Ankuran

E-Magazine of Department of Assamese - Thong Nokbe College

অংকুৰণ (ই-আলোচনী)

অসমীয়া বিভাগ, থং নকবে মহাবিদ্যালয়,ডকমকা​

কবিতা

মুখা

চকুৰে দেখা পোৱা
সকলো নহয় সচাঁ
মুখৰ কথাত কাকনো
আপোন বুলিবা?
সন্মুখত ৰসাল কথা
পিঠি দিলে সমালোচনা
মুখাৰ আঁৰৰ মুখ
সহজ নহয় চিনি পোৱা।
স্বাৰ্থপৰ লোকেৰে
পৰিপূৰ্ণ আজিৰ পৃথিৱী,
স্বাৰ্থ সিদ্ধি হলে
পাহৰি যায় !
কোন ? কাৰ চিনাকি ?

🖋️ ৰজনী মেধি