ৰংমনৰ বৰ ৰং , কিয়নো এই বেলি খেতি বৰ ভাল হৈছে। দহ বিঘা মাটিত তেওঁ প্ৰায় দুশ মোন ধান
পাইছে। এইবাৰ বানপানীয়ে আগৰ বছৰ বোৰৰ দৰে ক্ষতি নকৰিলে। তিনি বছৰ ধৰি পথাৰত
বালি আৰু বোকাৰ বাহিৰে তেওঁ একোকে দেখিবলৈ পোৱা নাছিল।
আজি ৰংমনে বছৰটোৰ বাবে প্রয়োজনীয় ধানখিনি ৰাখি বাকীখিনি বিক্ৰী কৰিব; সেই টকাৰে এখন
মটৰ চাইকেল কিনিব। সেয়েহে বেপাৰী এগৰাকীক মাতিছে আৰু বস্তাবোৰত ধান ভৰাই ভৰাই গুণ গুণাবলৈ
ধৰিছে, “আজি যাং বৰতক ঐ, কালি যাং বৰতক ঐ…….” এনেতে ঘৰৰ ভিতৰৰ পৰা ঘৈণীয়েকে আহি মাত
লগালে- হেৰি শুনিচেনে? আমাৰ ছোৱালী পুষ্পিতা হ’ল।
ৰংমন: হয় নেকি?
ঘৈণীয়েক: অ। তোলনি বিয়াখন ডাঙৰ কৈ পাতিব লাগিব দেই। চহৰৰ পৰা মানুহ আনি ডাঙৰ কৰি ৰভা দিম
আৰু গাঁৱৰ সকলো মানুহকেই মাতিম। মইতো পাটৰণী আৰু বৰদলৈয়নীহঁতক কৈ থৈছো ‘তাইৰ তোলনি বিয়াত
ডাঙৰ গাহৰি এটা মাৰি খানা দিম বুলি৷’
ৰংমন: এৰা! এইবোৰ নিয়ম মই বেয়া পাওঁ। নিয়ম-নীতি অনুসৰি কৰিব লাগে, কিন্তু মানুহ মাতি
ডাঙৰকৈ ৰভা সাজি সাধ্য নথকা সত্ত্বেও মানুহৰ বাহ্ বাহ্ ল’বলৈ খানা দিয়াটো বৰ বেয়া
পাওঁ। কেইবছৰ মান আগলৈকে এইবোৰ নিয়ম দেখিবলৈকে পোৱা নাছিলো। আয়তী কেইগৰাকী
মান মাতি নিয়ম-নীতি সমূহ কৰি আশীৰ্বাদ লৈছিল। ময়ো সেইটোৱে কৰাটো বিচাৰো।
ঘৈণীয়েক: সেইটো ক’লেই নহ’ব নহয়। এতিয়া সেই দিন নাই। বৰদলৈৰ জীয়েকৰ দেখা নাছিল কিমান ডাঙৰ
কৰি তোলনি বিয়াখন পাতিছিল।
ৰংমন: সিহঁত টকা-পইচা থকা মানুহ। সিহঁতৰ লগত আমাক তুলনা কৰিলে হ’বনে?
ঘৈণীয়েক: মই সেইবোৰ নাজানোঁ। আজি-কালি সকলোৱে তোলনি বিয়া ডাঙৰ কৰিয়ে পাতে। টকা-পইচা
থকা-নথকা বুলি কথা নাই। আজি কালি ছোৱালীৰ বৰ বিয়াৰ আশা কৰিব নোৱাৰি, কি ঠিক কাৰ
লগত কেতিয়া পলাই যায় !
ৰংমন: হো! তোলনি বিয়াখন ডাঙৰকৈ পাতিমেই যেনিবা; টকা আমাৰ আছে জানো?
ঘৈনীয়েক: কিয়? আজি দেখোন ধান বিক্ৰী কৰিব আপুনি।
ৰংমন: সেই টকাৰে হ’বগৈ নে?
ঘৈনীয়েক: মাটি দুবিঘা মান বন্ধকত দিব নোৱাৰি নে?
ৰংমন: এৰা! (ৰংমনে বেজাৰ মনেৰে ধানৰ বস্তাবোৰলৈ চাই ৰ’ল, তাৰ মুখৰ ৰং বোৰ যেন কোনোৱা কলিয়া ডাৱৰে
ঢাকি পেলালে।)মনতে ভাবিবলৈ ধৰিলে তাইক নো কি দোষীম, সমাজত তায়েই যে কেৱল তেনে চিন্তা কৰে তেনে নহয়। তোলনি বিয়া, জন্ম দিন উদ্যাপন, বিবাহ বার্ষিক উদ্যাপন আদিৰ নামত আজি-কালি মানুহ মাতি, ডাঙৰ কৰি ৰভা দি পাৰ্টি দিয়াটো একপ্ৰকাৰ নিয়মত পৰিণত হৈ পৰিছে। কেৱল মই অকলশৰে এই সমাজৰ
একো পৰিবৰ্তন কৰিব নোৱাৰো। এইয়া সময়ৰ আহ্বান বুলি মানি লোৱাৰ বাদে কোনো গত্যন্তৰ নাই।
