Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

প্ৰৱন্ধ

সংস্কৃত, পালি-প্ৰাকৃত আৰু অসমীয়া ভাষাৰ স্বৰবৰ্ণৰ এটি তুলনামূলক আলোচনা।

               ভাৰত-ইউৰোপীয় ভাষা-পৰিয়ালৰ অন্যতম প্ৰধান শাখা ইন্দো-ইৰানীয় বা আৰ্য ভাষা ৷ আৰ্য ভাষাৰ জীৱনকালক মুঠতে তিনিটা স্তৰত বিভক্ত কৰা হৈছে ৷ প্ৰাচীন ভাৰতীয় আৰ্য ভাষা, মধ্য ভাৰতীয় আৰ্য ভাষা আৰু নব্য বা আধুনিক ভাৰতীয় আৰ্য ভাষা ৷ বেদৰ ভাষা বৈদিক আৰু সংস্কৃত ভাষাৰ প্ৰতিনিধিত্বৰে খ্ৰী:পূ: ১৫০০শতিকাতে প্ৰাচীন ভাৰতীয় আৰ্য ভাষাই বিকাশৰ দিশে অগ্ৰসৰ হয়। খ্ৰী:পূ: ষষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ দশম শতিকা পৰ্যন্ত মধ্যভাৰতীয় আৰ্য ভাষাৰ প্ৰতিনিধিত্ব কৰে পালি-প্ৰাকৃত-অপভ্ৰংশ ভাষাই। খ্ৰীষ্টাব্দ দশম শতিকামানত আধুনিক ভাৰতীয় আৰ্য ভাষাৰ পৰা আধুনিক ভাৰতীয় ভাষা সমূহে মূৰ দাঙি উঠিবলৈ আৰম্ভ কৰে। আধুনিক ভাৰতীয় ভাষা সমূহৰ ভিতৰত অসমীয়া ভাষা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক অন্যতম প্ৰাচীন ভাষা। সংস্কৃতৰ পৰা আৰ্য ভাষাৰ বিকাশৰ দ্বিতীয় স্তৰ মধ্য ভাৰতীয় আৰ্য অৰ্থাৎ পালি-প্ৰাকৃত-অপভ্ৰংশৰ মাজেৰে অসমীয়া ভাষাই বৰ্তমানৰ ৰূপ পাওঁতে পৰিবৰ্তনৰ ধাৰা অতিক্ৰম কৰিব লগা হৈছে। ভাষাৰ পৰিবৰ্তনৰ ধাৰাইদি আহোঁতে গ্ৰহণ বৰ্জনৰ যি নিয়ম সেই নিয়মৰ অবজ্ঞা অসমীয়া ভাষায়ো কৰা নাই। ফলত সংস্কৃত মূলীয় হ’লেও বা পালি-প্ৰাকৃত-অপভ্ৰংশ তথা প্ৰাকৃত স্তৰৰ মাজেৰে অতিক্ৰম কৰোঁতে ব্যাকৰণৰ বিভিন্ন দিশত ‌অসমীয়া ভাষাৰ স্বতন্ত্ৰতা দেখিবলৈ পোৱা যায়। তলত অসমীয়া স্বৰবৰ্ণমালাৰ লগত সংস্কৃত আৰু প্ৰাকৃত স্বৰবৰ্ণৰ এটি তুলনামূলক আলোচনা দাঙি ধৰা হ’ল৷

১) সংস্কৃত স্বৰধ্বনি :
সংস্কৃতৰ মুঠ স্বৰধ্বনি ১৪টা। সেই কেইটা হ’ল —-
অ, আ, ই, ঈ, উ, ঊ, ঋ, ৠ , ৯, ৡ, এ, ঐ, ও, ঔ।
গুণ অনুসৰি সংস্কৃতৰ উল্লিখিত স্বৰধ্বনি সমূহক তিনিটা ভাগত ভগাব পাৰি। যেনে–
