল’লে। যথাসময়ত এই অঞ্চলৰ ৰাইজৰ সহায়-সহযোগিতাত সেই ঠাইতে খুটা-বাঁহ আদিৰে বৈকুণ্ঠৰ আৰ্হিৰে মজলীয়া ধৰণৰ অতি বিতোপন ঘৰ এটি তৈয়াৰ হৈ উঠিল। এয়ে বৰপেটাৰ আদি কীৰ্তনঘৰ। সময় ১৫৮৩ খ্রীঃ। ইয়াৰ দুবছৰমান পাছত মাধৱদেৱে জ্ঞানী-অজ্ঞানী, সুখী-দুখী, ৰজা-প্রজা, ভকত-অভকত সকলোকে আকৰ্ষণ কৰিব পৰাকৈ সেই স্থানত এটি চকুত লগা ধৰণৰ ঘৰ সাজিবলৈ ইচ্ছা কৰিলে। সেইমর্মে আগৰণুৱা বুঢ়া আতাক লগত লৈ ঠাকুৰ আতা, বৰবিষ্ণু আতা, গোপাল আতা, লক্ষ্মীকান্ত প্রমুখ্যে ভকতসকলৰ আকুণ্ঠ সহযোগত বাহঁৰ কামীবোৰ হেঙ্গুল-হাইতালেৰে বুলাই, চতি, ফুলচতি, খুটা আদিত নানা ধৰণে লতা কটা ফুল আদি কাটি বালিচন্দা, ৰংপতা আদি খটোৱাই কৃষ্ণ খনিকৰ নামৰ বিখ্যাত মিস্ত্ৰী এজনৰ দ্বাৰা আহল-বহল, অতি বিতোপন ঘৰ এটি নিৰ্মাণ কৰি উলিয়ালে। এইটোৱে বৰপেটা সত্ৰৰ সুবিখ্যাত ‘ৰঙিয়াল- গৃহ’। কালৰ কুটিল গতিত ‘ৰঙিয়াল-গৃহ’ বেছিদিন নিটিকিল। ১৫৯৪ খ্রীঃত বুঢ়াআতা বৰপেটাৰ বাহিৰত থকা অৱস্থাত হঠাৎ এদিন বনপোৰা জুইত ‘ৰঙিয়াল-গৃহ’ ভষ্মীভূত হয়। মাধৱদেৱৰ উপদেশ মর্মে বুঢ়া আতাই ঠাকুৰ আতা তথা অন্যান্য ভকতসকলৰ সহযোগত পুনৰ সেই ঠাইতে আহল-বহলকৈ এটি কীৰ্তনঘৰ সাজি উলিয়ায়।
বৰপেটা সত্ৰত তুলসীৰ খুটা :
১৯০১ খ্ৰীঃত বৰপেটাত প্রৱল বানপানী হয় আৰু এই বানপানীত বৰপেটাৰ যথেষ্ট ক্ষতি হয়। কথিত আছে যে, এই বানপানীত যথেষ্ট সংখ্যক সৰল গছৰ খুটা ব্ৰহ্মপুত্ৰয়েদি ভাঁহি আহি শুৱালকুছিৰ ঘাটত কাষ চাপে। সত্ৰৰ সত্ৰীয়া গোবিন্দ মিশ্রই সপোনত দেখে যে এই খুটাবোৰ বৰপেটাৰ সত্ৰৰ কীৰ্তনঘৰৰ খুঁটা, চ’তি আদি ৰূপে ব্যৱহাৰ হ’বলৈ বানপানীৰ সোঁতত ভাঁহি আহিছে। সেই মতে সমূহ ভকতে খুঁটাবোৰ বৰপেটা সত্ৰলৈ লৈ আহে। কথিত আছে যে এই খুঁটাবোৰৰ লগতে এডাল প্রকাণ্ড তুলসীৰ খুটাও বৰপেটালৈ ভাঁহি আহিছিল। ৰাইজে এই খুটাবোৰেৰে কীৰ্তনঘৰটো পুনৰ নিৰ্মাণ কৰে আৰু তুলসীৰ গছডাল সমানে ছেদন কৰি