Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

MESSAGES

শুভেচ্ছা বাণী – ভবেন কোচ

১৯৮৪ চনত প্ৰতিষ্ঠা লাভ কৰা পাৰ্বত্য জিলা কাৰবি আংলঙৰ ডকমকাত অৱস্থিত থংনকবে মহাবিদ্যালয়ে আৰম্ভণিৰে পৰাই বৃহৎ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিবেষ্টিত ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত থংনকবে মহাবিদ্যালয় যেন এক অৰ্থত পৱিত্ৰ মহামায়া মন্দিৰৰ মহাপীঠ। মহাবিদ্যালয়খনৰ শৈক্ষিক দিশৰ উন্নতিৰ কাৰণে প্ৰতিটো বিভাগেই চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতো অসমীয়া বিভাগে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া সঁচাকৈয়ে আদৰণীয় আৰু প্ৰশংসনীয়। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত ছাত্ৰ ছাত্ৰীসকলৰ সুপ্ত প্ৰতিভাৰাশি বিকশাই তোলাৰ বাবে অসমীয়া বিভাগে অঙ্কুৰণনামেৰে এখন ইআলোচনী প্ৰকাশ কৰি উলিওৱাতো গৌৰৱৰ কথা। অঙ্কুৰণত অঙ্কুৰিত হোৱা শইচসমূহ অসমীয়া বিভাগৰ সম্পদ হিচাপে পৰিগণিত হওক। অঙ্কুৰণেসৃষ্টি কৰক এচাম নতুন লেখকৰ, – যি অসমৰ আকাশত ভৱিষ্যতে একো একোটা উজ্বল জ্যোতিষ্ক হিচাপে পৰিগণিত হব পাৰে ।

অসমীয়া বিভাগলৈ আন্তৰিক শুভ কামনাৰে ——

ভবেন কোচ

প্ৰাক্তন সভাপতি, কাৰবি আংলং জিলা সাহিত্য সভা ১২/০৭/২০২৫