Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

দিনবোৰ সলনি হৈছে

দিনবোৰ সলনি হৈছে
আগতেও সলনি হৈছিল
এতিয়াও সলনি হৈছে
পিছলৈও হৈ থাকিব ।

পৰিবৰ্তন এক অপৰিবৰ্তনীয় নিয়ম
এয়া চলিয়েই থাকিব
কেৱল সলনি হব পৰিবৰ্তনৰ চৰিত্ৰ।

দিনবোৰ সলনি হৈছে
সলনি হৈছে মানুহ
দেখা পোৱা মানুহবোৰ
লগপোৱা মানুহবোৰ নহয়
লগপোৱা মানুহবোৰ
চিনাকি মানুহবোৰ নহয় ।

আটাইবোৰ ৰং সনা মুখ
কোনোবাখন মুখ যদি ৰঙা
কোনোবাখন হালধীয়া
কোনোবাখন যদি বেঙুনীয়া
আন কোনোবাখন সেউজীয়া ।
ধৰিবই নোৱাৰি কোনখন মুখৰনো
আচল ৰং কি !

দিনবোৰ সলনি হৈছে
এতিয়া পৃথিবীখন সৰু হৈ
এখন গাওঁ হ’ল
গাওঁখন ডাঙৰ হৈ
এখন মুকলি বজাৰ হ’ল
য’ত সকলো বস্তুৰে কিনা-বেচা হয় ।

যোৱাৰাতি সপোনতে
শ্বপিং ম’ল এখনলৈ গৈছিলো
গৈ বিক্ৰেটাজনক কৈছিলো
মৰম একাজলি দিয়কচোন
“সেইটো আকৌ কি বস্তু ?
সেইটো আমাৰ ইয়াত নাই ।” আচৰিত হৈ তেওঁ কৈছিল
তেনেহলে মানৱতা বোলা বস্তুবিধ যদি আছে
সেইটোকে দিয়কচোন —— মই কৈছিলো
বিক্ৰেতাজনে একপ্ৰকাৰ ভেকাহি মাৰি কৈছিল
“তেনেকুৱা সস্তীয়া বস্তুৰ স্থান
আমাৰ ইয়াত নাই” —
মই খালি হাতে উভটি আহিলো ।

তাত মানুহৰ চকু, মুখ,নাক, কাণ
দাত, জিভা, মন, মগজু
সকলোবোৰ চৰা দামত কিনা-বেচা হয়
একেবাৰে নাইকীয়া বস্তুবিধ হ’ল
মানবতা ।

অঞ্জলি মেধি

প্ৰাক্তন উপাধ্যক্ষা