ক) সৰল বা বিশুদ্ধ স্বৰ: , অ, আ, ই, ঈ, উ, ঊ।
খ) যৌগিক স্বৰ: এ, ঐ, ও, ঔ।
গ) অৰ্ধ ব্যঞ্জন: ঋ, ৠ, ৯, ৡ ।
সৰল বা বিশুদ্ধ স্বৰ কেইটাক মাত্ৰা অনুসৰি হ্ৰস্ব আৰু দীৰ্ঘ এই দুটা ভাগত ভগাব পাৰি। যেনে—
হ্ৰস্ব: অ, ই, উ
দীৰ্ঘ: আ, ঈ, ঊ
সংস্কৃতত যৌগিক স্বৰ কেইটাকো হ্ৰস্ব-দীৰ্ঘ দুটা ভাগত ভগোৱা হৈছে।
দীৰ্ঘ:এ, ও
হ্ৰস্ব: ঐ, ঔ
অৰ্ধ ব্যঞ্জন ঋ, ৠ, ৯, ৡ এইকেইটাৰ ভিতৰত ঋ আৰু ৯ হ্ৰস্ব, আনহাতে ৠ আৰু ৡ দীৰ্ঘ। সংস্কৃতত এই বৰ্ণ কেইটা স্বৰবৰ্ণৰ অন্তৰ্ভুক্ত যদিও প্ৰধানকৈ ইহঁত ব্যঞ্জন আশ্ৰিত। ৰ্ আৰু ল্ এই দুই ব্যঞ্জন বৰ্ণৰ আশ্ৰয়ত কেতিয়াবা কেতিয়াবা স্বৰবৰ্ণৰ দৰে অক্ষৰ সৃষ্টি কৰিব পাৰে। ব্যঞ্জন বৰ্ণৰ আশ্ৰয়ত স্বৰবৰ্ণৰ দৰে অক্ষৰ সৃষ্টি হোৱা বাবে ইহঁতক অৰ্ধ ব্যঞ্জন বুলি কোৱা হয়।
 জিভাৰ অংশ আৰু অৱস্থান আৰু ওঁঠৰ অৱস্থান অনুযায়ী সংস্কৃত স্বৰ কেইটাক তলত দেখুওৱা ধৰণে তালিকাভুক্ত কৰিব পাৰি।

সংস্কৃত স্বৰধ্বনিৰ তালিকাত ঋ, ৠ, ৯, ৡ অন্তৰ্ভুক্ত হৈ আছে যদিও ৠ আৰু ৡ ৰ ব্যৱহাৰ সংস্কৃততো নাছিলেই। ৯ ধ্বনিৰ ব্যৱহাৰো বৰ বিৰল। কেৱল ‘ক৯প্ত’ ধাতুৰ বাদে অন্য কোনো ধাতু বা শব্দৰ ক্ষেত্ৰত সংস্কৃততো ৯ ধ্বনিৰ ব্যৱহাৰ পোৱা নাযায় । সংস্কৃতত মাত্ৰ ঋ ধ্বনিৰ ব্যৱহাৰহে পোৱা যায়।
২) পালি-প্ৰাকৃত স্বৰধ্বনি:
ভাৰতীয় আৰ্য ভাষাৰ বিকাশৰ দ্বিতীয় স্তৰ আৰম্ভ হয় খ্ৰীঃপূঃ ১৫০০ শতিকাৰ পৰা। খ্ৰী:পূ: ষষ্ঠ শতাব্দীৰ পৰা খ্ৰীষ্টাব্দ দশম শতিকা পৰ্যন্ত মধ্যভাৰতীয় আৰ্য ভাষাৰ প্ৰতিনিধিত্ব কৰে পালি-প্ৰাকৃত-অপভ্ৰংশ ভাষাই। সংস্কৃতৰ পৰাই পালি-প্ৰাকৃতৰ স্বৰধ্বনি ব্যৱহাৰ কৰা হৈছে যদিও ব্যৱহাৰৰ ফালৰ পৰা দুয়োটা স্তৰৰ ধ্বনিৰ মাজত যথেষ্ট পাৰ্থক্য আছে। পালি-প্ৰাকৃতৰ স্বৰধ্বনি সংস্কৃত আধাৰিত হ’লেও সংস্কৃতৰ ১৪টা স্বৰধ্বনিৰ ঠাইত পালি-প্ৰাকৃতত মাত্ৰ ৮টাহে ৰক্ষিত হৈছে। পালি-প্ৰাকৃতত ব্যৱহাৰ হোৱা সংস্কৃতৰ স্বৰধ্বনি কেইটা হ’ল- অ, আ, ই, ঈ, উ, ঊ, এ আৰু ও। 
