Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

মোৰ জীৱন

আধৰুৱা মোৰ জীৱন
আধৰুৱা মোৰ সপোন
ভাৱনাৰ সাগৰত ডুব গৈ ,
ৰচিছিলোঁ বহু সপোন।
হঠাৎ,
ফাগুনৰ পচোৱাই ভাঙি
নিয়া
ঘৰ ‌‌- দুৱাৰবোৰৰ দৰে
ভাঙি- চিঙি চুৰমাৰ হ’ল
মোৰ হেঁপাহৰ সপোন।
প্রতিটো দুখ ক্ৰয় কৰি
পুনৰ ৰচোঁ একোটি সুন্দৰ সপোন
সিও হৈ পৰে আধৰুৱা
নিজৰ মাজতে হেৰাই গৈছো
বিচাৰি জীৱনৰ উত্তৰ।
সিও আধৰুৱা
তথাপিও,
জীৱনৰ বিষন্নতা নেওচি ধৈৰ্যৰে আছো
এটি সুন্দৰ জীৱনৰ সন্ধানত।

সুস্মীতা ৰয়

প্ৰাক্তন ছাত্ৰী, ২০১৯