Ankuran
প্ৰায় চাৰি দশক পূৰ্বে কাৰবি আংলং জিলাৰ শৈক্ষিক ভাবে বিকাশশীল পৰিবেশৰ মাজত ৰাইজৰ অশেষ কষ্ট অৰু ত্যাগেৰে প্ৰতিস্থা কৰা থংনকবে কলেজ খন আজি কাৰবি আংলং জিলাৰ অগ্ৰণী মহাবিদ্যালয় সমূহৰ ভিতৰত অন্যতম।১৯৮৪ চনৰ পৰা আজিৰ এই অৱস্থাত উপনীত হোৱাৰ দীঘলীয়া পৰিক্ৰমাত মহাবিদ্যালয় খনে বহুতো ভাল-বেয়া দিন অতিক্ৰম কৰি আহিব লগীয়া হৈছে। তথাপিও, বহু সদাশয় ব্যক্তি, অধ্যক্ষ, অধ্যাপক, অধ্যাপিকা আৰু ৰাইজৰ নিৰলস প্ৰচেষ্টাত মহাবিদ্যালয়খনে নিজৰ অগ্ৰগতিৰ ছন্দ অটুট ৰাখিবলৈ সক্ষম হৈছে ।
মই জানিবলৈ পাই নথৈ আনন্দিত হৈছো যে এইবেলি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰী সকলৰ চিন্তন, মনন আৰু সৃজনশীল প্ৰতিভাৰ উৎকৰ্ষ সাধন আৰু বিকাশৰ ঊদ্দেশ্য আগত ৰাখি “অংকুৰণ” নামৰ এখনি সুন্দৰ আলোচনী প্ৰকাশৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। এই সুযোগতে মই অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা প্ৰমূখ্যে সকলো অধ্যাপক-অধ্যাপিকালৈ মোৰ আন্তৰিক ধন্যবাদ জনালো তেওঁলোকৰ সৎ প্ৰচেষ্টাৰ বাবে । “অংকুৰণ” সম্পাদনা সমিতিৰ উপদেষ্টা মন্ডলী, সম্পাদিকা আৰু সমূহ সদস্য- সদস্যালৈ মোৰ আন্তৰিক অভিনন্দন জনালো। “অংকুৰণ” খনি ছাত্ৰ-ছাত্ৰী সকলৰ সুপ্ত প্ৰতিভা আৰু সকলো সম্ভাৱনীয়তাৰ উজ্বল প্ৰতিবিম্ব হৈ জিলিকি থাকক, তাৰ বাবে মোৰ হিয়া ভৰা শুভেচ্ছা জনালো।
প্ৰাক্তন উপাধ্যক্ষা, থংনকবে কলেজ,ডকমকা ২৫-০৭-২০২৪