সংস্কৃতত ব্যৱহাৰ হোৱা ঋ ধ্বনি পালিত অ, ই, উ আৰু এ ধ্বনিলৈ পৰিৱৰ্তন হ’ল। কেতিয়াবা পালিত ঋ ধ্বনি ৰ-কাৰ যুক্ত স্বৰধ্বনি যেনে- ৰ, ৰি, ৰু-লৈ পৰিৱৰ্তন হোৱাও পৰিলক্ষিত হয়। সংস্কৃতৰ ঐ আৰু ঔ যৌগিক স্বৰসমূহ পালিত ক্ৰমে এ আৰু ও-লৈ পৰিৱৰ্তন হ’ল। প্ৰাকৃতত কিন্তু ৰ-কাৰ যুক্ত স্বৰধ্বনিলৈ ঋ-ৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা নাযায়। ঐ আৰু ঔ যৌগিক স্বৰৰ ব্যৱহাৰো প্ৰাকৃতত সম্পূৰ্ণৰূপে লোপ পালে । ৠ, ৯, ৡ পালি-প্ৰাকৃতত একেবাৰে লোপ পালে। ঋ, ৠ, ৯, ৡ, ঐ আৰু ঔ এইকেইটা ধ্বনিৰ বাদে বাকী স্বৰধ্বনিসমূহৰ ব্যৱহাৰ পলি-প্ৰাকৃতত সংস্কৃতৰ দৰে একেই আছে। তলত পালি-প্ৰাকৃতত পৰিৱৰ্তন হোৱা সংস্কৃত স্বৰধ্বনিসমূহ উদাহৰণসহ আলোচনা কৰা হ’ল—
ক) সংস্কৃত ‘ঋ’ ধ্বনি পালিত অ, ই, উ, এ আৰু কেতিয়াবা ৰ, ৰি, ৰু লৈ পৰিৱৰ্তন হ’ল। যেনে-
ঋ>অ—মৃগ>মগ
ঋ>ই—ঋষি>ইসি
ঋ>উ—মৃণাল>মুণাল
ঋ>এ—গৃহ>গেহ
ঋ>ৰ—বৃক্ষ>ব্ৰচ্ছ
ঋ>ৰি—ঋক্ষ>ৰিচ্ছ
ঋ>ৰু—বৃক্ষ>ৰুকখ
প্ৰাকৃতত অৱশ্যে পালিৰ দৰে ‘ঋ’ ধ্বনি ৰ, ৰি, ৰু লৈ পৰিৱৰ্তন হোৱা  প্ৰায় দেখিবলৈ পোৱা নাযায়।
খ) সংস্কৃত ‘ঐ’ আৰু ‘ঔ’ যৌগিক স্বৰকেইটাৰ প্ৰাকৃতত একেবৰে লোপ পালে। পালিত কিন্তু এই দুই যৌগিক স্বৰ অন্য স্বৰলৈ পৰিৱৰ্তন হ’ল। ‘ঐ’ স্বৰধ্বনি বেচিভাগ ক্ষেত্ৰতে ‘এ’ লৈ পৰিণত হ’ল আৰু কেতিয়াবা ‘ই’ বা ‘ঈ’লৈ পৰিৱৰ্তন হোৱাৰ লগতে কেতিয়াবা ‘অই’যুক্তস্বৰলৈ পৰিৱৰ্তন হ’ল। যেনে—
ঐ>এ—শৈল>সেল
ঐ>ই—সৈন্ধৱ>সিন্ধৱ
ঐ>ঈ—ধৈৰ্য্যম>ধীৰং
ঐ>অই—কৈতৱ>কইতৱ
‘ঔ’ বেচিভাগতে ‘ও’লৈ পৰিণত হ’ল। কেতিয়াবা ‘অ’, ‘আ’, ‘উ’লৈ পৰিৱৰ্তন হোৱাৰ লগতে কেতিয়াবা ‘অউ’যুক্তস্বৰলৈ পৰিৱৰ্তন হ’ল। যেনে—
ঔ>ও—যৌৱন>জোব্বণ
ঔ>অ—সৌম্ম>সম্ম
ঔ>আ—গৌৰৱম>গাৰৱম
ঔ>উ—ঔৎস্যুকং>উস্‌সুক্কং
ঔ>অউ—যৌৱন>জউঅন

উল্লিখিত উল্লেখযোগ্য পৰিৱৰ্তন কেইটাৰ উপৰিও পালি-প্ৰাকৃতত ব্যৱহৃত সংস্কৃত স্বৰধ্বনি সমূহৰো প্ৰয়োজন সাপেক্ষে অন্য স্বৰলৈ পৰিৱৰ্তন হোৱা দেখা যায়। যেনে:
