Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

গল্প

সহকৰ্মীৰ আড্ডাত
(গল্পৰ কাহিনী আৰু চৰিত্ৰ সম্পূৰ্ণ কাল্পনিক)

আজৰি পৰত কেতিয়াবা আমাৰ সহকৰ্মীসকলৰ মাজত বেচ আড্ডা জমি উঠে। আড্ডাৰ বিষয় মেধি বাইদেউৰ ভজামাছ টুকুৰাৰ পৰা ইংৰাজী বিভাগৰ মিচ নাইটিংগেলৰ খৰতকীয়া খোজটোলৈ, বুৰঞ্জী বিভাগৰ অধ্যাপকজনৰ কৃত্ৰিম হাঁহিটোৰ পৰা ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপকজনৰ ৰসিকতালৈ গতি কৰে। এদিন আড্ডাৰ আঁত ধৰি ময়েই আৰম্ভ কৰিলোঁ সেইদিনা লাভ কৰা এটি ঘটনাৰ সৰস বৰ্ণনা।
          মোৰ গৃহভূমিৰ পৰা কৰ্মভূমিলৈ দূৰত্ব প্ৰায় ত্ৰিশ কিলোমিটাৰ। যাত্ৰী উঠাই নমাই যাওঁতে এই দূৰত্ব অতিক্ৰম কৰিবলৈ গাড়ীত সময় লাগে প্ৰায় এঘন্টা। গতিকে নিতৌ পুৱা আঠ বজাৰ পৰা ন বজাৰ ভিতৰত মই কৰ্মস্থানলৈ যাত্ৰা কৰোঁ । সেইদিনাও মই প্ৰায় আঠ বজাতেই ঘৰৰ পৰা ওলাই আহিছিলোঁ যদিও আগদিনা কোনোবা এটা সংগঠনে অসম বন্ধ দিয়াত গাড়ী কিছু কম। ছুপাৰ চিণ্ডিকেটত গাড়ীৰ বাবে অপেক্ষা কৰি কৰি ভাগৰি পৰিছিলোঁ। ঘৰলৈকে উভতি যোৱাৰ কথা ভাবিছিলোঁ যদিও সেই সময়তে আহি ওলাল যাত্ৰীৰেপূৰ্ণ এখন বাছ।
          মই চিটৰ আশা বাদ দি কোনোমতে কৰ্মস্থান পোৱাৰ বাবে ঠেলি হেচুকি গাড়ীত উঠি একেবাৰে পাছফালে থিয় দি ৰ’লোগৈ। অৱশ্যে মই গাড়ীৰ সন্মুখ ভাগত ৰৈ আন যাত্ৰীৰ সৈতে খুন্দাখুন্দি খাই যাবলৈ ভাল নাপাওঁ। কিছু সময়ৰ পাছতে গাড়ী চলিল। ময়ো একেবাৰে বেলকনিত বহা যাত্ৰীকেইজনক কৈ মেলি কোনোমতে তপিনাটো পেলাবলৈ ঠাই অকণ উলিয়াই ললো ।
আমাৰ সন্মুখৰ দুজনীয়া ছিটটোত বহিছে জীনচৰ পেন্ট -ছাৰ্ট পৰিহিত এজন প্ৰায় চল্লিশ বছৰীয়া ব্যক্তি । কাষতে প্ৰায় ত্ৰিশ বছৰীয়া এগৰাকী মহিলা । তেওঁলোকৰ কথা বতৰা দেখি আমি দুয়োকে স্বামী -স্ত্ৰী বুলিয়েই ভাবি ললো। কিন্তু কেইটামান ষ্ট’পেজ যোৱাৰ পাছত মহিলাগৰাকী নামি গ’ল। লগে লগে ব্যক্তিজনে পুৰুষ যাত্ৰীক আওকান কৰি আন এগৰাকী মহিলা যাত্ৰীক ‘ছিট আছে বহি লওক’ বুলি কায়দা কৰি ছিটটো ৰাখি দিলে । গাড়ীত থিয় হৈ যোৱা প্ৰতিজন যাত্ৰীয়েই ছিট পোৱাৰ আশাত হাবাথুৰি খাই থাকে । তেনেস্থলত এনেকৈ উপযাচি ছিট পালেতো কথাই নাই । মহিলাগৰাকীয়ে ছিটটো পাই বহি পৰিল যদিও কিছুদূৰ গৈ নামি দিলে । পুনৰ ব্যক্তিজনৰ কাষৰ ছিট খালী । অলপ সময়ো নষ্ট নকৰি তেওঁ এইবাৰ আন এগৰাকীক ছিটৰ অফাৰ দিলে । সেইগৰাকীয়েও অফাৰ গ্ৰহণ কৰি বহি পৰিল ।  