Ankuran
আধুনিক বিশ্বৰ প্ৰতিযোগিতাৰ দৌৰত নিজকে এজন সফল সুনাগৰিক হিচাপে পৰিচয় দিবলৈ হ’লে জীৱনৰ সকলো দিশতে পাৰদৰ্শিতা লাভ কৰিবই লাগিব। সুস্বাস্থ্য আৰু সুচৰিত্ৰৰ গৰাকী হৈ জীৱন পথত আগবাঢ়ি যোৱাজনহে প্ৰকৃত মানুহ হিচাপে সমাজত স্থায়িত্ব লাভ কৰিবলৈ সক্ষম হয় । সমাজত দেখা দিয়া অপতৃণবোৰ মষিমূৰ কৰি এখন সুস্থ সবল সমাজ প্ৰতিষ্ঠা কৰি আধুনিক বিশ্বত নিজকে প্ৰতিষ্ঠা কৰাৰ শিক্ষা ছাত্ৰাৱস্থাৰ পৰাই আহৰণ কৰা উচিত ।
থংনকবে মহাবিদ্যালয়ৰ অসমীয়া বিভাগে তেনে এক উদ্দেশ্য আগত ৰাখিয়েই এখন ই- আলোচনী প্ৰকাশ কৰিবলৈ লোৱা প্ৰচেষ্টাৰ মই শলাগ লোৱাৰ লগতে আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। আশাকৰোঁ ছাত্ৰ -ছাত্ৰীসকলৰো সুপ্ত প্ৰতিভাৰাশি বিকাশৰ ক্ষেত্ৰত আলোচনীখনে প্ৰভূত বৰঙণি আগবঢ়াব ।
সভাপতি কাৰ্বি আংলং জিলা সাহিত্য সভা