ক) অ>আ, ই, উ, এ:   অশ্ব>আস
চন্দ্ৰমা>চন্দ্ৰিমা
প্ৰলোকয়তি>পুলোএদি
একশয্যা>একসেজ্জা 
খ) আ>অ,ই            :   যথা>যহ
মাত্ৰ>মিত্ত
গ) ই>অ, এ, ও, উ   :   পৃথিৱী>পুহবী
ইত্থা>এত্থ
দ্বিধা>দোহা
ইষু>উসু
ঘ) উ>অ, ই, ও, এ  :    গুৰুক>গৰুঅ
পুৰুষ>পুৰিস
পুষ্কৰ>পোক্‌খৰ 
ডুণ্ডভ>দেড্ডুভ
ঙ) ঊ>অ, ও           :    কৰ্পূৰ>কপ্পৰ
মূল্য>মোল্ল
চ) ও>অ, উ            :    প্ৰকোষ্ঠ>পঅট্‌ঠ 
অন্যোন্য>অণ্ণুণ্ণ
ওপৰৰ উদাহৰণৰ পৰা দেখা যায় এটা কথা স্পষ্ট যে স্বৰান্ত পলি-প্ৰাকৃত বৰ্ণতত্বৰ এক প্ৰধান বৈশিষ্ট্য। এটা স্বৰৰ পৰিৱৰ্তে অন্য এটা স্বৰৰ ব্যৱহাৰৰ প্ৰৱণতা পালি-প্ৰাকৃতত বাৰুকৈয়ে পৰিলক্ষিত হয়। 
উচ্চাৰণৰ মাত্ৰা অনুযায়ী পলি-প্ৰাকৃতৰ স্বৰধ্বনি কেইটাক হ্ৰস্ব আৰু দীৰ্ঘ এই দুটা ভাগত ভাগ কৰিব পাৰি :
হ্ৰস্ব—অ, ই, উ, এ, ও
দীৰ্ঘ—আ, ঈ, ঊ
‘এ’ আৰু ‘ও’ সংবৃত(closed) হ’লে হ্ৰস্ব আৰু বিবৃত (open) হ’লে দীৰ্ঘ হয়।
জিভাৰ অংশ আৰু অৱস্থান অনুযায়ী পালি-প্ৰাকৃতৰ স্বৰকেইটাক তলত দেখুওৱা ধৰণে তালিকাভুক্ত কৰিব পাৰি:

৩) অসমীয়া স্বৰধ্বনি:
সংস্কৃতৰ পৰা পৰিৱৰ্তনৰ বিভিন্ন ধাৰা অতিক্ৰম কৰি পালি-প্ৰাকৃতৰ মাজেৰে আহি অসমীয়া ভাষাই বৰ্তমানৰ ৰূপ পৰিগ্ৰহ কৰিছে। বৰ্ণমালাৰ ক্ষেত্ৰত অসমীয়া বৰ্ণমালা সংস্কৃত বৰ্ণমালাৰ আৰ্হিতে গঠন হ’লেও উচ্চাৰণৰ ক্ষেত্ৰত সংস্কৃত বৰ্ণমালাৰ কেউতা স্বৰবৰ্ণ উচ্চাৰিত নহয়। সংস্কৃতৰ ১৪টা স্বৰবৰ্ণৰ ১১ টা অসমীয়া ভাষাত লিখিত ৰূপত ব্যৱহাৰ হয়। কিন্তু উচ্চাৰণত মাত্ৰ সংস্কৃতৰ ৬টা বৰ্ণহে উচ্চাৰিত হয় যাক বিশিষ্ট ধ্বনি বুলি কোৱা। অসীয়াত ব্যৱহৃত সংস্কৃত মূলীয় বিশিষ্ট ধ্বনিকেইটা হ’ল—অ, আ, ই, উ, এ আৰু ও । উচ্চাৰণত অসমীয়া ভাষাত আৰু দুটা স্বৰধ্বনি পোৱা যায়। সেইকেইটা হ’ল অ’ আৰু এ’। অসমীয়াক বাদ দি সংস্কৃত তথা অন্য কোনো ভাৰতীয় ভাষাত নথকা অ’ আৰু এ’ এই দুই ধ্বনিক বুজাবলৈ বেলেগ আখৰ নথকাত আৰু সংস্কৃত ‘অ’ আৰু ‘এ’ ধ্বনিৰ পৰাই এই ধ্বনি দুটাৰ বিকাশ হোৱা বুলি অসমীয়া ভাষাৰ এই স্বতন্ত্ৰ দুই ধ্বনিক “অ’” আৰু “এ’” আখৰ দুটা অসমীয়া বৰ্ণমালাত সন্নিবিষ্ট হৈছে।
