Ankuran
কৰতল কমল ( হাতৰ তলুৱা পদুমৰ দৰে )কমল দল নয়ন ( চকু পদুমৰ পাহীৰ দৰে )ভৱদৱ দহন ( সংসাৰৰ দূখ নাশ কৰোঁতা )গহন বন শয়ন (গভীৰ বনত শয়ন কৰা )নপৰ নপৰ পৰ ( মাটিত ভৰি পৰা নপৰাকৈ শ্ৰেষ্ঠজন )সতৰত গময় ( সততে গমন কৰে )সভয় মভয় ভয় ( ভয়ৰ পৰা অভয় দান কৰোঁতা )মমহৰ সততয় ( সদায় অহংকাৰ হৰণ কৰা )খৰতৰ বৰশৰ ( ক্ষিপ্ৰ ভাৱে শৰ বৰ্ষণ কৰি )হতদশ বদন ( ৰাৱণ বধ কৰোঁতা )খগচৰ নগধৰ ( গড়ুৰত উঠাজন আৰু গোৱৰ্দ্ধন ধাৰণ কৰাজন )ফণধৰ শয়ন ( সাপৰ ওপৰত শয়ন কৰা জন )জগদঘ মপহৰ ( জগতৰ পাপ মোচন কৰা )ভৱভয় তৰণ ( সংসাৰৰ ভয়ৰ পৰা ত্ৰাণ কৰা )পৰ পদ লয় কৰ (শ্ৰেষ্ঠ জনৰ পদত লয় কৰা )কমলজ নয়ন ( পদুমৰ দৰে চকু )
প্ৰাক্তন ছাত্ৰী ( ২০১৩)