Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

মৰমৰ মা

মোৰ মৰমৰ মা
তোমাক বিচাৰোঁ সপোনত
কিন্তু নাপাওঁ বিচাৰি দিঠকত ।
আছিল তোমাৰ স’তে পাতিব লগা বহু কথা,
কিন্তু তুমি আজি নাই আমাৰ কাষত।
নাপালোঁ ভাবি,
নোৱাৰিলোঁ বিচাৰি উলিয়াব কাৰণ,
তুমি যে কিয় গৈছিলা এৰি..
কিয় কৰিলা এনে কাম ?
আজিও বৰকৈ মনত পৰে তোমালৈ মা।
আমাক এৰি যাব নালাগিছিল তুমি
তোমাৰ অলপো বেয়া নালগিল !
এবাৰো নাভাবিলা আমাৰ কথা মা,
আছিলোঁ যে মই মাত্ৰ ছমাহৰ পানী কেঁচুৱা ..

ধনঞ্জয় শৰ্মা

প্ৰাক্তন ছাত্ৰ, ২০২০