উচ্চাৰণ-কৰণ আৰু উচ্চাৰণ-স্থান অনুযায়ী অসমীয়া ভাষাৰ স্বৰধ্বনিসমূহক তলত দেখুওৱা ধৰণে তালিকাকৰণ কৰিব পাৰি:–

তুলনামূলক আলোচনা:
ওপৰৰ আলোচনাৰ পৰা আমি সংস্কৃত, পালি-প্ৰাকৃত আৰু অসমীয়া স্বৰধ্বনিসমূহৰ আমি তলত বৰ্ণিত ধৰণে আলোচনা কৰিব পাৰোঁ—
সংস্কৃতত ধ্বনি বা বৰ্ণ আৰু আখৰৰ মাজত অটুট মিল আছিল । অৰ্থাৎ সংস্কৃতত যিমানটা স্বৰধ্বনিৰ উচ্চাৰণ হৈছিল আখৰো সিমানেই আছিল। মাত্ৰ  ৠ, ৡ বৰ্ণমালাত লিখিত ৰূপত অন্তৰ্ভুক্ত আছিল যদিও ইহঁতৰ কিন্তু ব্যৱহাৰ নাছিল। অসমীয়া ভাষা সংস্কৃতৰ বিকশিত ফল। সেই হিচাবে অসমীয়া বৰ্ণমালাও সংস্কৃতৰ আৰ্হিতে আজিও প্ৰচলিত। সংস্কৃতত ব্যৱহাৰ হোৱা ১১টা( অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ,ও, ঔ)স্বৰধ্বনি অসমীয়া ভাষাতো লিখিত ৰূপত ব্যৱহাৰ হয়। আনকি বানানৰ ক্ষেত্ৰতো সংস্কৃতৰ কেউটা স্বৰৰ ব্যৱহাৰ অনিবাৰ্য্য। লক্ষ্য কৰিব লগা কথা হ’ল অসমীয়া ভাষাৰ উচ্চাৰণত সংস্কৃতৰ আটাইকেইটা স্বৰ কিন্তু উচ্চাৰিত নহয়। সংস্কৃতৰ ১১টা স্বৰধ্বনিৰ ভিতৰত অসমীয়াত মাত্ৰ ৬টাৰহে উচ্চাৰণ হয়। অসমীয়াত উচ্চাৰিত হোৱা সংস্কৃতৰ স্বৰধ্বনি কেইটা হ’ল অ, আ, ই, উ, এ আৰু ও। অসমীয়া ভাষাত এইকেইটা স্বৰধ্বনিয়ে শব্দত অৰ্থৰ পাৰ্থক্যও ঘটাব পাৰে । সেইকাৰণে সংস্কৃতৰ এইকেইটা স্বৰধ্বনিক অসমীয়াত বিশিষ্ট স্বৰধ্বনি বুলিও কোৱা হয়্
