১) “কোনোবাই আপোনাক যদি অপমান কৰে, কিবা কথা বেয়াকৈ কয়, তেতিয়া ওলোটাই উত্তৰ নিদিব। কাৰণ আপুনি উত্তৰ দিলে তাত ভাল -বেয়া শব্দ থাকিব, কিন্তু যদি আপুনি সহি সামৰি নিজৰ ওপৰত ন্যায় এৰি দি মনে মনে আঁতৰি আহে, তেতিয়া ভুল কৰা জনক মই উত্তৰ দিম। আৰু দিয়া উত্তৰত কোনো শব্দ নাথাকিব, কিন্তু সেয়া এনেকুৱা উত্তৰ হ’ব যে, কোনেও কেতিয়াও পাহৰিব নোৱাৰিব” ।
২) “ভগৱানৰ প্ৰতিটো সিদ্ধান্তত আপুনি সূখী হওঁক। কাৰণ ভগৱানে আপোনাৰ ভাল লগা খিনি বা আপুনি বিচৰা খিনি কেতিয়াও নিদিয়ে। বৰঞ্চ ঈশ্বৰে আপোনাক সেই খিনিয়ে দিয়ে যিখিনি আপোনাৰ বাবে ভাল”৷
৩) “যদি কোনোবাই আপোনাক বুজি নাপায়, তেন্তে মৌন হৈ থকাটোৱেই ভাল ৷কাৰণ বিতৰ্কই কথাবোৰ বা পৰিস্থিতিবোৰ বেছিকৈহে নষ্ট কৰে। যিয়ে আপোনাৰ গুৰুত্ব বুজি নাপাই, তেওঁ কেনেকৈ বুজিব আপোনাৰ মনৰ কথা আৰু আপোনাৰ অনুভৱবোৰক”।
৪) “যেতিয়া আপোনাৰ ঘনিষ্ঠ কোনোবাই অনাহকত খং কৰে তেতিয়া তেওঁক কথাবোৰ ভালদৰে বুজাই দিব। কিন্তু যদি তেওঁ বাৰে বাৰে অনাহকতে আপোনাৰ ওপৰত খং দেখুৱাই, মিছা অভিমান কৰি থাকে, তেতিয়া আৰু আপুনি নিজকে বুজাই লওঁক যে এইটো সম্পৰ্কৰ বয়স ওকলিল। আপুনি সম্পৰ্কটোৰ বাবে হাজাৰ কষ্ট কৰিলেও কেতিয়াও আপোনাৰ সংগী গৰাকীক সুখী কৰিব নোৱাৰিব”।
৫) “জীৱনত আন কিবা শিকক বা নিশিকক। কিন্তু মানুহ চিনি পাবলৈ নিশ্চয়কৈ শিকিব। কাৰণ মানুহ দেখিবলৈ যেনেকুৱা ভিতৰৰ পৰা কিন্তু একেই কেতিয়াও নহয়। কিছুলোক বাহিৰৰ পৰা মন মোহিব পৰা সৌন্দৰ্যৰ গৰাকী হ’লেও ভিতৰৰ পৰা একেবাৰে কুৎসিত”।
৬) “মন একেবাৰে অন্ধ। মনৰ নিজস্ব কোনো জ্ঞান নাই। মনটোৱে একো নাজানে, সঠিকভাৱে পথ প্ৰদৰ্শনো নকৰে। সেইবাবেই আপুনি নিজৰ অন্ধ মনৰ কথা অনুসৰণ কৰি আপোনাৰ কৰিবলগীয়া গুৰুত্বপূৰ্ণ কামবোৰ পিছুৱাই দিয়াটো বন্ধ কৰিব লাগে”।
৭) “সদায় নিজৰ মগজুৰে ভালদৰে চিন্তা কৰি কাম কৰক, মনৰ কথাত ৰৈ নাথাকিব। কাৰণ অন্ধ মনটোৱে আপোনাক সদায় গুৰুত্বপূৰ্ণ কাম কৰাত বাধা দিয়ে। এটা সৰু শিশুক যেতিয়া শিশুটোৰ মাকে পুৰণি লেতেৰা কাপোৰ খুলি নতুন কাপোৰ পিন্ধিবলৈ কয়, তেতিয়া শিশুটো কান্দি উঠে, কিন্তু মাতৃয়ে নিজৰ সন্তানৰ বাবে কি উপযুক্ত সেইটো জানে আৰু সেইবাবে শিশুটোৰ কান্দোনকো আওকান কৰি কাপোৰ জোৰ সলনি কৰে। ঠিক একেদৰে ভগবানো আমাৰ ইচ্ছাৰ বিপৰীতে গৈ হ’লেও আমাক সফলতা বা বিফলতাৰ মুখ দেখুৱাই। কাৰণ তেওঁ জানে যে তেওঁৰ সন্তানৰ বাবে কি উচিত”।
৮/ “এটা ফল পকিছে নে, সেইটো তিনিটা পৰিচয়ৰ জানিব পৰা যায়। প্ৰথমতে ই যেতিয়া কোমল হয়, দিতীয়তে ই যেতিয়া মিঠা হয় আৰু তৃতীয়তে ইয়াৰ ৰং যেতিয়া সলনি হয়। একেদৰে এজন ব্যক্তিৰো তিনিটা পৰিচয় থাকে। প্ৰথমতে তেওঁৰ মাজত যেতিয়া নম্ৰতা আহে , দ্বিতীয়তে তেওঁৰ যেতিয়া কথা বাৰ্তাত মধুৰতা আহে , তৃতীয়তে তেওঁৰ মুখত যেতিয়া আত্মবিশ্বাসৰ ৰং জিলিকি থাকে”।
৯/ “যদি আপুনি আপোনাৰ মংগল বিচাৰে তেন্তে এই তিনিটা কথা সদায় মানি চলক।
* কাকো বেয়া বুলি নাভাবিব,
* কাৰো বাবে বেয়া কামনা নকৰিব,
* আৰু কাৰোবাৰ ক্ষতি হোৱা কাম নকৰিব”।
১০/ “মূলতঃ সকলো বস্তুৱেই ঈশ্বৰৰ এটা অংশ। সেইবাবে সকলোক শ্ৰদ্ধা, সন্মান কৰিব লাগে। আপোনাৰ লক্ষ্য সদায় উৎকৰ্ষৰ দিশে হ’ব লাগে”।

বৰ্খা সোণাৰ