দুটা খুটা কৰি কীৰ্তনঘৰৰ পূব দিশত লগায়। বর্তমানে নতুনকৈ সজোৱা কীৰ্তন ঘৰৰ পশ্চিম দিশত তুলসীৰ খুটা দুটা প্রত্যক্ষ কৰা যায়। পৰৱৰ্তী সময়ত বুঢ়াসত্ৰীয়া চন্দ্রকান্ত দেৱমিশ্ৰৰ নেতৃত্বত পৰিচালনা সমিতিয়ে ১৯৬৩ খ্ৰীঃৰ ফাগুন মাহত সত্ৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰি ১৯৬৬ খ্রীঃত আধুনিক কৌশল আৰু ভাস্কর্য খটুৱাই সত্ৰৰ নিৰ্মাণ কাৰ্য সমাপ্ত কৰে। সত্ৰৰ মূল তোৰণৰ নক্সা আৰু নিৰ্মাণ কাৰ্যৰ বাবে পঞ্জাৱৰ পৰা ৰাজমিস্ত্রী অনোৱা হৈছিল।
বৰপেটা সত্ৰৰ বাটচ’ৰা আৰু তোৰণ :
বৰপেটা সত্ৰত প্ৰৱেশ কৰা বাটচ’ৰা তিনিটা। সেইকেইটা হ’ল- উত্তৰহাটীৰ বাটচ’ৰা, দক্ষিণহাটীৰ বাটচ’ৰা আৰু নহাটীৰ বাটচ’ৰা। প্রত্যেক বাটচ’ৰাৰ সন্মুখত একোখনকৈ তোৰণ আছে। উত্তৰহাটীৰ বাটচ’ৰা এৰি পোৱা প্ৰৱেশ দ্বাৰক ‘উত্তৰ তোৰণ’, দক্ষিণহাটীৰ বাটচ’ৰা এৰি পোৱা প্ৰৱেশ দ্বাৰক ‘দক্ষিণ তোৰণ’ আৰু নহাটীৰ বাটচ’ৰা এৰি পোৱা প্ৰৱেশ দ্বাৰক ‘মূল তোৰণ’ বুলি জনা যায়। তোৰণ কেইখনৰ বেৰত বৈকুণ্ঠৰ দ্বাৰী জয়-বিজয়ৰ মূৰ্তি আছে। বাটচ’ৰা কেইটা পোৱাৰ পিছত যিদৰে সত্ৰৰ সম্মুখেৰে কোনো লোকে কোনো যান-বাহনত আৰোহণ কৰি যাব নোৱাৰে তেনেদৰে তোৰণৰ পৰা মূল সত্ৰলৈ কোনো লোকে জোতা-চেণ্ডেল পিন্ধি যোৱাটো নিষিদ্ধ।
বৰপেটা সত্ৰৰ কীৰ্তনঘৰ :
বৰপেটা সত্ৰৰ মূল কীর্তনঘৰটো সত্ৰ প্রাঙ্গনৰ মাজত অবস্থিত। কীৰ্তনঘৰৰ পূৱদিশে ভাজঘৰ, কীৰ্তনঘৰৰ সংলগ্ন স্থানত উত্তৰ দুৱাৰ আৰু পশ্চিম দিশে মূল দুৱাৰ। কীৰ্তনঘৰৰ পুৱৰ পৰা দ্বিতীয় কোঠালিত গুৰু আসনৰ সন্মুখত দুগছি প্রকাণ্ড গছা স্থাপন কৰা আছে। গুৰু আসনৰ দুই মুৰত পশ্চিম মুৱাকৈ বহিব পৰাকৈ বুঢ়া আৰু ডেকাসত্ৰীয়াৰ আসন। গুৰু আসনৰ শেষৰ ফালে পাঠকৰ বহা ঠাই। গুৰু আসনৰ সম্মুখত নিয়মিত প্রসঙ্গ কৰা হয়। মূল দুৱাৰেৰে চালে কীর্তন ঘৰৰ ভিতৰত তিনিখন শুক আসন দেখা যায়। তিনিখন আসনৰ উত্তৰৰখন পাঁচ থাকৰ, মাজৰখন সাত