Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

মই কুশলে আছোঁ

মই কুশলে আছোঁ
বুকুত শৰবিদ্ধ হৈ
দুগালত বৈ অহা
কান্দোনৰ চকুপানীবোৰক কবৰ দি
মই কুশলে আছোঁ৷

মোৰ নিথৰ চাৱনি
শেতা ওঠজুৰি দেখি
কোনেও যেন নাভাবে
মই দুখত আছোঁ
মই কুশলেই আছোঁ…!

জীৱন যুদ্ধৰ সাগৰত কতদিন
যুজিলোঁ
হৃদয়ত অপ্ৰাপ্তিৰ হুমুনিয়াহ কতদিন কাঢ়িলো
কত ৰাতি উচুপিলো
কোনোবাই মোক কেনে আছোঁ বুলি সুধিলে মই
বুকুত এচটা শিল বান্ধি
ৰঙা হৈ যোৱা চকুযুৰি মচি কওঁ
মই কুশলে আছোঁ..

চাৰিআলিৰ দোকানৰ বাকী পইচাকেইটা দিব থকা দোকানীয়ে যেতিয়া সকলোৰে আগত চিঞৰি কয়..
তেতিয়া ভিতৰি ভিতৰি
আত্মগ্লানি দৰিদ্ৰতা আৰু অক্ষমতাৰ জুইকুৰাত জ্বলি জ্বলি শেষ হৈয়ো বাহিৰৰ পৃথিৱীখনক দেখুৱাই কওঁ
মই কুশলে আছোঁ…

সকলোখিনি যোগ্যতা থকাৰ পাছতো
যেতিয়া ওচৰৰ সংস্হাটোৰ চাকৰিটোত
কেৱল হাজাৰ টকাৰ দৌৰত দৌৰিব নোৱাৰাৰ বাবেই
নিজৰ নাম বাচনি তালিকাত নথকা দেখোঁ
তেতিয়া বহু আশাৰে ৰৈ থকা
বিধৱা আইৰ চলচলীয়া দুচকুত চকু থৈ কওঁ
দুখ নকৰিবি আই
মই কুশলে আছোঁ…

জীৱনৰ কন্টকময় পথত
ইমানবোৰ ঘাত-প্ৰতিঘাত বুকুত গুজি
অতদিনে মই কুশলেই আছিলোঁ কাৰণ ইমানদিনে তুমি মোৰ কাষত ছাঁটোৰ দৰে আছিলা৷

জীৱনৰ আঠাইশটা বসন্ত অতিক্ৰম কৰিলোঁ
পুৰণি পৃষ্ঠাবোৰ লুটিয়াই চাই দেখোঁ
বিষাদে তচনচ কৰা কলিজাৰ মাজতো
তুমি মোৰ বুকুৰ যেন অন্তৰাত্মা হৈ আছিলা
আৰু সেয়ে নোপোৱাবোৰৰ বেদনাত কোঙা হৈয়ো
মই নিজেই নিজক ক’ব পাৰিছিলো..
মই কুশলে আছোঁ…

আজি তোমাৰ বৈবাহিক জীৱনৰ প্ৰথম দিন
শুনিছোঁ সম্ভ্ৰান্তঘৰৰ জীয়ৰীৰ সৈতে তোমাৰ আজি মধুৰক্ষণ
তোমাৰ জীৱনৰ এই মধুৰক্ষণত আজিনো মই কি সতে কওঁ
মই যে সঁচাকৈয়ে বৰ কষ্টত আছোঁ..
দুখৰ হুমুনিয়াহবোৰক
কবৰ দি
বুকুত এচটা শিল বান্ধি
এতিয়াতো আৰু মই কবওঁ নোৱাৰোঁ
মই কুশলে আছোঁ
মই কু-শ-লে আ-ছোঁ৷

ববী কলিতা

অসমীয়া বিভাগ