Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

স্বাৰ্থপৰ এই জীৱন

আপোন বন্ধু আছে বুলি অহংকাৰ নাই,
আজিৰ দিনত আপোন বন্ধু বুলিবলৈ আছেনো কি?
বহুত থাকিলো,বহুত বুজিলো জীৱনটোত
কিন্তু আপোন বন্ধু বিচাৰি নাপালোঁ৷
বিচাৰিছিলো বহুত হাবাথুৰি খাই,
কিন্তু আপোন বন্ধু এই জগতত নাই৷
যাকেই ভাবো
আপোন বন্ধু বুলি,
সিয়ে দিয়ে ঠেলা মাৰি৷
আজিৰ দিনত আপোন কোন,বন্ধু কোন!
সকলোৱেইটো সুবিধাহে চায়৷
বিশ্বাসী হ’বা কিন্তু বিশ্বাস নকৰিবা,
এতিয়াৰ দিনবোৰ আৰু আগৰদৰে নাই,
সকলোবোৰেই হৈ পৰিছে স্বাৰ্থপৰ ৷

স্বৰাজ ক্ৰ’

প্ৰাক্তন ছাত্ৰ