থাকৰ আৰু দক্ষিণৰখন তিনি থাকৰ। কীর্তনঘৰৰ দক্ষিণফালে দৌল গৃহ। উত্তৰ ফালে থকা সিংহদ্বাৰ যিখন উৎসৱ-পার্বণতহে খোলা হয়। দৌল গৃহত দেউল উৎসৱৰ সময়ত গোঁসাইক মূল কীৰ্তনঘৰৰ পৰা পৰম্পৰা অনুযায়ী উলিয়াই আনি স্থাপন কৰা হয়। সিংহদ্বাৰৰ উত্তৰফালে শ্ৰীশ্ৰীশংকৰদেৱ অধ্যয়নাগাৰ। সত্ৰৰ বাটচ’ৰা পাৰ হৈ পূব দিশে থকা চিৰি (থাক)ৰ সম্মুখত মূল কীৰ্তনঘৰৰ টোপৰ চোতাল আৰু বাওঁফালে যোগমোহন ঘৰ। ইয়াৰ পূব ফালে উত্তৰ হাটীৰ ফুল, এঘাৰ হাটীৰ ভঁড়াল ঘৰ, পিছফালে উদাসীন ভকতৰ দুইশাৰী। বহাৰ দক্ষিণে সত্ৰৰ ৰঙ্গমঞ্চ আৰু ৰঙ্গমঞ্চৰ পূব দিশত মূল কীৰ্তনঘৰৰ ভঁৰাল। ভঁৰাল ঘৰৰ কাষতে পক্ষীগৃহ আৰু খটখটীৰ জিৰণি ঘৰ। জিৰণি ঘৰৰ পূব দিশত মাধৱদেৱ পুখুৰী। পুখুৰীৰ পিছফালে আন এক জিৰণি ঘৰ। ইয়াৰ দক্ষিণ দিশত ‘শংকৰী সংস্কৃতি বিকাশ কেন্দ্ৰ’ আৰু ইয়াৰ পশ্চিমে অতিথিশালা আছে য’ত দৌল আদি উৎসৱত অহা যাত্রীসকলক থকা খোৱাৰ সুবিধা দিয়া হয়।
ভাঁজঘৰ বা মণিকূট :
উপাস্য দেৱতাৰ মূৰ্তি আৰু সোণ-ৰূপৰ অলংকাৰ থকা ঘৰক ভাঁজঘৰ বা মণিকূট বুলি কোৱা হয়। বৰপেটা সত্ৰৰ ভাঁজঘৰটো সত্ৰৰ মূল কীৰ্তনঘৰৰ পূব দিশত অৱস্থিত। ভকতসকলৰ মুখে মুখে প্রচলিত যে শ্রীকৃষ্ণই কুণ্ডিল কুঁৱৰী ৰুক্মিণীক বিবাহ কৰাৰ উদ্দেশ্যে কুণ্ডিললৈ গৈ থকা অৱস্থাত ৰথৰ দ্রুতবেগ সহ্য কৰিব নোৱাৰি বেদনিধি ব্রাহ্মণৰ শ্রুতি ভঙ্গ হোৱাত ইয়াতেই কৃষ্ণই ৰথ ৰাখি সাৰঙ্গ ধনুৰে পাতালৰ পৰা তেলযুক্ত পানী উলিয়াই ব্ৰাহ্মণৰ মূৰত দি সুস্থ কৰিছিল। ইয়াক তেল মাঠিয়া বুলি কোৱা হয়। এই ঠাইখিনি ভাঁজঘৰটোৰ ভিতৰতে আছে। কৃষ্ণৰ ধনুখনৰ ভাঁজ অনুসৰি ঘৰটো সজা বুলি ভকতসকলৰ মুখে মুখে প্রচলিত।
ভাঁজঘৰটো দুটা কোঠাত বিভক্ত। এটা কোঠাত কলীয়া ঠাকুৰৰ বিগ্ৰহ আৰু অক্ষয় বন্তি আৰু আনটো কোঠাত সত্ৰৰ সা-সম্পত্তি আদি ৰখা হয়। ভাঁজঘৰৰ পূব ফালে এখন দ্বাৰ আছে। ভকতে সত্ৰলৈ আগবঢ়োৱা তেলবোৰ বৰপেটা সত্ৰৰ শাখা সত্ৰসমূহলৈ সময়ে সময়ে নিয়া হয় আৰু নিমখবোৰ ভকতৰ মাজত বিতৰণ কৰা হয়।