কিন্তু এইবাৰো পুৰুষজনৰ কাৰণে মহিলাগৰাকীৰ সংগ দীঘলীয়া নহ’ল । ইফালে আমি বেলকনিৰ পৰা সকলো কাৰ্যকলাপ উপভোগ কৰি গৈ আছোঁ । মোৰ কাষতে এগৰাকী আদহীয়া জনজাতীয় মহিলা । তায়ো নিমাতে সকলোবোৰ চাই গৈ আছে । গাড়ী গৈ এঠাইত ৰ’ল।
        গাড়ীৰ পৰা কিছু যাত্ৰী নামিল । কিন্তু নমাতকৈ উঠা যাত্ৰীৰ সংখ্যা বেছি হ’ল ।  আমিও পুৰুষজনৰ সহযাত্ৰী এইবাৰ কোন হয় আগ্ৰহেৰে অপেক্ষা কৰিব ধৰিলোঁ । নতুনকৈ উঠা যাত্ৰীখিনিৰ মাজত এগৰাকী কিছু শকত,  সুন্দৰ গঢ়ৰ যুৱতীও আছিল ।  পুৰুষ যাত্ৰীজনে এইবাৰ ছিটটোত নিজৰ বেগটো ৰাখি থিয় হৈ যুৱতীগৰাকীলৈ চাই পঠিয়ালে । ছিটৰ আশাত যুৱতীগৰাকীয়ে পাছলৈ চাওঁতে পুৰুষজনৰ চকুত চকু পৰিল । লগে লগে বিনা মেঘে বজ্ৰপাত -” চালা অসভ্য, অসভ্যালি কৰিবলৈ আৰু ঠাই নেপালি।এতিয়াই তোক চৰিয়াই বাহিৰ কৰি দিম ।” 
পুৰুষজনে মাত দিলে-” আপোনাৰ লগত কোনে অসভ্যালি কৰিছে ? মই আপোনাক ছিটটোৰ কাৰণেহে মাতিছিলোঁ।”
 যুৱতীগৰাকী দুগুণে জ্বলি উঠিল-” তোৰ চকুৰ ইংগিত মই বুজি পোৱা নাই বুলি ভাবিছ , অসভ্য।” পুৰুষজনে নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ যিমানেই চেষ্টা কৰিলে,তিমানেই যুৱতীগৰাকী অগ্নিশৰ্মা হৈ পৰিব ধৰিলে । তাৰ বিপৰীতে গাড়ীখনৰ অনান্য যাত্ৰীবোৰ মৌন । কোনেও সিহঁতৰ কাজিয়াৰ মাজত সোমাব নিবিচাৰিলে।  পুনৰ এঠাইত গাড়ীখন ৰ’ল। মোৰ কাষতে বহি যোৱা বয়সীয়াল মহিলাগৰাকীয়ে খৰখেদাকৈ ‌নামি যোৱাৰ আগতে ইমান সময়ে নিজকে ছলমান খান বুলি ভাবি থকা আৰু এতিয়া ভিজা মেকুৰী হৈ পৰা পুৰুষজনৰ কাষত ৰৈ সকলোৱে শুনাকৈ কৈ গ’ল -” মাইকীক মৰম কৰা মজাটো পালি।”
          মোৰ কাহিনী শেষ হোৱাৰ লগে লগে অৰ্থনীতি বিভাগত নতুনকৈ জইন কৰা সুন্দৰী যুৱতী মুনমীয়ে মাত দিলে-” ছাৰ, মোৰ জীৱনতো তেনে এটা ঘটনা ঘটিছিল ।” আমি এক নতুন ৰস পোৱাৰ আনন্দত মুনমীলৈ চালোঁ। 
” হয় ছাৰ, আমি নিজেই সেই কাহিনীৰ নায়িকা আছিলোঁ ।”
মুনমীৰ পৰা এটা সুন্দৰ সত্য কাহিনী শুনিবলৈ আমি আগ্ৰহেৰে বহি ৰ’লো । মুনমীয়ে কৈ গ’ল —