উল্লিখিত সংস্কৃত স্বৰধ্বনিকেইটাৰ উপৰিও অসমীয়া ভাষাত আৰু দুটা স্বৰধ্বনিৰ উচ্চাৰণ হয়। সেই দুটা হ’ল অ’ আৰু এ’। ভাৰত ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত আন কোনো ভাষাতে নথকা এই দুই বৰ্ণই অসমীয়া ভাষাৰ স্বকীয়তা বহন কৰে। অসমীয়া বৰ্ণমালা সংস্কৃত বৰ্ণমালাৰ আৰ্হিতে সংৰক্ষিত হোৱা বাবে অসমীয়া ভাষাৰ নিজা সৃষ্টি এই দুই স্বৰবৰ্ণক বুজাবলৈ সুকীয়া আখৰৰ বাৰুকৈয়ে অভাৱ হোৱাত সংস্কৃতৰ অ আৰু এ আখৰকে ভিত্তি হিচাবে লৈ তাত (’) উৰ্ধকমা সংযোজন কৰি অসমীয়া ভাষাৰ স্বতন্ত্ৰতাক বুজাবলৈ ধৰিলে। অ’আৰু এ’ অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি। একে পৰিৱেশত ইহঁতে শব্দৰ অৰ্থৰ পাৰ্থক্য ঘটাব পাৰে। উদাহৰণ স্বৰূপে—
অ—কলা ( কাণেৰে নুশুনা অৰ্থত)
অ’—ক’লা (ক’লা ৰং)
এ—বেল (এবিধ ফল)
এ’—বে’ল (ঘণ্টা অৰ্থত)
অসমীয়া ভাষাত উচ্চাৰিত উল্লিখিত দুই ধ্বনি সংস্কৃত নতুবা পলি-প্ৰাকৃত ক’তোৱেই নাই। বৰ্ণমালাৰ এনে স্বকীয়তাই বিকশিত হ’লেও অসমীয়া ভাষাৰ মৌলিকতাকে নিশ্চিত কৰে।
স্বৰৰ হ্ৰস্বতা-দীৰ্ঘতাৰ ক্ষেত্ৰতো সংস্কৃত-পালি-প্ৰাকৃত ভাষাৰ লগত অসমীয়া ভাষাৰ বিৰাট অমিল দেখিবলৈ পোৱা যায়। সংস্কৃত আৰু পালি-প্ৰাকৃতত স্বৰৰ হ্ৰস্ব-দীৰ্ঘ বিশিষ্ট ধ্বনি। অৰ্থাৎসংস্কৃত আৰু পালি-প্ৰাকৃতত স্বৰৰ হ্ৰস্ব-দীৰ্ঘই শব্দত অৰ্থৰ পাৰ্থক্য ঘটায়। কিন্তু অসমীয়াত স্বৰৰ হ্ৰস্ব-দীৰ্ঘ বিশিষ্ট ধ্বনি নহয়। অৰ্থাৎ স্বৰধ্বনিৰ হ্ৰস্ব-দীৰ্ঘৰ পাৰ্থক্যই শব্দাৰ্থত পৰিৱৰ্তন আনিব নোৱাৰে। 
স্বৰান্তৰকৰণ পালি-প্ৰাকৃতৰ বৈশিষ্ট্য। সংস্কৃতৰ ১১টা স্বৰধ্বনিৰ পালি-প্ৰাকৃতত ৮টা ৰক্ষিত হ’ল। বাকী ৩টা সংস্কৃত স্বৰধ্বনি পালি-প্ৰকৃতত অ, আ, ই, ঈ, উ, ঊ, এ, ও এই  ৮টা স্বৰধ্বনিলৈ পৰিৱৰ্তন হ’ল।
অসমীয়াত কিন্তু এনে স্বৰান্তকৰণ নাই। অসমীয়া ভাষাৰ লিখিত ৰূপত সংস্কৃত বৰ্ণমালাৰ সক্ৰিয় প্ৰতিটো স্বৰবৰ্ণই ব্যৱহাৰ কৰা হয়। উচ্চাৰণত নাথাকিলেও অসমীয়া বানান প্ৰকৰণতো সংস্কৃতৰ কেউতা স্বৰধ্বনি হুবহু ৰূপত ব্যৱহাৰ হয়।
তলত সংস্কৃত,পালি-প্ৰাকৃত আৰু অসমীয়া স্বৰবৰ্ণমালাৰ তালিকাকৰণ সন্নিৱিষ্ট কৰা হ’ল—

ৰুমী শইকীয়া

অসমীয়া বিভাগ
থং নকবে মহাবিদ্যালয়