বৰপেটা সত্ৰৰ মঠ আৰু চোতাল:
বৰপেটা সত্ৰৰ মঠ তথা মঠৰ চোতাল অতি পৱিত্ৰ স্থান। মঠৰ চোতালত বুঢ়া আৰু ডেকা সত্ৰীয়াৰ সৈতে ভকতসকলে ধর্মালোচনা কৰে। সত্ৰৰ মঠ সেৱাৰ বস্তু ৰখা পৱিত্ৰ স্থান। ইয়াত মাধৱ পুৰুষে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কেইপদমান সামগ্ৰী সুৰক্ষিত কৰি ৰখা হৈছে।
পাটচাং বা চাংঘৰ :
কাঠ-পাতেৰে সজাঘৰেই পাটচাং বা চাংঘৰ। বৰপেটা সত্ৰৰ পাটচাং বা চাংঘৰক ভকত সকলে কীৰ্তনঘৰৰ দৰে পবিত্র জ্ঞান কৰে। ইয়াত সময়ে সময়ে ভকতৰ জটিল সমস্যাসমূহৰ বিষয়ে আলোচনাৰ বাবে সভা অনুষ্ঠিত কৰা হয়। পাটচাঙৰ তলত ময়ূৰ চৰাই আৰু শহাপহুৰ বাহ।
খটখটিৰ ঘাট:
মাধৱ পুৰুষ আৰু তেৰাৰ শিষ্যসকলে গা-ধোৱা ঘাট ৰূপে ব্যৱহাৰ কৰা জানটো বৰপেটা সত্ৰৰ পূব দিশত অৱস্থিত। পিছলৈ এই ঘাটেৰে উঠা-নমা কৰাৰ বাবে শিলৰ খটখটি সাজি দিয়া হয় আৰু এয়ে খটখটিৰ ঘাট। বর্তমান জানটোৰ দুয়োমূৰ বান্ধি দিয়াৰ ফলত ই এটা পুখুৰীৰ ৰূপতহে আছ।
বুঢ়া আতাৰ ভিঠি :
বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ ভিঠিটো সত্ৰৰ পূব মূৰত অৱস্থিত। য’ত আতাপুৰুষ জনাই জীৱনৰ শেষ কালছোৱা অতিবাহিত কৰিছিল।
শ্ৰীৰাম আতাৰ ভিঠি :
শঙ্কৰদেৱৰ অতিকে মৰমৰ শিষ্য শ্ৰীৰাম আতাৰ ভিঠি মাধৱ পুৰুষৰ বাসগৃহৰ মুখামুখিকৈ অৱস্থিত। পৰৱৰ্তী সময়ত মাধৱদেৱৰ অত্যন্ত বিশ্বাসী অনুচৰ হৈ পৰা শ্ৰীৰাম আতাৰ ভিঠিৰ ওপৰত বৰ্তমান এটি পাটনাদ পোৱা যায়। এই নাদৰ পানী ভকতসকলে অতি পৱিত্ৰ জ্ঞান কৰে। নন্দোৎসৱৰ দিনা ইয়াৰ পানী তুলি ভকতসকলৰ গাত ছটিয়াই দিয়া হয়।
পদ্ম আতা বা বদলা আতাৰ ভিঠি:
সত্ৰৰ মূল ঘৰৰ দক্ষিণ দিশত পদ্মআতা বা বদলা আতাৰ ভিঠি। পদ্ম আতাৰ গাৰ বৰণ পদুমৰ দৰে বগা বৰণৰ আছিল। পদ্ম আতাৰ ভিঠিক ‘শ্বেত বিলাস বৈকুণ্ঠ’ বুলিও কোৱা হয়। মাধৱদেৱে গাৰ বদল দি উজনি অসমৰ ধৰ্মাচাৰ্য পতা বাবে তেওঁ বদলা বা বদুলা আতা নামেৰে জনাজাত। এই ভিঠিত ভকতসকলে চেনি আগবঢ়াই মানস কৰিলে সিদ্ধি হয় বুলি জনবিশ্বাস প্রচলিত আছে।
