Ankuran
সৃষ্টিৰ সময়ৰধূলিকণা লুকা-ভাকুৰ খেল,যত হেৰাই গল আপোনজনৰ মাজতসেই ধুনীয়া মেল।আজিও আছে সেই একেই ধৰণী,সেই একেই প্রকৃতিখন,সলনি হৈছেকেৱল আমাৰ মন।ঘূৰি যায় মন আজিসেই অতীতলৈ,শান্তিৰ বতাহ বিচাৰিএখন্তেক জিৰাবলৈ।বিয়াকুল আজি মনহব খোজে মুকলি,অতীত আৰু ভৱিষ্যতৰ মাজতগৈ আছে উকলি।