Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

প্ৰৱন্ধ

সুস্থ সমাজ গঠনত গ্ৰন্থৰ ভূমিকা

               স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঞিয়ে তেখেতৰ  “কিতাপ পঢ়াৰ আনন্দ” নামৰ  গ্ৰন্থখনৰ পাতনিত উল্লেখ কৰিছে- “অসমৰ মানুহেও যদি  আধুনিক  জগতৰ উন্নতিৰ প্ৰতিযোগিতাত সমানে ভাগ ল’ব খোজে তেন্তে তেওঁলোকে কিতাপক ভাল পাবলৈ শিকিব লাগিব আৰু নিয়মিতভাবে কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগিব   । এই কথা সকলোৱেই জানে যে অসমৰ মানুহে কিতাপ খুব কম পঢ়ে । তেওঁলোকৰ মনত কিতাপৰ প্ৰতি অনুৰাগ কেনেকৈ বঢ়োৱা যায় সি এটা ডাঙৰ সমস্যা  । “

               হোমেন বৰগোহাঞিৰ উদ্ধৃতিৰেই   আমি কব পাৰো, গ্ৰন্থ অধ্যয়নেহে ব্যক্তিৰ ব্যক্তিত্বৰ লগতে মানসিক আৰু আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াব পাৰে  । ব্যক্তিৰ সুস্থ শাৰীৰিক, মানসিক  আৰু আধ্যাত্মিক অৱদানেহে এখন সুস্থ আৰু সুন্দৰ সমাজ গঢ়িব পাৰে  । যিখন সমাজে নব প্ৰজন্মৰ মাজত  গঢ়ি তুলিব পাৰে এক সুস্থ সবল মানসিকতা   ।  আমাৰ বৌদ্ধিক, মানসিক, আধ্যাত্মিক আৰু মনোৰঞ্জনৰ বাবে গ্ৰন্থ অধ্যয়নৰ আৱশ্যকতা অতিকৈ প্ৰয়োজনীয় যদিও যি কোনো গ্ৰন্থই আমাৰ চাহিদা পূৰণত সমানে ভূমিকা গ্ৰহণ নকৰিবও পাৰে  । সেইবাবে প্ৰতিজন পঢ়ুৱৈয়ে গ্ৰন্থৰ গুণাগুণ আৰু বিষয়বস্তু গভীৰ ভাবে অনুধাবন কৰিহে অধ্যয়ন কৰাতো নিত্যান্ত প্ৰয়োজনীয়  । ভাল গ্ৰন্থই আমাৰ মানসিকতা যেনেকৈ ভাল দিশে লৈ যাব পাৰে, তেনেকৈ বেয়া গ্ৰন্থই আমাক বেয়াৰ বাট দেখুৱাব পাৰে   । ভাল গ্ৰন্থ বা ভাল সাহিত্য চিৰ শাশ্বত, চিৰ নতুন   । ভাল গ্ৰন্থৰ চাহিদা আৰু জনপ্ৰিয়তা অসীম   । কবি যতীন্দ্র নাথ দুৱৰাৰ ভাষাত-” সাহিত্য এপাহি ফুলৰ দৰে, ই সুন্দৰ সুগন্ধি হ’লে আপোনা আপুনি তাৰ কাষলৈ টানি আনিব   । “

               এনে সুগন্ধি ফুলৰ সুবাস লবলৈ আমাৰ সমাজৰ একাংশৰ সময়ৰ অভাব  । আত্মস্বাৰ্থৰ দৌৰত ব্যস্ত এইসকলৰ পৰা  ভাল সমাজ এখন কেনেকৈ আশা কৰিব পাৰোঁ   ?  আনহাতে নব প্ৰজন্মৰ এটা চামে গ্ৰন্থৰ সলনি হাতৰ মোবাইলতে অযথা সময়বোৰ পাৰ কৰা দেখা যায়   । সম্প্ৰতি গ্ৰন্থ অধ্যয়নৰ বিমুখিতাৰ বাবেই সমাজৰ এটা চামৰ হৃদয়ৰ পৰা মানবতাবোধ কাহানিবাই হেৰাই গৈছে  । ফলত অপহৰণ, হিংসা, হত্যা, ধৰ্ষণ আদি অপসংস্কৃতিৰ কিছুমান ঘটনা আৰু শব্দই  সাম্প্রতিক সমাজ জীবন ছানি ধৰিছে   । যিবোৰ এখন সুস্থ সমাজৰ সম্পূর্ণ পৰিপন্থী   ।

               সম্প্ৰতি বিশ্বায়নৰ ধামখুমীয়াত ক্ষুদ্র ক্ষুদ্র জনগোষ্ঠী সমূহৰ অস্তিত্বলৈ যিদৰে ভাবুকি আহিছে, তেওঁলোকৰ কৃষ্টি-সংস্কৃতি যিদৰে হেৰাই যোৱাৰ উপক্রম হৈছে, তেনে পৰিপ্ৰেক্ষিতত প্ৰতিটো জনগোষ্ঠীয়েই নিজৰ অস্তিত্ব প্ৰতিপন্ন  কৰাৰ স্বাৰ্থত মাৰবান্ধি থিয় দিব লগা অৱস্থাৰ সৃষ্টি হৈছে  । নহ’লে সময়ৰ বুকুত সেই ক্ষুদ্র ক্ষুদ্র জনগোষ্ঠী সমূহ নিচিহ্ন হৈ যোৱাৰ পৰিবেশ সমাগত  । সেইদৰে আমাৰ অসমৰ নৱ প্ৰজন্মই নিজ জাতি আৰু ভাষাৰ স্বাৰ্থত ঐক্যবদ্ধ নহ’লে আমাৰ চহকী ভাষা-সংস্কৃতিলৈকো ভাবুকি অহাতো  স্বাভাবিক  । সেয়ে প্ৰতিগৰাকীয়েই গ্ৰন্থ অধ্যয়ন আৰু সাহিত্য চৰ্চাৰ জৰিয়তে ভাষা-সাহিত্যৰ সেৱাত মনোনিবেশ কৰাৰ এয়াই উপযুক্ত সময়   ।

               এটা কথা লক্ষ্য কৰা যায় যে, ক’ভিড পৰিস্থিতিৰ পাছত গ্ৰন্থ অধ্যয়নৰ পৰিবেশ কিছু কিছু পৰিমাণে কমি গৈছে  ।  আনকি মানুহে বাতৰি কাকত এখনো পঢ়িবলৈ টান পোৱা যেন অনুভব হয়   । এই পৰিৱৰ্তন কিন্তু ভালৰ বাবে কেতিয়াও নহয়  । আমি নিজেই এই পৰিৱৰ্তনৰ অৱসান ঘটাই  পূর্বৰ পৰিবেশলৈ উভতি যাবৰ হ’ল   । তেহে আমি এখন সুস্থ সমাজ সৃষ্টি কৰিবলৈ সক্ষম হম 

 

ভবেন কোচ

অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক
অসমীয়া বিভাগ