Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

সময় মূল্যবান

ঈশ্বৰে মোক ধৰালৈ আনিলে
হয়তো কিবা কাৰণ আছে ..!
আছে মোৰ পূৰ্ব জন্মৰ মহা ঋণ
সময়ত পাৰিম নে কৰিব পৰিশোধ ?
অচিন দেশৰ ধুমকেতু নহবা নিমিষতে মাৰ যোৱা
বাগৰিব সময় তেতিয়া পাবা গম..
সৃষ্টি কৰিছে কৰ্তাই
জীৱন নিদিবা যাবলৈ অথলে
ভবা নাছিলা অগ্নিৰ সৃষ্টি হব ?
বাগৰিল সময় সৃষ্টি হ’ল আদিম মানৱৰ শিলৰ খুন্দাত অগ্নি
তাহানিৰ যুগত এয়ে আছিল সময় ।
যিদিনা প্রিয় বস্তু নিমিষতে হেৰুৱাবা
তেতিয়া আবেগিক নহ’বা..
সময়ে কাৰোৰে পৰা মূল্য নিবিচাৰে
মাথোঁ বিচাৰে নিজৰ গতি ।
নদীৰ সোঁত আৰু সময় একেই
সেইবাবে যাবলৈ নিদিবা অথলে ।
নোৱাৰিবা উভতিব বিদ্বান পৰ্বতৰ শিখৰৰ পৰা
তেতিয়া বুজিবা সময় কি ?
সোন ,ৰূপ ,মুকুতা ,হীৰা বিচাৰিলেই পাবা
কিন্তু নাপাবা সময়ক অ’ত ত’ত ।
এদিন মাৰ যাব সকলো
সময় থাকোতেই নিজৰ কর্ম কৰা কাৰণ
সময় গতিশীল
সময় মূল্যবান ।

নিবাৰাম বসুমতাৰী

প্ৰাক্তন ছাত্ৰ