সভাঘৰ :
সভাঘৰটো কীৰ্তনঘৰৰ উত্তৰ-পশ্চিম কোণত অৱস্থিত। এই সভাঘৰত সত্ৰৰ কাম-কাজৰ বিষয়ে সমূহ ভকতৰ সভা অনুষ্ঠিত হয়।
ভাগৱত গৃহ :
কীৰ্তনঘৰৰ দক্ষিণ আৰু দক্ষিণৰ কেৱলীয়া হাটীৰ উত্তৰৰ মাজৰ ঠাইখিনিত ‘ভাগৱত গৃহ’ অৱস্থিত। নিতৌ পুৱা-গধুলি সত্ৰৰ ভকতসকলে ইয়াতে ভাগৱত শ্ৰৱণ-কীর্তন কৰে।
সত্ৰ পৰিচালনা পদ্ধতি:
বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ দিনৰ পৰা প্ৰচলিত সত্ৰ পৰিচালনা পদ্ধতি সমাজ তথা সময়ৰ পৰিবৰ্তনৰ লগে লগে কিছু পৰিবৰ্তন হৈছে। সত্ৰৰ প্ৰথম অৱস্থাত শিষ্যৰ সংখ্যা কম আছিল আৰু সত্ৰৰ কৰ্মচাৰীৰ সংখ্যাও কম আছিল। সত্ৰৰ আদি সত্ৰাধিকাৰ মধুৰা দাস বুঢ়া আতাই ব্যক্তিগত যোগ্যতা আৰু কর্ম অনুসাৰে ভকতসকলৰ মাজৰ পৰা সত্ৰৰ বিভিন্ন পৰিচালকক নিযুক্তি প্রদান কৰিছিল- ভাগৱতী, দেউৰী, সূত্ৰধাৰ, ভঁৰালী, লেখক, কাকতি, মজুমদাৰ, যোগনিয়াৰ, কীর্তনীয়া, খনিকৰ, হাটীমতা, পালধৰীয়া, বৰা, বুঢ়া ভকত, ধনভঁৰালী ইত্যাদি।
সত্ৰৰ কাম-কাজ নিয়াৰিকৈ পৰিচালনা কৰাৰ বিভিন্ন বিষয়বাব সৃষ্টি আৰু পৰিচালক নিয়োগ কৰি মথুৰা দাস বুঢ়া আতাৰ দিনতে সত্ৰ পৰিচালনাৰ অংকুৰ মেল খাইছিল। পৰৱৰ্তী সময়ত ১৯৩৫ চনত সত্ৰ পৰিচালনাৰ নিয়মাৱলীখন লিখিতভাৱে কার্যকৰী হৈছিল। বর্তমান সত্ৰ পৰিচালনা সমিতি আৰু পদাধিকাৰসকল হ’ল- বুঢ়াসত্ৰীয়া, ডেকাসত্ৰীয়া আৰু সমগ্র সত্ৰীয়া চহৰখনৰ ২৮ জন নির্বাচিত প্রতিনিধি।
তথ্যদাতা:
এই প্ৰৱন্ধটি সফলতাৰে সম্পূৰ্ণ কৰিবলৈ যাওঁতে বৰপেটা সত্ৰ সম্পৰ্কে বিভিন্ন তথ্য সংগ্ৰহৰ ক্ষেত্ৰত তলত উল্লেখ কৰা ব্যক্তিগৰাকীৰ পৰা বিশেষ ভাৱে সহায় লোৱা হৈছে-
শ্ৰীযুত ভবাজিত বায়ন
সহযোগী অধ্যাপক
বি. বি. কে. কলেজ, নগাঁও, বৰপেটা

প্ৰাক্তন ছাত্ৰ, ২০১৫