Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

দেউতা

দেউতা, মই তোমাক ধন্যৱাদ কেনেকৈ দিওঁ !
তোমাৰ উপকাৰ কেনেকৈ বৰ্ণনা কৰোঁ !
তুমি যিমান দিলা কোনেওঁ দিব নোৱাৰিলে ।
তুমি যিমান বুজিলা কোনেওঁ বুজিব নোৱাৰিলে ।
এন্ধাৰ হৈ আছিল মোৰ এই জগতখন দেউতা,
তুমিয়ে দিলা উজ্জ্বল ভৱিষ্যতৰ জ্ঞানৰ ভৰাঁল ।
সপোন তোমাৰোঁ আছিল কিন্তু পূৰণ কৰিলা আমাৰ,
নিজৰ কষ্ট লুকোৱাই গঢ়ি দিলা সঠিক পথ আমাৰ ।
মোৰ আটাইতকৈ মৰমৰ,মধুৰ সম্বন্ধ মোৰ দেউতাৰ লগত,
যাৰ হাতত ধৰি আজি বুজিব পৰা হ’লোঁ এই সুন্দৰ পৃথিৱীখন ।
তুমি এৰি থৈ গ’লা মোক এই ধৰাত চিৰদিনৰ বাবে মোৰ পূজনীয় হৈ,
কিন্তু জীয়াই থাকিবা মোৰ অন্তৰত চিৰস্মৰণীয় হৈ ।

বৰ্খা সোনাৰ

প্ৰাক্তন ছাত্ৰী,২০১৪