 তেতিয়া আমি ডিফু কলেজৰ ডিগ্ৰীৰ ছাত্ৰী আছিলোঁ । এদিন আমি ক্লাছৰ পৰা হোষ্টেললৈ উভতিছোঁ । লগত মোৰ দুই বান্ধৱী ৰশ্মি আৰু দীপা। কলেজৰ পৰা আমাৰ হোষ্টেলটো ভালকৈয়ে দেখা পাই যদিও মাজত মুকলি খেলপথাৰখন থকা বাবে খোজ কাঢ়ি যাওঁতে অলপ সময় লাগে। মোৰ এটা অভ্যাস আছে, অন্তৰংগভাৱে বান্ধৱীৰ সতে খোজ কাঢ়ি কথা পাতি গ’লে এখন হাতেৰে বান্ধৱীৰ ককালত সাৱতি লওঁ। আনহাতে এইকেইদিন কলেজৰ ওচৰে পাজৰে এটা পাগল মানুহ ঘুৰি ফুৰাৰ বাবে আমি বৰ ভয়ে ভয়ে ওলাই সোমাই ফুৰিছিলোঁ। আমি সেই পাগলটোৰ কথাকে পাতি পাতি হোষ্টৈললৈ উভতিছিলোঁ । এবাৰত দীপাই মোৰ ফালে চাই মুনমী বুলি চিঞৰ মাৰি দৌৰিবলৈ আৰম্ভ কৰি দিলে । দীপাৰ লগে লগে ৰশ্মিয়েও দৌৰিবলৈ ধৰাত মই আচৰিত হৈ পৰিলোঁ -‘আৰে, মইতো দীপাৰ ককালতে ধৰি আহি আছিলোঁ। দীপাজনী যদি সেই দৌৰ মাৰি থকাজনীয়েই হয়, তেন্তে মই কাৰণো ককালত ধৰি আহিছোঁ।’  মই লগে লগে ককালত সাৱতি অহা দীপাজনীলৈ চালোঁ -‘আৰে এয়াতো দীপা নহয়, সেই পাগলটোহে —‘
  ইফালে পাগলটোৱে মোলৈ  চাই মিচিক মাচাককৈ হাঁহি আছে। এটা চিৎকাৰ মাৰি মই পাগলটোক এৰি দৌৰিবলৈ ধৰিলোঁ । আমাৰ পাছে পাছে সেই পাগলটোৱেও দৌৰিবলৈ আৰম্ভ কৰি দিলে । অৱশেষত হোষ্টেলত সোমাইহে আমি ৰক্ষা পৰিলোঁ।
          হোষ্টেলত এঘন্টামান কটাই ঘৰত সকাম এটা থকাৰ বাবে চিণ্ডিকেট পালোহি । ঘৰলৈ অহা শেষ বাছখন পাই উঠি দিলোঁ। গাড়ীত উঠিয়েই মই ওচৰতে পোৱা ছিট এটাত বহি পৰিলোঁ । কিন্তু হঠাতে মোৰ কাষতে বহা বুঢ়ীজনীয়ে এহাতেৰে মোৰ ডিঙিত ধৰি কাণৰ কাষলৈ মুখখন নি ক’বলৈ ধৰিলে -‘তুমি বহিছা যেতিয়া ভালেই হ’ল দিয়া—–‘
হঠাতে মোৰ ভাৱ হ’ল, বুঢ়ীজনীয়ে মোৰ ডিঙিত ধৰি মোৰ তেজ পী খাব ধৰিছে । লগে লগে মই চিঞৰি উঠিলো,-‘পাগলী, পাগলী ‘ ।  বাছখনৰ ভিতৰত হুলস্থুল লাগি পৰিল। ড্ৰাইভাৰে গাড়ী ৰাখি দিলে। তেতিয়াও মই উত্ৰাৱল হৈ চিঞৰি আছোঁ – পাগলী, পাগলী। যাত্ৰীবোৰে বুঢ়ীগৰাকীৰ ওচৰলৈ আহি ভালদৰে লক্ষ্য কৰি মাত দিলে’- ‘ নাই ,বুঢ়ীজনী পাগলী নহয়।’
    গাড়ী পুণৰ চলিব ধৰিলে । বুঢ়ীজনীয়ে এইবাৰ মোলৈ চাই মাত দিলে-‘ মই পাগলী নহওঁ ভন্টী, আচলতে গাড়ীত মোৰ ওচৰত যদি লেতেৰা মানুহ বহে, মোৰ বমি আহি যায়। সেয়ে তোমাৰ দৰে ধুনীয়া ছোৱালী বহা কাৰণে মোৰ ভাল লাগি তেনেকৈ কৈছিলো।’
মুনমীৰ কথাত আমি আটাইকেইজনে গিৰ্জনি মাৰি হাঁহি দিলো । 

 

#############

ভবেন কোচ

অৱসৰপ্ৰাপ্ত বিভাগীয় মুৰব্বী
অসমীয়া বিভাগ, থংনকবে মহাবিদ্যালয়