Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

সতীৰ্থ প্ৰেৰণা বিচাৰিছো

সফলতাৰ জীৱনত সমুদ্ৰৰ ঢৌ
যেন দিঠক শক্তি মোৰ,
পলে পলে অনুভৱৰ বাট
অতীত বাস্তৱত পৰিণত হ’ল৷

কবিও নহয় লেখকো নহয়
তাম্ৰেশ্বৰৰ দৰে তামৰ ফলি,
তথাপি হওঁক অথবা নহওঁক
এই লেখনীৰ আচবাব মোৰ ৷

কচুপাতৰ পানীৰ দৰে
মোৰ সহজ সৰল জীৱন,
কোন দিশত উটি যাব
কপালত হাত থৈ৷

হিমবাহৰ দৰে লেহেম লক্ষ্যটি
আবেগৰ অপেক্ষা মাথোঁ,
ওলট-পালট দেশ কথাৰে নহয় শেষ
পৰিয়ালৰ মাজত সমস্যাৰ নহয় শেষ ৷

অৱহেলা নকৰোঁ তথাপিও মই
আকৌ এবাৰ লক্ষ্যৰ দিশে,
নিজ ভৰষা ৰাখি আকোঁৱালি ল’ম
ঈশ্বৰৰ দিয়া দান৷

সঞ্জু ইংতি

প্ৰাক্তন ছাত্ৰ