Ankuran
দিনবোৰ সলনি হৈছেআগতেও সলনি হৈছিলএতিয়াও সলনি হৈছেপিছলৈও হৈ থাকিব ।
পৰিবৰ্তন এক অপৰিবৰ্তনীয় নিয়মএয়া চলিয়েই থাকিব কেৱল সলনি হব পৰিবৰ্তনৰ চৰিত্ৰ।
দিনবোৰ সলনি হৈছেসলনি হৈছে মানুহদেখা পোৱা মানুহবোৰলগপোৱা মানুহবোৰ নহয়লগপোৱা মানুহবোৰচিনাকি মানুহবোৰ নহয় ।
আটাইবোৰ ৰং সনা মুখ কোনোবাখন মুখ যদি ৰঙাকোনোবাখন হালধীয়াকোনোবাখন যদি বেঙুনীয়া আন কোনোবাখন সেউজীয়া ।ধৰিবই নোৱাৰি কোনখন মুখৰনোআচল ৰং কি !
দিনবোৰ সলনি হৈছেএতিয়া পৃথিবীখন সৰু হৈএখন গাওঁ হ’লগাওঁখন ডাঙৰ হৈএখন মুকলি বজাৰ হ’লয’ত সকলো বস্তুৰে কিনা-বেচা হয় ।
যোৱাৰাতি সপোনতেশ্বপিং ম’ল এখনলৈ গৈছিলোগৈ বিক্ৰেটাজনক কৈছিলোমৰম একাজলি দিয়কচোন“সেইটো আকৌ কি বস্তু ? সেইটো আমাৰ ইয়াত নাই ।” আচৰিত হৈ তেওঁ কৈছিলতেনেহলে মানৱতা বোলা বস্তুবিধ যদি আছেসেইটোকে দিয়কচোন —— মই কৈছিলো বিক্ৰেতাজনে একপ্ৰকাৰ ভেকাহি মাৰি কৈছিল “তেনেকুৱা সস্তীয়া বস্তুৰ স্থান আমাৰ ইয়াত নাই” — মই খালি হাতে উভটি আহিলো ।
তাত মানুহৰ চকু, মুখ,নাক, কাণদাত, জিভা, মন, মগজুসকলোবোৰ চৰা দামত কিনা-বেচা হয়একেবাৰে নাইকীয়া বস্তুবিধ হ’লমানবতা ।
প্ৰাক্তন উপাধ্যক্ষা